• Home
  • »
  • News
  • »
  • technology
  • »
  • Indian Railways | Tallest Rail Bridge Piers : বিশ্বৰ সৰ্বোচ্চ ওখ খুঁটা ৰে'লৰ দলং নিৰ্মাণ কৰি আছে ভাৰতীয় ৰে'ল মন্ত্ৰালয়ে, উত্তপূৱত ডাঙৰ প্ৰকল্প, চাওক ফটো

Indian Railways | Tallest Rail Bridge Piers : বিশ্বৰ সৰ্বোচ্চ ওখ খুঁটা ৰে'লৰ দলং নিৰ্মাণ কৰি আছে ভাৰতীয় ৰে'ল মন্ত্ৰালয়ে, উত্তপূৱত ডাঙৰ প্ৰকল্প, চাওক ফটো

বিশ্বৰ সৰ্বোচ্চ ওখ ৰে'লৰ দলং

বিশ্বৰ সৰ্বোচ্চ ওখ ৰে'লৰ দলং

Indian Railways | Tallest Rail Bridge Piers : এই ৰে'লৱে দলংখন ১৪১ মিটাৰ উচ্চতাৰ খুঁটাত নিৰ্মাণ কৰা হৈছে যিখন এটা ৩৪ মহলীয়া অট্টালিকাৰ সমান ওখ। দলংখন কুতুব মিনাৰ (Qutub Minar)ৰ তুলনাত প্ৰায় দুগুণ ওখ হ'ব।

  • Share this:
বিশ্বৰ সৰ্বোচ্চ ওখ ৰে'লৰ দলং। Indian Railways is constructing the world's tallest bridge in Manipur
ভাৰতীয় ৰে'লৱে (Indian Railways) ই মণিপুৰ (Manipur)ত বিশ্বৰ আটাইতকৈ ওখ ৰে'লৰ দলং নিৰ্মাণ কৰি আছে যিটো ১১১ কিলোমিটাৰ দীঘল জিৰিবাম-ইম্ফল ৰে'ল প্ৰকল্প (Jiribam-Imphal railway project)ৰ এটা গুৰুত্বপূৰ্ণ অংশ।


Indian Railways is constructing the world's tallest bridge in Manipur
এই দলংখন ১৪১ মিটাৰ উচ্চতাৰ খুঁটাত নিৰ্মাণ কৰা হৈছে যিখন এটা ৩৪ মহলীয়া অট্টালিকাৰ সমান ওখ। দলংখন কুতুব মিনাৰ (Qutub Minar)ৰ তুলনাত প্ৰায় দুগুণ ওখ হ'ব।


দলংখনৰ খুঁটাৰ উচ্চতাই ইউৰোপৰ মণ্টেনিগ্ৰোত থকা ১৩৯ মিটাৰ ওখ মালা-ৰিজেকা ভায়াডাক্ট (Mala-Rijeka viaduct)ৰ অভিলেখ ভংগ কৰিছে। Indian Railways is constructing the world's tallest bridge in Manipur
দলংখনৰ খুঁটাৰ উচ্চতাই ইউৰোপৰ মণ্টেনিগ্ৰোত থকা ১৩৯ মিটাৰ ওখ মালা-ৰিজেকা ভায়াডাক্ট (Mala-Rijeka viaduct)ৰ অভিলেখ ভংগ কৰিছে।


