বিশ্বখন ডিজিটেল হৈ পৰাৰ লগে লগে অনলাইন ঠগবাজিৰ ঘটনাও অবাধে বাঢ়িছে। ডিজিটেল এক্সপাৰ্ট আৰু চাইবাৰ বিশেষজ্ঞসকলৰ লগতে সকলো ৱেবছাইটেই শক্তিশালী পাছৱৰ্ড দিয়াৰ বাবে পৰামৰ্শ আৰু গুৰুত্ব দিয়ে। আজিকালি নিতৌ অনলাইন প্ৰৱঞ্চনাৰ ঘটনাও সংঘটিত হোৱাৰ বাতৰি আহি থাকে। পিছে ইমানৰ পিছতো ভাৰতত এনে অলেখ লোক আছে যি পাছৱৰ্ডৰ ক্ষেত্ৰত অতি সহজ পথকেই বাচি লয়। এক কথাত প্ৰায় একধৰণৰ পাছৱৰ্ড ব্যৱহাৰ কৰে ভাৰতৰ অধিকসংখ্যক লোকে। এক গৱেষণাত প্ৰকাশ এই তথ্য।
নৰ্ডপাছ (NordPass ) নামৰ এটা গৱেষণা প্ৰতিষ্ঠানে দেখুৱাইছে যে ভাৰতত সৰ্বাধিক ব্যৱহাৰ কৰা পাছৱৰ্ড হৈছে 'Password' । মানে 'Password' শব্দটোৱেই ভাৰতৰ অধিকাংশ লোকৰ কমন পাছৱৰ্ড। নৰ্ডপাছৰ তথ্য মতে ভাৰতত ১ কোটি ৭১লাখ ৪৬৪৬ লোকৰ 'Password' শব্দটো হৈছে কমন পাছৱৰ্ড। আনহাতে ভাৰতীয় লোকৰ দ্বিতীয় সৰ্বাধিক পছন্দৰ পাছৱৰ্ড হৈছে '12345' সংখ্যাটো। এই সংখ্যাটো ১ কোটি ২৮ লাখ ৯২৬৬ লোকে পাছৱৰ্ড হিচাপে ব্যৱহাৰ কৰে। ভয়ৰ কথাটো হৈছে এনে ধৰণৰ পাছৱৰ্ড হেক কৰাটো ভাতৰ লগত পানী খোৱাৰ দৰেই সহজ।
ভাৰতত বেছিকৈ পাছৱৰ্ড হিচাপে ব্যৱহাৰ কৰা আনকেইটামান জনপ্ৰিয় শব্দ হৈছে ‘india123’, ‘xxx’, ‘iloveyou’, ‘krishna’ and ‘omsairam’ আদি। ‘iloveyou’ পাছৱৰ্ডটো পুৰুষতকৈ মহিলাই বেছি ব্যৱহাৰ কৰে। এইবোৰৰ উপৰি এই গৱেষণাটোৰ মতে ভাৰতীয় লোকৰ অধিকাংশই নিজৰ নামটো পাছৱৰ্ড হিচাপে ৰাখি ভালপায়।
৫০ দেশত কৰা এই গৱেষণাত পোৱা গৈছে যে বহুতেই ‘Liverpool’ শব্দটো password হিচাপে ব্যৱহাৰ কৰিছে। ফুটবলপ্ৰেমীসকলৰ এই কাৰবাৰ। আনহাতে বহুতে প্ৰিয় ৰক বেণ্ডৰ নামত পাছৱৰ্ড দিয়ে। এই ক্ষেত্ৰত ৰক বেণ্ড Metallicaৰ নামটো Slipknotৰ বহু আগত আছে। আচৰিত ধৰণে এই পাছৱৰ্ড ট্ৰেণ্ডত নাম সোমাইছে ডলফিন (dolphin)ৰো।
জনপ্ৰিয় পাঠৱৰ্ডৰ বিপৰীতে বহুত কম ব্যৱহাৰ কৰা পাছৱৰ্ডৰ তালিকাত আছে বিলাসী বাহন নিৰ্মাতা কোম্পানী ফেৰাৰী (Ferrari ) আৰু পৰ্ছে (Porsche ) আদিৰ নাম।
নৰ্ডপাছে কয় যে জটিল পাছৱৰ্ড ব্যৱহাৰ কৰি, সেইবোৰ নিয়মীয়াকৈ আপডেট কৰা আৰু কেতিয়াও সেইবোৰ পুনৰ ব্যৱহাৰ নকৰাটোৱে ডিজিটেল সুৰক্ষা নিশ্চিত কৰাত যথেষ্ট সহায় কৰে। এক জটিল পাছৱৰ্ড হৈছে কমেও 12টা বৰ্ণ আৰু আপাৰ আৰু ল'ৱাৰ কেছ আখৰ, সংখ্যা আৰু চিহ্নৰ বিভিন্ন সংমিশ্ৰণ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|