ছুপাৰ ছাইক্ল’ন আমফানত ১২জনৰ মৃত্যু, কেইবাটাও অঞ্চলত ব্যাহত বিদ্যুৎ–ইণ্টাৰনেট সেৱা

News18 Assam | News18-Assam
Updated:May 21, 2020, 9:31 AM IST
ছুপাৰ ছাইক্ল’ন আমফানত ১২জনৰ মৃত্যু, কেইবাটাও অঞ্চলত ব্যাহত বিদ্যুৎ–ইণ্টাৰনেট সেৱা
পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে দাবী কৰে যে এই ঘূৰ্ণী বতাহ কোৰোণা ভাইৰাছৰ দুৰ্যোগতকৈ ভয়ংকৰ।

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে দাবী কৰে যে এই ঘূৰ্ণী বতাহ কোৰোণা ভাইৰাছৰ দুৰ্যোগতকৈ ভয়ংকৰ।

  • Share this:
ছুপাৰ ছাইক্ল’ন আমফানে ওড়িশা আৰু পশ্চিম বংগত দেখুৱাইছে সংহাৰী ৰূপ। এই ঘূৰ্ণী বতাহত পশ্চিম বংগ আৰু ওড়িশাত প্ৰায় ১২জন লোকৰ মৃত্যু হৈছে। কেইবাটাও অঞ্চলত বৃহৎ ক্ষতিসাধন হৈছে এই ঘূৰ্ণী বতাহত। বুধবাৰে দুপৰীয়া আঢ়ৈ বজাৰ ভিতৰত পশ্চিম বংগৰ দীঘা আৰু বাংলাদেশৰ হাতিয়া দ্বীপৰ মাজৰ উপকূলত খুন্দা মাৰে আমফানে। বতাহৰ গতিবেগ বৰ্তমান কমিছে আৰু এই ঘূৰ্ণী বতাহ বাংলাদেশৰ দিশে গতি কৰিছে।

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে দাবী কৰে যে এই ঘূৰ্ণী বতাহ কোৰোণা ভাইৰাছৰ দুৰ্যোগতকৈ ভয়ংকৰ। এই ঘূৰ্ণী বতাহত ১০–১২জন লোকৰ মৃত্যু হৈছে। দীঘা উপকূলত দেখা গৈছে সাগৰৰ ওখ ঢৌ। মূষলধাৰ বৰষুণৰ ফলত কেইবাটাও স্থান জলমগ্ন হৈ পৰিছে। বতা–বৰষুণৰ ফলত কেঁচা ঘৰ বাগৰি পৰিছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ মতে, উত্তৰ ২৪ পৰগনা আরু পূব মেদিনীপুৰ জিলাত ১৬০–১৭০ কিলোমিটাৰ প্ৰতিঘণ্টা গতিত বতাহ বলিছিল। এই বতাহৰ গতি ১৮৫ কিলোমিটাৰ পৰ্যন্ত হৈছিলগৈ।
First published: May 21, 2020, 9:30 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading