Xiaomi Redmi Note 11 sale: স্মাৰ্টফোন নিৰ্মাতা ৰেডমিৰ নতুন স্মাৰ্টফোন Redmi Note 11 আজিৰ পৰা ই-কমাৰ্চ কোম্পানী আমাজনত বিক্ৰী হৈ আছে। এই ফোনটো তিনিটা প্ৰকাৰত মুকলি কৰা হৈছে। কোম্পানীটোৱে ৰেডমি নোট ১১ ফোনৰ বিক্ৰীত এক বিশেষ ৰেহাই আগবঢ়াইছে। এই ৰেডমি নোট ১১ স্মাৰ্টফোনটো আমাজনত এটা ডাঙৰ ৰেহাইত ক্ৰয় কৰিব পাৰি।
ৰেহাই কেনেদৰে প্ৰাপ্ত কৰিব
Redmi Note 11ৰ স্মাৰ্টফোন তিনিটা প্ৰকাৰত বিক্ৰীৰ বাবে উপলব্ধ। কোম্পানীটোৱে 4GBRAM+ 64GB Storage ক্ষমতাৰ ফোনটোৰ মূল্য ১২,৪৯৯ টকা। 6GBRAM+ 64GB ষ্ট'ৰেজ ক্ষমতাৰ স্মাৰ্টফোনটোৰ মূল্য আছিল ১৩,৪৯৯ টকা আৰু 6GBRAM+ 128GB ষ্ট'ৰেজ ক্ষমতা থকা ফোনটোৰ মূল্য আছিল ১৪,৯৯৯ টকা।এই ফোনবোৰ ক্ৰয় কৰাৰ পিছত, আপুনি বেঙ্ক অফ বৰোদা কাৰ্ডৰ পৰা পৰিশোধৰ ওপৰত তাৎক্ষণিক ৰেহাই ১০% লাভ কৰিব।
Redmi Note 11 Specifications: ৰেডমি নোট 11 ফোনটোত 90হাৰ্জ এফএইচডি+ এমোলেড ডিচপ্লে আছে। ইয়াত এটা 5000 এমএএইচ বেটাৰী আছে যি 33 ৱাট প্ৰ' ফাষ্ট চাৰ্জ সমৰ্থন কৰে। এই স্মাৰ্টফোনটোত 50 মেগাপিক্সেল এআই কোৱাড কেমেৰা ছেটআপ আছে। ইয়াৰ সৈতে 8 মেগাপিক্সেলৰ অতি-বহল কেমেৰা, 2 মেগাপিক্সেলৰ মেক্ৰ' আৰু 2 মেগাপিক্সেলৰ গভীৰতা কেমেৰা আছে। ছেলফিৰ বাবে 13 মেগাপিক্সেল ফ্ৰণ্ট কেমেৰা আছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|