ভাল খবৰ! ১ এপ্ৰিলৰ পৰা বৃদ্ধি পাব চৰকাৰী কৰ্মচাৰীৰ দৰমহা, জানি লওক সবিশেষ

News18 Assam | News18-Assam
Updated:March 11, 2021, 4:31 PM IST
ভাল খবৰ! ১ এপ্ৰিলৰ পৰা বৃদ্ধি পাব চৰকাৰী কৰ্মচাৰীৰ দৰমহা, জানি লওক সবিশেষ
কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে আহিছে এটা ভাল খবৰ।

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে আহিছে এটা ভাল খবৰ।

  • Share this:
কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ। ১ এপ্ৰিলৰ পৰা বাঢ়িব পাৰে দৰমহা। মাহিলী দৰমহাৰ ক্ষেত্ৰত হ'বলগীয়া সাল-সলনিৰ পিছতেই বাঢ়িব পাৰে দৰমহা।

কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ লাখ লাখ কৰ্মচাৰীয়ে বিগত কিছু সময় ধৰি সপ্তম দৰমহা আয়োগ কাৰ্যকৰী হোৱাৰ বাবে অপেক্ষা কৰি আছে। চলিত বৰ্ষৰ ১ এপ্ৰিলৰ পৰাই দেশত নতুন বেতন কোড (New Wage Code )ৰূপায়ণ কৰা হ'ব বুলিও আশা কৰা হৈছে আৰু  ইয়াৰ পিছতে কৰ্মচাৰীসকলৰ দৰমহাৰ গাঁথনি সলনি হ'ব।

এই পৰিৱৰ্তনে কৰ্মচাৰীসকলৰ টেক হোম দৰমহাত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলাব । নতুন নিয়ম অনুসৰি, আপোনাৰ বেচিক দৰমহা, মুঠ দৰমহাৰ ৫০ শতাংশ হ'ব। একে সময়তে, আপোনাৰ ভৱিষ্যত নিধি বা পি এফতো অধক পৰিমাণে ধন জমা হ'ব। ইয়াৰ উপৰিও, সপ্তম দৰমহা আয়োগ কাৰ্যত ৰূপায়ণ কৰাৰ পিছতে বাঢ়িব পাৰে দৰমহা।

ইয়াৰ দ্বাৰা উপকৃত হ'ব দেশৰ ১ কোটি কৰ্মচাৰী -

২০১৪ চনতে আয়োগৰ পৰামৰ্শ গ্ৰহণ কৰা হৈছিল।  কিন্তু ইয়াক এতিয়ালৈকে ৰূপায়ণ কৰা হোৱা নাই । আশা কৰা হৈছে যে, চৰকাৰে অতি শীঘ্ৰেই এই নতুন ব্যৱস্থাক কাৰ্যত ৰূপ দিব।এই সিদ্ধান্তৰ ফলত দেশৰ প্ৰায় ১ কোটি কৰ্মচাৰী উপকৃত কৰিব । ইয়াত ৫০ লাখ কেন্দ্ৰীয় কৰ্মচাৰী আৰু ৫৮ লাখ পেঞ্চনাৰ অন্তৰ্ভূক্ত হৈ আছে।

আয়োগৰ পৰামৰ্শ অনুসৰি, প্ৰাৰম্ভিক কৰ্মচাৰীসকলৰ ন্যূনতম দৰমহা ৭ হাজাৰ টকাৰ পৰা ১৮ হাজাৰ টকালৈ বৃদ্ধি কৰা হৈছে। তদুপৰিপ্ৰথম শ্ৰেণীৰ বিষয়াৰ ন্যূনতম দৰমহা ৫৬,১০০ টকা নিৰ্ধাৰণ কৰা হৈছিল। লক্ষণীয় যে সপ্তম বেতন আয়োগে দৰমহা, ভাট্টা, পেঞ্চন ত প্ৰায় ২৩.৫৫ শতাংশ বৃদ্ধিৰ পৰামৰ্শ দিছিল ।

সপ্তম বেতন আয়োগে নতুন পে' মেট্ৰিক্স ঘোষণা কৰিছে। পে' মেট্ৰিক্সৰ দ্বাৰা কেন্দ্ৰীয় কৰ্মচাৰীসকলে তেওঁলোকৰ কেৰিয়াৰৰ আৰম্ভণিতে সমগ্ৰ কেৰিয়াৰত হ'বলগীয়া দৰমহাৰ বিকাশৰ মূল্যাংকন কৰিবলৈ সক্ষম হ'ব। অসামৰিক কৰ্মচাৰী, প্ৰতিৰক্ষা বাহিনী আৰু সামৰিক নাৰ্চিং সেৱাৰ (এমএনএছ) বাবে পৃথক পে' মেট্ৰিক্স প্ৰস্তুত কৰা হৈছে। এতিয়াৰে পৰা  ইয়াৰ ওপৰত ভিত্তি কৰিয়েই কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি পাব ।

ইয়াৰোপৰি চৰকাৰে DA আৰু DRৰ তিনিটা কিস্তি শীঘ্ৰে পৰিশোধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বিত্ত মন্ত্ৰণালয়ে মঙলবাৰে আশ্বাস দিছিল যে, কেন্দ্ৰীয় কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বন্ধ হৈ থকা তিনিটা কিস্তি  অতি শীঘ্ৰে সিদ্ধান্ত গ্ৰহণৰ দ্ধাৰা পুনৰ বাহাল কৰা হ'ব ।
Published by: Himangshu Bhuyan
First published: March 11, 2021, 4:31 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি