যদি 2021 বছৰটো NFTs, মেটাভাৰ্চ আৰু ব্লকচেইনৰ বছৰ আছিল, তেন্তে এই বছৰটো ক্ৰিপ্ট’ সম্পদৰ বছৰ হ'ব বুলি কোনো সন্দেহ নাই। অৱশ্যে ইমানবোৰ কাৰিকৰী তথ্য বুজি মেলি, বিশেষকৈ যদি আপুনি ক্ৰিপ্ট’ সম্পদত বিনিয়োগ আৰম্ভ হে কৰিছে, তেন্তে খোপনি পুতিবলৈ আপোনাৰ অলপ দিগদাৰ হ'ব পাৰে। আনকি অভিজ্ঞ ক্ৰিপ্ট’ বিনিয়োগকাৰীও কেতিয়াবা এই নতুন প্ৰযুক্তি আৰু তথ্যৰ হেঁচাত কেতিয়াবা দিকহাৰা হৈ পৰিব পাৰে।
সেই কথা মনত ৰাখি, আমি ইণ্টাৰনেটত উপলব্ধ বিশ্বাসযোগ্য সম্পদৰ এই তালিকাখন প্ৰস্তুত কৰিছোঁ যি আপোনাক ক্ৰিপ্টো’ আৰু তাতকৈও অধিক এই পৃথিৱীখন শিকা, বুজা আৰু আগবাঢ়ি যোৱাত সহায় কৰিব পাৰে। সেইখিনি হৈছে –
1 – ZebPay
ZebPayৰ শিক্ষণ সমলৰ সৰ্বশ্ৰেষ্ঠ কথাটো হ'ল যে এই সমল ইয়াক যিকোনো লোকে ব্যৱহাৰ কৰিব পাৰে। লাগিলে আপুনি এজন প্ৰাৰম্ভিক, মাধ্যমিক অথবা আগৰণুৱা ক্ৰিপ্ট’ ব্যৱহাৰকাৰী হওক, আপুনি ZebPay-ৰ লাৰ্ণিং পৰ্টেলত মূল্যবান কিবা এটা বিচাৰি পোৱাটো খাটাং। প্ৰাৰম্ভিক বিষয় আৰু নতুন ব্যৱহাৰকাৰীৰ বাবে ক্ৰিপ্ট’ মুদ্ৰাৰ পৰা আৰম্ভ কৰি আগৰণুৱা ব্যৱহাৰকাৰীসকলৰ বাবে মূল্যৰ ট্ৰেণ্ড আৰু ৰুপী ক’ষ্ট এভাৰেজিঙলৈকে, ZebPay-ৰ
Learning section-ত প্ৰচুৰ জ্ঞানৰ সম্পদ লাভ কৰিব পাৰিব।
এই খণ্ডটোত
crypto slangৰ প্ৰতি উত্সৰ্গিত খণ্ড এটাও আছে, যিবোৰৰ বিষয়ে ক্ৰিপ্ট’ সম্পদৰ লেনদেন কৰোঁতে ব্যৱহাৰকাৰীয়ে জানিব লাগে, আৰু লগতে আছে
dedicated videos, য’ত বিষয়বোৰ নিৰহ নিপানীকৈ বুজাই দিয়া হয়। কেৱ্ল এয়াই নহয়,
Crypto Ki Pathshala নামৰ এটা ভিডিঅ’ শাখা আছে, য’ত ইংৰাজী বুজি নোপোৱা লোকৰ বাবে হিন্দীত কথাবোৰ বুজাই দিয়া হয়।
অৱশেষত আমি ক’ব খোজো যে আপুনি আপোনাৰ ক্ৰিপ্ট’ৰ যাত্ৰা ZebPayৰ ভিতৰতে আৰম্ভ কৰি আপুনি নতুনকৈ পোৱা জ্ঞান লগে লগে প্ৰয়োগ কৰিব পাৰে। আপোনাৰ একাউণ্ট ZebPayৰ সৈতে
ইয়াত খুলিবলৈ নাপাহৰিব।
2 – Coinmarketcap –
