মুখ্যপৃষ্ঠা »খবৰ »প্ৰযুক্তি »আপোনাৰো যদি Redmiৰ এই ফোনটো আছে তেন্তে সাৱধান! বেটাৰী বিস্ফোৰণ ঘটি মৃত্যু মহিলাৰ

আপোনাৰো যদি Redmiৰ এই ফোনটো আছে তেন্তে সাৱধান! বেটাৰী বিস্ফোৰণ ঘটি মৃত্যু মহিলাৰ

টোপনি মাৰি থকাৰ সময়ত মহিলাগৰাকীয়ে ফোনটো গাৰুৰ কাষতে ৰাখিছিল। কিন্তু হঠাৎ স্মাৰ্টফোনটো বিস্ফোৰণ ঘটে আৰু মহিলাগৰাকীৰ মৃত্যু হয়।

টোপনি মাৰি থকাৰ সময়ত মহিলাগৰাকীয়ে ফোনটো গাৰুৰ কাষতে ৰাখিছিল। কিন্তু হঠাৎ স্মাৰ্টফোনটো বিস্ফোৰণ ঘটে আৰু মহিলাগৰাকীৰ মৃত্যু হয়।

টোপনি মাৰি থকাৰ সময়ত মহিলাগৰাকীয়ে ফোনটো গাৰুৰ কাষতে ৰাখিছিল। কিন্তু হঠাৎ স্মাৰ্টফোনটো বিস্ফোৰণ ঘটে আৰু মহিলাগৰাকীৰ মৃত্যু হয়।

  • Share this:
যিসকলে Redmi 6A স্মাৰ্টফোন ব্যৱহাৰ কৰিছে, তেওঁলোক সাৱধান হওক। সম্প্ৰতি ৰেডমীৰ এই স্মাৰ্টফোনক লৈ এক বিস্ফোৰক অভিযোগ আনিছে এজন ইউটিউবাৰে। কিন্তু কি অভিযোগ আনিছে তেওঁ? টেক ইউটিউবাৰগৰাকীয়ে অভিযোগ কৰিছে যে দিল্লী আৰু সংলগ্ন অঞ্চলত এগৰাকী মহিলাই Redmi 6A স্মাৰ্টফোন ব্যৱহাৰ কৰিছিল। টোপনি মাৰি থকাৰ সময়ত মহিলাগৰাকীয়ে ফোনটো গাৰুৰ কাষতে ৰাখিছিল। কিন্তু হঠাৎ স্মাৰ্টফোনটো বিস্ফোৰণ ঘটে আৰু মহিলাগৰাকীৰ মৃত্যু হয়।

এমডি টক ৱাইটি (মনজিৎ) নামৰ এজন ইউটিউবাৰে দাবী কৰিছে যে স্মাৰ্টফোনৰ বেটাৰী বিস্ফোৰণৰ ফলত তেওঁৰ আত্মীয়ৰ মৃত্যু হৈছে। সেই পোষ্টৰ সৈতে স্মাৰ্টফোনৰ অৱস্থাৰ ফটোও শ্বেয়াৰ কৰিছে তেওঁ। তাত দেখা গৈছে, স্মাৰ্টফোনৰ ফ্ৰণ্ট পেনেল সম্পূৰ্ণ বিধ্বস্ত হৈ গৈছে। আৰু বেক পেনেল দেখি স্পষ্ট হৈছে যে সেই স্মাৰ্টফোনটোৰ বেটাৰী বিস্ফোৰণত ফাটি হৈছে। ইয়াৰ উপৰি মৃত মহিলাগৰাকীৰ এখন ভয়ংকৰ ফটোও আপলোড কৰা হৈছে। য’ত দেখা গৈছে মহিলাগৰাকী বিছনাত পৰি আছে। আৰু বিছনা চাদৰ, কাপোৰ আদি ৰক্তাক্ত হৈ আছে।



কি কয় প্ৰস্তুতকাৰী সংস্থাই?
স্মাৰ্টফোন প্ৰস্তুতকাৰী সংস্থা Xiaomi ইণ্ডিয়াই অৱশ্যে এই ইউটিউবাৰগৰাকীৰ টুইটৰ উত্তৰ দিছে। তেওঁলোকৰ ভাষ্য, দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত পৰিয়ালৰ সৈতে যোগাযোগৰ চেষ্টা কৰা হৈছে। ইয়াৰ লগতে বেটাৰী বিস্ফোৰণৰ এই ঘটনাৰ তদন্ত কৰা হ’ব বুলিও জনাইছে।

শেহতীয়া বাতৰি