মুখ্যপৃষ্ঠা »খবৰ »প্ৰযুক্তি »এই ফটোখনে বেয়া কৰিছে কেইবাটাও এনড্ৰইড স্মাৰ্ট ফোন! ফটোগ্ৰাফাৰৰ পৰা জানিব পৰা গ’ল ইয়াৰ কাৰণ

এই ফটোখনে বেয়া কৰিছে কেইবাটাও এনড্ৰইড স্মাৰ্ট ফোন! ফটোগ্ৰাফাৰৰ পৰা জানিব পৰা গ’ল ইয়াৰ কাৰণ

ফটোখন তোলা লোকজনে ফাদিল কৰিলে ইয়াৰ আঁৰৰ ৰহস্য।

ফটোখন তোলা লোকজনে ফাদিল কৰিলে ইয়াৰ আঁৰৰ ৰহস্য।

  • Share this:
কিছুদিন পূৰ্বে কেইবাজনো এনড্ৰইড ফোন ব্যৱহাৰকাৰীয়ে এখন ফটোক লৈ অভিযোগ কৰিছিল যে এই ফটোখন ৱালপেপাৰ হিচাপে ব্যৱহাৰ কৰিলে ফোন ক্ৰেছ হয়। ফটোখনত আছে এক অনুপম প্ৰাকৃতিক সৌন্দৰ্য, য’ত পাহাৰ, নদী, আকাশ আদি দেখা গৈছে। কিন্তু কোনেও বুজিব পৰা নাই এই ফটোখনৰ বাবে ফোন কিয় বেয়া হয়। কিন্তু এই ফটোখন তোলা লোকজনে ফাদিল কৰিলে ইয়াৰ আঁৰৰ ৰহস্য।

BBCৰ ৰিপ’ৰ্টত কোৱা হৈছে যে এই ফটোখন ৱালপেপাৰ হিচাপে ব্যৱহাৰ কৰিলে ফোনটো নিজে নিজে বাৰে বাৰে অন আৰু অফ হ’বলৈ ধৰে। ইয়াৰ দ্বাৰা গুগল পিক্সেল আৰু ছেমছাং ফোনো প্ৰভাৱিত হৈছে।

যেতিয়া এই ফটোখন ভাইৰেল হ’ল তেতিয়া ছেইন ডিয়েগ’ৰ বাসিন্দা বিজ্ঞানী আৰু ফটোগ্ৰাফাৰ গৌৰৱ আগৰৱালাই বিবিচিৰ সৈতে বাৰ্তালাপ কৰে। তেওঁ কয় যে এই ফটোখন ২০১৯ চনত গ্লেচিয়াৰ নেচনেল পাৰ্ক, মানটানাত ছেইণ্ট মেৰী লেকত লোৱা হৈছিল। পত্নীৰ সৈতে সেই স্থানলৈ যোৱাৰ সময়ত নিজৰ নিকন কেমেৰাৰে তুলিছিল ফটোখন।

ঘৰলৈ অহাৰ পিছত তেওঁ সেই ফটোখন Lightroomত এডিট কৰে আৰু  Flickrত আপলোড কৰে। তেওঁ কয় যে তেওঁ ভবাই নাছিল যে তেওঁৰ ফটোখনে মানুহৰ ফোন বেয়া কৰিব।

কোৱা হৈছে যে লাইটৰুমচ ফটো ছেভ কৰাৰ পূৰ্বে কালাপ ম’ড সলনি কৰাৰ বিষয়ে সোধা হয়। আগৰৱালাই যিটো ম’ড ছিলেক্ট কৰিছিল, সম্ভৱত সেইটো এনড্ৰইড ফোনত ছাপ’ৰ্ট নকৰে। আগৰৱালাৰ আইফোন আছে আৰু সেইবাবে তেওঁৰ ফোনত কোনো সমস্যা হোৱা নাই।

ব্যৱহাৰকাৰীৰ অভিযোগ অনুসৰি, এনড্ৰইড ১০ত কাম কৰা ফোনত এই সমস্যা হৈছে। টুইটাৰত এজন টেক ব্লগাৰে বিষয়টো সন্দৰ্ভত উল্লেখ কৰিছে যে যেতিয়া ৰঙৰ কথা আহে তেতিয়া এনড্ৰইড ফোনে sRGB( Standard Red Green Blue) ফৰ্মেট ছাপ’ৰ্ট কৰে। আৰু ভাইৰেল হোৱা ফটোখনত কেৱল RGB ফলো কৰা হৈছে। কোৱা হৈছে যি এনড্ৰইড ১১ত কাম কৰা ফোনে নিজে নিজে ইয়াৰ ফৰ্মেট সলনি কৰি কম্পেটিবল কৰি লয়, কিন্তু Android 10 ফোনত এনেকুৱা সম্ভৱ নহয়, যাৰ ফলত ফোন ক্ৰেছ হৈ যায়।





শেহতীয়া বাতৰি