আমাৰ দৈনন্দিন জীৱনত এনে বহুত বস্তু দেখা পাওঁ যিবোৰৰ কাৰণ বিচাৰি নাপাওঁ, কিন্তু সেইবোৰক লৈ মনত বহু প্ৰশ্নৰ সৃষ্টি হয়। তেনে এক প্ৰশ্নৰ উদয় হয় স্প’ৰ্টছ বাইকক লৈ। স্প’ৰ্টছ বাইকৰ পিছফালৰ ছীটটো ওখ কিয়? নিশ্চয় আপনাৰ মনতো এই প্ৰশ্নৰ উদয় হৈছে। আচলতে স্প’ৰ্টছ বাইকবোৰৰ পিছৰ ছীটটো ওখ কৰি দিয়াৰ কাৰণ আছে। জানো আহক বিস্তাৰিতভাৱে।
কোম্পানীৰ ফালৰ পৰা যেতিয়া কোনো ডিজাইন বা আকাৰ তৈয়াৰ কৰা হয়, সেয়া কেৱল দেখিবলৈ ধুনীয়া বা ষ্টাইলৰ বাবেই নহয়, ইয়াৰ আঁৰত একাধিক কাৰণ থাকে। বাইকৰ পিছফালৰ ছীটটোক পিলিয়ন ছীট বোলে। আচলতে সাধাৰণ বাইকতকৈ স্প’ৰ্টছ বাইকৰ শক্তি বহু বেছি আৰু সমতা বজাই ৰখাৰ বাবেই এনে কৰা হয়।
যদি স্প’ৰ্টছ বাইখবোৰৰ ছীট সাধাৰণ বাইখৰ দৰে বনোৱা হয়, তেন্তে আগৰ আৰু পিছৰ টায়াৰৰ খুব বেছি দূৰত্ব নাথাকিব, যাৰ ফলত চলোৱাৰ সময়ত বাইকৰ ভাৰসাম্য নাইকীয়া হোৱাৰ সম্ভাৱনা থাকে আৰু দুৰ্ঘটনা সংঘটিত হ’ব পাৰে। ইয়াৰ উপৰি এই বাইকত ছীট ওখ কৰাৰ আন এটা কাৰণ হ’৸ল যে যাতে টায়াৰ আৰু ছীটৰ গেপ থাকে।
যিহেতু বাইক দুজন বহাৰ বাবে বনোৱা হয়, সেয়ে পিছত বহা লোকজনৰ নিৰাপত্তাৰ কথা ভাবি পিছৰ ছীটটো ওখ কৰা হয়। আচলতে স্প’ৰ্টছ বাইকবোৰৰ চেইন সদায় মুকলি হৈ থাকে, এইক্ষেত্ৰত ছীট চাপৰ কৰি ৰাখিলে পিছত বহা লোকজনৰ ভৰি চেইনত লাগি ডাঙৰ বিপদ ঘটিব পাৰে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : May 25, 2023, 11:03 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।