কইনমাৰ্কেটে (Coinmarket ) ক্ৰিপ্ট’ৰ সম্পদৰ ক্ষেত্ৰত বিশ্বৰ আটাইতকৈ প্ৰসংগ-যুক্ত মূল্যৰ ট্ৰেকিং ৱেবছাইট হিচাপে নিজৰ সুনাম গঢ়ি তুলিছে। প্ৰাপ্ত খবৰ অনুসৰি, আনকি আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰেও গৱেষণা আৰু প্ৰতিবেদনৰ বাবে CoinMarketCap-ৰ তথ্য ব্যৱহাৰ কৰে। ইয়াত আপুনি নিশ্চিত হ'ব পাৰে যে আপুনি ইয়াত সঠিক তথ্য লাভ কৰিছে। CoinMarketCapৰ ব্লগটোৰ নাম Alexandria আৰু ই আলেকজেন্দ্ৰিয়াৰ আচল পুথিভঁৰালটোৰ প্ৰতিলিপি কৰিবলৈ চেষ্টা কৰিছে, য'ত এসময়ত বিশ্ব জুৰি প্ৰকাশিত বেছিভাগ গ্ৰন্থ ৰখা হৈছিল। ইয়াৰ নিজা লক্ষ্য হৈছে "যদি সম্ভৱ হয়, পৃথিৱীৰ ক্ৰিপ্ট’ সম্পদৰ বিষয়ে আটাইবোৰ তথ্য সংগ্ৰহ কৰা।"
3 – Coingecko –
প্ৰথম দৃষ্টিত হয়তো Coingecko ভয় লগা যেন লাগিব পাৰে কিন্তু আপুনি ইয়াক যিমানেই অন্বেষণ কৰিব, ক্ৰিপ্ট’ বজাৰৰ বিষয়ে আপুনি সিমানেই অধিক তথ্য পাব। আপুনি আৰম্ভণিতে 10,000 তকৈ অধিক মুদ্ৰাৰ মূল্য অনুসৰণ কৰিব পাৰে! কেৱল সেয়াই নহয়, Coingeckoৰ ব্লগত, NFTs ৰ পৰা DeFiলৈকে, বিটকইন আৰু বহুতো বিষয়ৰ ওপৰত পডকাষ্ট আৰু কিতাপ আছে।
4 – Ethereum ব্ল’গ –
ইথিৰিয়াম হৈছে আটাইতকৈ জনাজাত ক্ৰিপ্ট’কাৰেন্সীৰ ভিতৰত অন্যতম আৰু লগতে NFT-ক লৈ বৰ্তমানৰ অধিকাংশ উন্মাদনাৰ আধাৰ। ই নিজকে ক্ৰিপ্ট’ৰ ভৱিষ্যতৰ বাবে অধিক প্ৰাসংগিক আৰু উপযুক্ত কৰি তুলিবলৈ প্ৰযুক্তি বিকশিত কৰি আছে। ইথিৰিয়ামৰ বিষয়ে সকলো শিকিবলৈ, যাৰ ভিতৰত অন্তৰ্ভুক্ত- ইয়াৰ মুদ্ৰা ইথাৰত বিনিয়োগ কৰাটো আপোনাৰ বাবে লাভদায়ক হ’ব নে নহয়, আৰু সহ-প্ৰতিষ্ঠাপক ভিটালিক বুটেৰিনৰ চিন্তাৰ বিষয়ে জানিবলৈ, ইথিৰিয়াম ব্লগটো সক্ৰিয়ভাৱে অনুসৰণ কৰাটো নিশ্চিত কৰক।
5 – Cardano –
2022 চনত বৃহত্ হোৱাৰ সম্ভাৱনা থকা ষ্টেক ব্লকচেইন প্লেটফৰ্মৰ এক উদাহৰণ, Cardano ক্ৰিপ্ট’ সম্পদৰ পৃথিৱীত ভৱিষ্যতে উদ্ভৱ হ'ব পৰা দীৰ্ঘম্যাদী সমস্যাৰ সমাধানৰ বাবে গৱেষণা-প্ৰসূত দৃষ্টিভংগীৰ ওপৰত গৌৰৱ প্ৰতিষ্ঠিত। যিকোনো ব্যক্তিয়ে Web3 আৰু ব্লকচেইনৰ কাম-কাজ আৰু খবৰ ততালিকে পাব বিচাৰে, তেওঁলোকে Cardanoৰ ব্লগ আৰু ফ'ৰামৰ পৃষ্ঠা অনুসৰণ কৰাটো অত্যাৱশ্যকীয়।
6 – Solana –
চ’লানা (Solana) হৈছে আটাইতকৈ জনপ্ৰিয় অল্টকইনবোৰৰ ভিতৰত অন্যতম আৰু ই অধিক উচ্চতালৈ স্কেল কৰাৰ ডাঙৰ সম্ভাৱনা আছে। ই নিজকে 'বিশ্বৰ দ্ৰুততম ব্লকচেইন আৰু ক্ৰিপ্ট’ত দ্ৰুতগতিত বিকশিত পৰিস্থিতিতন্ত্ৰ হিচাপে বৰ্ণনা কৰে, যাৰ DeFi, NFTs, Web3 আৰু অধিকত 400 ৰো অধিক প্ৰকল্প চলি আছে,'- যিবোৰ আগলৈ গৈ উত্তম স্থানত উপনীত হোৱাৰ সম্ভাৱনা আছে। যদি আপুনি এই ধাৰণাবোৰ আৰু বিশেষকৈ চ’লানাৰ বিষয়ে অধিক জানিব বিচাৰে, তেওঁলোকৰ ব্লগটো অণ্বেষণ কৰক।
7 – কিতাপ আৰু প’ডকাষ্ট –
অৱশেষত, যদি আপুনি ক্ৰিপ্ট’কাৰেন্সীৰ বিষয়ে ভালদৰে বুজিব বিচাৰিছে, তেন্তে এন্দ্ৰিয়াছ এণ্টোন’পুল’ছৰ কিতাপ "দ্য ইণ্টাৰনেট অৱ মানি এণ্ড মাষ্টাৰিং বিটকইন" আৰু জেক টাটাৰ আৰু ক্ৰিছ বাৰ্ণিস্কৰ "ক্ৰিপ্ট’এছেটছ"ৰ দৰে কিতাপ বিচাৰিবলৈ নাপাহৰিব। আপোনাৰ জ্ঞানক প’ডকাষ্টৰ সহায়ত পৰিপূৰ্ণ কৰি তোলক- যেনে পেট্ৰিক অ'শ্বাফনছিৰ "ইনভেষ্ট লাইক দ্য বেষ্ট" আৰু লৰা শ্বিনৰ "আনচেইনড" চাওক, যাতে ক্ৰিপ্ট’ৰ বিষয়ে আপোনাৰ জ্ঞান অধিক বৃদ্ধি পায়।
এই আটাইবোৰ হৈছে এক সম্পূৰ্ণ সম্পদৰ নিৰ্দেশনাৰ দৰে যি আপোনাক ক্ৰিপ্ট’ সম্পদৰ সৈতে সম্পৰ্কিত সকলো বিষয়তে আত্মবিশ্বাসী আৰু দক্ষ কৰিব তুলিব। অৱশ্যে, এইবোৰ মাত্ৰ আৰম্ভণি বিন্দু হে, আৰু ক্ৰিপ্ট’ৰ দৰে উদীয়মান প্ৰযুক্তিৰ ক্ষেত্ৰত, আমি আপোনাক অতি সোনকালেই ZebPay Learningৰ দৰে সকলো শেহতীয়া তথ্য শিকাৰ সম্পদত চকু ফুৰাই থাকিবলৈ পৰামৰ্শ দিওঁ।
যদি ক্ৰিপ্ট’ সম্পদৰ বিষয়ে শিকাটো 2022 চনৰ বাবে আপোনাৰ এটা সংকল্প আছিল, আপুনি এতিয়া ইয়াক সুৰক্ষিতভাৱে সম্পূৰ্ণ কৰাৰ দিশত আগুৱাই যাব পাৰে।
(এইটো
#Partnered Article)FIRST PUBLISHED : January 28, 2022, 13:37 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।