Indian Railways is constructing the world's tallest bridge in Manipur/ উত্তৰ-পূবৰ ৰাজ্যখনক দেশৰ বাকী অংশৰ সৈতে সংযোগ কৰিবলৈ নিৰ্মাণ কৰা এক নতুন ব্ৰডগজ লাইনৰ অংশ হিচাপে নিৰ্মাণ কৰা এই দলংখন গোটেই পথটোত থকা ১৪৮ খন দলঙৰ ভিতৰত এখন। এই প্ৰকল্পটোত মুঠ ৪৫টা টানেল আছে। ১১১ কিলোমিটাৰ দীঘল জিৰিবাম-ইম্ফল ৰে'ল প্ৰকল্পৰ আটাইতকৈ দীঘল হ'ব ১০.২৮০ কিলোমিটাৰ দৈৰ্ঘ্যৰ টানেল নং ১২। এইটো উত্তৰ-পূৰ্বাঞ্চলৰ আটাইতকৈ দীঘল ৰেল সুৰংগ হোৱাৰ সম্ভাৱনা আছে।
উত্তৰ-পূবৰ ৰাজ্যখনক দেশৰ বাকী অংশৰ সৈতে সংযোগ কৰিবলৈ নিৰ্মাণ কৰা এক নতুন ব্ৰডগজ লাইনৰ অংশ হিচাপে নিৰ্মাণ কৰা এই দলংখন গোটেই পথটোত থকা ১৪৮ খন দলঙৰ ভিতৰত এখন। এই প্ৰকল্পটোত মুঠ ৪৫টা টানেল আছে। ১১১ কিলোমিটাৰ দীঘল জিৰিবাম-ইম্ফল ৰে'ল প্ৰকল্পৰ আটাইতকৈ দীঘল হ'ব ১০.২৮০ কিলোমিটাৰ দৈৰ্ঘ্যৰ টানেল নং ১২। এইটো উত্তৰ-পূৰ্বাঞ্চলৰ আটাইতকৈ দীঘল ৰেল সুৰংগ হোৱাৰ সম্ভাৱনা আছে।


Indian Railways is constructing the world's tallest bridge in Manipur/ দলংখনৰ মুঠ দৈৰ্ঘ্য হ'ব ৭০৩ মিটাৰ। উত্তৰ-পূব সীমান্ত ৰে'লৱে (Northeast Frontier Railway )ৰ বিষয়াসকলৰ মতে 'দলংখন প্ৰায় ২৫ টন এক্সেল-লোড মালবাহী ৰে'ল কঢ়িয়াই নিয়াৰ বাবে নিৰ্মাণ কৰা হৈছে।' দলংখন ইম্ফলৰ পৰা প্ৰায় ৬৫ কিলোমিটাৰ পশ্চিমে নোনি জিলাৰ মাৰাংচিং গাঁৱৰ পাহাৰীয়া অঞ্চলত অৱস্থিত। ৰে'লৱে দলঙখনৰ মুঠ আনুমানিক ব্যয় হৈছে প্ৰায় ২৮০ কোটি টকা। আনহাতে প্ৰকল্পটো সম্পূৰ্ণ কৰাৰ নিৰ্ধাৰিত লক্ষ্য হৈছে মাৰ্চ ২০২২ৰ ভিতৰত।
দলংখনৰ মুঠ দৈৰ্ঘ্য হ'ব ৭০৩ মিটাৰ। উত্তৰ-পূব সীমান্ত ৰে'লৱে (Northeast Frontier Railway )ৰ বিষয়াসকলৰ মতে 'দলংখন প্ৰায় ২৫ টন এক্সেল-লোড মালবাহী ৰে'ল কঢ়িয়াই নিয়াৰ বাবে নিৰ্মাণ কৰা হৈছে।' দলংখন ইম্ফলৰ পৰা প্ৰায় ৬৫ কিলোমিটাৰ পশ্চিমে নোনি জিলাৰ মাৰাংচিং গাঁৱৰ পাহাৰীয়া অঞ্চলত অৱস্থিত। ৰে'লৱে দলঙখনৰ মুঠ আনুমানিক ব্যয় হৈছে প্ৰায় ২৮০ কোটি টকা। আনহাতে প্ৰকল্পটো সম্পূৰ্ণ কৰাৰ নিৰ্ধাৰিত লক্ষ্য হৈছে মাৰ্চ ২০২২ৰ ভিতৰত।


Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Manjumoni Borah
First published: