உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • uncategorized
    • »
    • দেওবাৰে মিনি দিছপুৰত পৰিণত হ’ব নলবাৰীৰ এখন বিশেষ গাঁও, কিহৰ বাবে এই দিনটোত ভিৰ কৰেহি মন্ত্ৰী–বিধায়কে?

    দেওবাৰে মিনি দিছপুৰত পৰিণত হ’ব নলবাৰীৰ এখন বিশেষ গাঁও, কিহৰ বাবে এই দিনটোত ভিৰ কৰেহি মন্ত্ৰী–বিধায়কে?

    বিগত কেইবা বছৰ ধৰি এটা বিশেষ দিনত মিনি দিছপুৰলৈ পৰ্যবশিত হৈ আহিছে নলবাৰীৰ আজাৰা গাঁৱৰ এই ঘৰখন৷

    বিগত কেইবা বছৰ ধৰি এটা বিশেষ দিনত মিনি দিছপুৰলৈ পৰ্যবশিত হৈ আহিছে নলবাৰীৰ আজাৰা গাঁৱৰ এই ঘৰখন৷

    বিগত কেইবা বছৰ ধৰি এটা বিশেষ দিনত মিনি দিছপুৰলৈ পৰ্যবশিত হৈ আহিছে নলবাৰীৰ আজাৰা গাঁৱৰ এই ঘৰখন৷

    • Share this:
    দেওবাৰে মিনি দিছপুৰত পৰিণত হ'ব নলবাৰী৷ নলবাৰীৰ এখন বিশেষ গাঁৱত দেওবাৰে উপস্থিত থাকিব অসম চৰকাৰৰ অধিকাংশ মন্ত্ৰী–বিধায়ক৷ মন্ত্ৰী-বিধায়কৰে ভৰিব নলবাৰীৰ আজাৰা গাঁও।

    বিগত কেইবা বছৰ ধৰি এটা বিশেষ দিনত মিনি দিছপুৰলৈ পৰ্যবশিত হৈ আহিছে নলবাৰীৰ আজাৰা গাঁৱৰ এই ঘৰখন৷ ঘৰখনত বছৰৰ এক বিশেষ দিনত আয়োজিত হয় মনসা পূজা৷ এইবাৰ এই বিশেষ শুভ দিনটো পৰিছে অহা দেওবাৰে৷ সেই দিনটোত পূজাত ভাগ ল'বলৈ হেতা–ওপৰা লাগিব মন্ত্ৰী বিধায়ককে ধৰি বিজেপিৰ নেতা–পালিনেতালৈকে৷

    ঘৰখন আন কাৰো নহয়, বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰনাথ শৰ্মাৰ৷ নক'লেও হ'ব অসম প্ৰদেশ বিজেপিত সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰনাথ শৰ্মাৰ প্ৰতাপ কিমান! অসম প্ৰদেশ বিজেপিৰ লগতে ত্ৰিপুৰা বিজেপিৰ সংগঠনৰ দায়িত্বত থকা ফণীন্দ্ৰনাথ শৰ্মাৰ বাসগৃহত পিতৃ পুৰুষৰ পৰাই চলি আহিছে মা মনসাৰ পূজা৷ মাজতে বন্ধ হৈছিল যদিও এক সপোনৰ ফলশ্ৰুতিত পুনৰ আৰম্ভ হৈছে ঘৰখনত মনসা পূজা৷ পুনৰ আৰম্ভ কৰাৰ পৰা বিগত ১১বছৰ ধৰি চলি আছে পূজাভাগ৷

    অকল গাওঁবাসীয়েই নহয় আনবাৰৰ দৰে মুুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীকে ধৰি অধিকাংশ মন্ত্ৰী এইবেলিও উপস্থিত থাকি আশিস ল'ব মা মনসাৰ৷ বিগত বৰ্ষৰ দৰে এইবাৰো উপস্থিত থাকিব ৰাজ্যিক বিজেপিৰ সভাপতিকে দলটোৰ অধিকাংশ বিষয়ববীয়া ৷ আনকি সেই দিনটোত সাংগঠনিক সাধাৰণ সম্পাদকগৰাকীৰ গুড বুকত নাম ৰাখিবলৈ ভিৰ কৰা দেখা যাব বহু প্ৰাৰ্থিত্ব প্ৰত্যাশীক!
    Published by:Sanjay Kumar Das
    First published: