যদি আপোনাৰ ফোনটো চুৰি হয় বা বিকল হয়, তেনে অৱস্থাত প্ৰথমে মনলৈ আহে WhatsAppৰ মেছেজসমূহৰ কথা। বৰ্তমান সময়ত আটাইতকৈ জনপ্ৰিয় চেটিং এপ হৈছে WhatsApp। কিন্তু যদি কোনো কাৰণত প্ৰয়োজনীয় তথ্য বা মিডিয়া ফাইল হেৰুৱাই পেলায় তেন্তে অসুবিধাত পৰা দেখা যায়।
WhatsAppৰ ‘চেট বেকআপ’ ফিচাৰৰ জৰিয়তে আপুনি আপোনাৰ তথ্য হেৰুওৱাৰ পৰা বাচি থাকিব পাৰে। এই ফিচাৰৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে Chat History, ভইচ মেছেজ, ফটো আৰু ভিডি’ৰ এটা প্ৰাইভেট বেকআপ গুগল ড্ৰাইভত প্ৰস্তুত কৰিব পাৰে যাতে এইসমূহ কোনো কাৰণত হেৰায় নাযায়।
ইয়াৰ বাবে আপুনি নিজৰ WhatsAppৰ Chat History ছেভ কৰিব লাগিব। কেনেদৰে কৰিব চাওক –
– প্ৰথমে WhatsApp খোলক।
– তাৰ পিছত Settingsলৈ যাওক।
– Chats নিৰ্বাচন কৰক।
– Chat Backupলৈ যাওক।
– Backup বুটাম টিপক।
অট’মেটিভাৱেও ছেট কৰিব পাৰে Backup
ইয়াত আপুনি অট’ বেকআপ্ছৰ ফ্ৰীকুৱেঞ্চীও ছিলেক্ট কৰিব পাৰে – ডেইলী, উইকলী, মান্থলী, আপুনি যেতিয়া বেকআপত টেপ কৰে বা কেতিয়াও নহয়। আমি আপোনাক পৰামৰ্শ দিওঁ যে ইয়াক ‘ডেইলী’ ছেট কৰক, যাৰ দ্বাৰা গুগল ড্ৰাইভত প্ৰতিদিনে আমি তথ্য সংৰক্ষণ কৰিব পাৰো।
কিন্তু যদি প্ৰতিদিনে ৱাই–ফাই উপলব্ধ নহয়, তেন্তে আপুনি ‘উইকলী’ ছেট কৰিব পাৰে, কিয়নো বেকআপত আপোনাৰ ডাটা অধিক খৰচ হয়।
NEWS18 অসম ত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক।Published by: Sanjay Kumar Das
First published: September 15, 2019, 08:04 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|