
এই সন্দৰ্ভত মেটায়ে আনুষ্ঠানিকভাৱে কোনো ঘোষণা কৰা নাই।
এই সন্দৰ্ভত মেটায়ে আনুষ্ঠানিকভাৱে কোনো ঘোষণা কৰা নাই।
আজি ভাৰতত মেছেজিং এপ হোৱাটছএপ ডাউন (স্থগিত)। দিনৰ ১২ বজাৰ পৰা হোৱাটছএপত কোনো ব্যক্তিগত বা গোটত মেছেজ (বাৰ্তা) পঠিয়াব পৰা যোৱা নাই। উল্লেখযোগ্য যে, বৰ্তমানলৈ এই অসুবিধা সন্দৰ্ভত হোৱাটছএপ কোম্পানীটোৰ ফালৰ পৰা কোনো ধৰণৰ অফিচিয়েল মন্তব্য অহা নাই। ইয়াৰ ব্যৱহাৰকাৰীয়ে এপটোত ‘connecting’ লিখি থকা দেখা পাইছে। হোৱাটছএপ ব্যৱহাৰকাৰীয়ে মেছেজ নোযোৱা বিষয়টোক লৈ চিন্তিত হৈ পৰিছে। এতিয়া কোনেও নতুন বাৰ্তা প্ৰেৰণ কৰিব পৰা নাই।
মেটা মালিকানাধীন হোৱাটছএপৰ ব্যৱহাৰকাৰীসকলে কোনো নতুন বাৰ্তা পোৱা নাই। লগতে, ব্যৱহাৰকাৰীসকলে বাৰ্তা প্ৰেৰণ কৰাত অসুবিধা পাইছে। ইয়াৰ উপৰিও, হোৱাটছএপ ডাউন টুইটাৰত ট্ৰেণ্ড হৈ আছে। এই সন্দৰ্ভত মেটায়ে আনুষ্ঠানিকভাৱে কোনো ঘোষণা কৰা নাই।
Published by:Sehnaz Begum
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|