‘দুৰ্নীতি মুক্ত নহয়, দুৰ্নীতি যুক্ত বিজেপি, দুৰ্নীতি যুক্ত চৰকাৰ’- বিজেপিক কটাক্ষ লুৰিণজ্যোতি গগৈৰ

News18 Assam | News18-Assam
Updated:October 18, 2020, 8:49 PM IST
‘দুৰ্নীতি মুক্ত নহয়, দুৰ্নীতি যুক্ত বিজেপি, দুৰ্নীতি যুক্ত চৰকাৰ’- বিজেপিক কটাক্ষ লুৰিণজ্যোতি গগৈৰ
নাজিৰাৰ গেলেকী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত দেওবাৰে ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ এটি প্ৰতিমূৰ্তি উন্মোচন কৰা হয়

নাজিৰাৰ গেলেকী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত দেওবাৰে ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ এটি প্ৰতিমূৰ্তি উন্মোচন কৰা হয়

  • Share this:
নাজিৰাৰ গেলেকী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত দেওবাৰে ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ এটি প্ৰতিমূৰ্তি উন্মোচন কৰা হয় ৷ সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি উন্মোচনী অনুষ্ঠানত উন্মোচক হিচাপে উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ। এই উদ্বোধনী অনুষ্ঠানত লুৰিণজ্যোতি গগৈয়ে বহু গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।

শাসনত থকা বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি দুৰ্নীতিমুক্ত চৰকাৰৰ পৰিৱৰ্তে দুৰ্নীতি যুক্ত বিজেপি আৰু দুৰ্নীতি যুক্ত চৰকাৰ গঢ়িলে বুলি বিজেপিক কটাক্ষ কৰিলে লুৰিণজ্যোতি গগৈয়ে। ইয়াৰোপৰি আছুত উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যক একাষৰীয়া কৰাক লৈ সাংবাদিকে প্ৰশ্ন কৰাত লুৰিণ জ্যোতি গগৈয়ে কয় যে, ‘সদৌ অসম ছাত্ৰ সন্থাৰ ক্ষেত্ৰখনত সাংবিধানিক পদমৰ্যাদা সকলোৰে সমান। কোনো ধৰণৰ বিবাদ থাকিবই নোৱাৰে। সদৌ অসম ছাত্ৰ সন্থাক হেয় কৰাৰ এয়া এক অপ প্ৰচাৰ মাথো।’

লুৰিণ জ্যোতি গগৈয়ে চৰকাৰৰ নতুন শিক্ষানীতিৰ সন্দৰ্ভতো মন্তব্য প্ৰকাশ কৰে ৷ লগতে  ছৈয়দ আব্দুল মালিক আৰু বদৰুদ্দিন আজমল সন্দৰ্ভতো মন্তব্য প্ৰকাশ কৰে।
Published by: Himangshu Bhuyan
First published: October 18, 2020, 8:49 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading