ৰবট মানেই প্ৰাণহীন জটিল অংশৰ সংমিশ্ৰণ, যি সহজে যথেষ্ট কাম কৰিব পাৰে, যি মানুহৰ বাবেও সম্ভৱ নহয়।
কিন্তু ৰবটে যদি পাই প্ৰাণ? যদি ই জীৱ-জন্তুৰ দৰে 'জীৱিত' প্ৰাণী (living robots)! আৰু যদি ইয়াৰ থাকে প্ৰজনন কৰাৰ ক্ষমতাও!
যদিও এই তথ্য বিস্ময়কৰ, আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিজ্ঞানীৰ এটা গোটে এনে ৰবট বিকশিত কৰা বুলি দাবী জনাইছে। তেওঁলোকে ইয়াক আফ্ৰিকান ভেকুলীৰ নামেৰে জেনোবটছ (Xenobots) নাম দিছে।
বিজ্ঞানীসকলে দাবী কৰে যে এই ৰবটটোৱে বংশবৃদ্ধি কৰিব পাৰিলেও ই উদ্ভিদ বা জন্তুতকৈ সম্পূৰ্ণ পৃথক। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবাদ মাধ্যম চিএনএনৰ এক প্ৰতিবেদন অনুসৰি, ৰবটটো জেনোপাছ লেভিছ নামৰ এটা আফ্ৰিকান ভেকুলীৰ (African clawed frog) ষ্টেম কোষৰ পৰা গঠন কৰা হৈছে। ৰবটটো এক মিলিমিটাৰতকৈও কম দীঘল।
ভাৰমন্ট বিশ্ববিদ্যালয় ( University of Vermont), টাফ্টছ বিশ্ববিদ্যালয় আৰু হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ ওৱেচিছ ইনষ্টিটিউট ফৰ বায়োলজিকেলী ইনমাইগ্ৰেড ইঞ্জিনিয়াৰিঙৰ গৱেষকসকলে ৰবটটোৰ অধ্যয়নৰ ওপৰত কাম কৰিছে।
![]()
ছবি : টাফটচ বিশ্ববিদ্যালয়ৰ সৌজন্যত
তিনিখন বিশ্ববিদ্যালয়ৰ গৱেষকৰ সৈতে কাম কৰা এজন বিজ্ঞানী ছেম ক্ৰিগমেনে কয়, "আমি এই সৰু ৰবটটোৱে কেনেধৰণৰ কাম কৰিব পাৰে তাক জানিবলৈ চেষ্টা কৰিছোঁ। আমি বিচাৰি পোৱাৰ দৰে ই পাত্ৰটো পৰিষ্কাৰ কৰিব পাৰে।''
এই জেনোবটছবোৰে কেনেকৈ বংশবৃদ্ধি কৰে?
ভাৰমন্ট বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞান আৰু ৰবটিক্স বিশেষজ্ঞৰ অধ্যাপক জছ বংগাৰ্ডে কয় যে জেনোবটছে বংশবৃদ্ধিৰ ক্ষেত্ৰত ভেকুলীৰ ভ্ৰূণৰ পৰা ষ্টেম কোষ পৃথক কৰি প্ৰজননৰ বাবে এক উপযুক্ত পৰিৱেশ প্ৰদান কৰে। কিন্তু কোনো জিনগত পৰিৱৰ্তন নানে। ই নিজে কাম কৰিব পাৰে। যিহেতু ই জেনেটিকেলী অপৰিৱৰ্তিত ভেকুলীৰ কোষৰ পৰা তৈয়াৰ কৰা হয়। ৩,০০০ কোষ ব্যৱহাৰ কৰি তৈয়াৰ কৰা এই গোলক আকৃতিৰ ৰবটটোৱে প্ৰজনন কৰিব পাৰে- অৰ্থাৎ, জেনোবটছবোৰ এফালে ৰবট, লগতে জীৱো!
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in Assameseঅসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|