মুখ্যপৃষ্ঠা »খবৰ »প্ৰযুক্তি »Whatsappৰ জৰিয়তে এই উপায়েৰে ডাউনলোড কৰিব পাৰে PAN, Driving Licenceৰ দৰে বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ

Whatsappৰ জৰিয়তে এই উপায়েৰে ডাউনলোড কৰিব পাৰে PAN, Driving Licenceৰ দৰে বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ

Whatsappৰ জৰিয়তে এই উপায়েৰে ডাউনলোড কৰিব পাৰে PAN, Driving Licenceৰ দৰে বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ

Whatsappৰ জৰিয়তে এই উপায়েৰে ডাউনলোড কৰিব পাৰে PAN, Driving Licenceৰ দৰে বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ

Whatsapp এতিয়া কেৱল জনপ্ৰিয় মেছেজিং এপ নহয়। বাৰ্তালাপৰ বাহিৰেও ইয়াত আন বহুতো বৈশিষ্ট্য ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ জৰিয়তে আপুনি PAN, DL সহ বহুতো নথি-পত্ৰ সহজে ডাউনলোড কৰিব পাৰিব। ইয়াৰ প্ৰক্ৰিয়াটো জানো আহকঃ

  • Share this:
তৎক্ষণাত বাৰ্তা প্ৰেৰণ কৰা এপ Whatsapp আমাৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংগ হৈ পৰিছে। পৰিয়ালৰ কামেই হওক বা অফিচৰ কামেই হওক, ই সকলোতে যোগাযোগৰ সহজ মাধ্যম হৈ পৰিছে। একে সময়তে এতিয়া Whatsappৰ জৰিয়তেও DigiLockerত প্ৰৱেশ কৰিব পাৰিব। আচলতে WhatsApp ৰ জৰিয়তে MyGov Helpdesk চেটবটত DigiLocker সেৱা ব্যৱহাৰ কৰিব পাৰিব।

MyGov Helpdesk হৈছে WhatsApp ৰ এটা chatbot ভিত্তিক সেৱা, যাৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে DigiLocker ব্যৱহাৰ কৰি বহুতো গুৰুত্বপূৰ্ণ নথিপত্ৰ ডাউনলোড কৰিব পাৰে। ইয়াৰ ভিতৰত ড্ৰাইভিং লাইচেন্স, গাড়ী বা বাইকৰ বীমা কপি আৰু ৰেজিষ্ট্ৰেচন চাৰ্টিফিকেট (RC) আৰু বহুতো। Whatsapp ব্যৱহাৰকাৰীয়ে কিছু পদক্ষেপ অনুসৰণ কৰি এই নথিসমূহ ডাউনলোড কৰিব পাৰিব। এইদৰে, নথিপত্ৰসমূহ ডাউনলোড কৰাৰ বাবে প্ৰয়োজনীয় চৰ্তটো হ'ল এই নথিপত্ৰসমূহ প্ৰথমে ব্যৱহাৰকাৰীসকলৰ DigiLocker ত সংৰক্ষণ বা জমা ৰাখিব লাগিব।

WhatsApp ৰ জৰিয়তে কেনেকৈ নথিপত্ৰ ডাউনলোড কৰিব

  • প্ৰথমে 9013151515 মোবাইল নম্বৰটো MyGov HelpDesk হিচাপে চেভ কৰক।

  • তাৰ পিছত WhatsApp খুলি New Chat ৰ বিকল্পত যাওক।

  • এতিয়া ব্যৱহাৰকাৰীয়ে MyGov HelpDesk চেটত Namaste বা Hi টাইপ কৰিব লাগিব।

  • এই বাৰ্তালাপত আপোনাক DigiLocker সেৱা বাছি ল'বলৈ কোৱা হ'ব।

  • ইয়াৰ পিছত DigiLocker সেৱাসমূহ নিৰ্ব্বাচন কৰক।

  • এতিয়া chatbot এ আপোনাক DigiLocker একাউণ্টৰ বিষয়ে সুধিব।

  • ইয়াৰ পিছত DigiLocker একাউণ্টটো ১২ অংকৰ আধাৰ নম্বৰৰ সৈতে লিংক কৰি প্ৰমাণীকৰণ কৰিব লাগিব। আপোনাৰ মোবাইল নম্বৰ OTPৰ জৰিয়তে পঞ্জীয়ন কৰা হ’ব।

  • এতিয়া Digilocker একাউণ্টৰ সৈতে লিংক নথিখন চেটবট তালিকাত ওলাব।

  • ইয়াত ডাউনলোড, টাইপ, পঠোৱা নম্বৰৰ বিকল্প ওলাব।

  • এইদৰে নথিখন ডাউনলোডৰ বাবে উপলব্ধ হ’ব।

শেহতীয়া বাতৰি