• Home
  • »
  • News
  • »
  • technology
  • »
  • Twitter New Feature: ব্লকৰ সলনি ৰিম’ভ! Twitter–এ আনিলে নতুন ফিচাৰ Soft Block!

Twitter New Feature: ব্লকৰ সলনি ৰিম’ভ! Twitter–এ আনিলে নতুন ফিচাৰ Soft Block!

ব্যৱহাৰকাৰীয়ে যদি কাৰোবাক নিজৰ টুইটছ আৰু টাইমলাইন চোৱাটো নিবিচাৰে তেন্তে তেওঁক ব্লক কৰিব পাৰে।

ব্যৱহাৰকাৰীয়ে যদি কাৰোবাক নিজৰ টুইটছ আৰু টাইমলাইন চোৱাটো নিবিচাৰে তেন্তে তেওঁক ব্লক কৰিব পাৰে।

ব্যৱহাৰকাৰীয়ে যদি কাৰোবাক নিজৰ টুইটছ আৰু টাইমলাইন চোৱাটো নিবিচাৰে তেন্তে তেওঁক ব্লক কৰিব পাৰে।

  • Share this:


টুইটাৰে (Twitter) লৈ আহিছে নতুন ফিচাৰ ছফ্ট ব্লক (Soft Block)। এই নতুন ফিচাৰৰ জৰয়তে কাৰোবাক ব্লক নকৰাকৈও ফলোৱাৰ্ছ লিষ্টৰ পৰা ৰিমুভ কৰিব পাৰিব।

ব্যৱহাৰকাৰীয়ে যদি কাৰোবাক নিজৰ টুইটছ আৰু টাইমলাইন চোৱাটো নিবিচাৰে তেন্তে তেওঁক ব্লক কৰিব পাৰে। কিন্তু এতিয়া যদি ব্যৱহাৰকাৰীয়ে ব্লক কৰিব নিবিচাৰে তেন্তে এই নতুন ফিচাৰ ব্যৱহাৰ কৰিব পাৰে।

ইয়াৰ ফলত ব্যৱহাৰকাৰীয়ে ব্লক নকৰাকৈ নিজৰ ফলোৱাৰ্ছ লিষ্টৰ পৰা ৰিম’ভ কৰিব পাৰিব। ফলত নিজৰ টুইটাৰ একাউণ্ট আৰু বেছি সুৰক্ষিত থাকিব আৰু সেয়া ট্ৰ’লিঙৰ পৰা ব্যৱহাৰকাৰীক ৰক্ষা কৰিব। কিদৰে ব্যৱহাৰ কৰিব নতুন ফিচাৰটো চাওক।

– প্ৰথমে নিজৰ ম’বাইল বা কম্পিউটাৰত থকা টুইটাৰ এপৰ ওপৰৰ ফালে লক্ষ্য কৰক।

– ইয়াৰ পিছত প্ৰফাইল চেকচনত যাব লাগিব। প্ৰফাইল চেকচনৰ ভিতৰত থকা ফলোৱাৰ লিষ্ট অপেন কৰক।

– সেই লিষ্টত সকলো ফলোৱাৰৰ নাম দেখা যাব। স্ক্ৰল কৰি সেইসমূহ চাব পাৰিব। ইয়াৰ মাজৰ পৰা যাক ৰিম’ভ কৰিব বিচাৰে তেওঁৰ নাম ছিলেক্ট কৰক। সেয়া ছিলেক্ট কৰাৰ পিছত সেই নামৰ কাষত থকা থ্ৰী ডট মেনুত ক্লিক কৰিব লাগিব।

– ইয়াৰ পিছত ৰিম’ভ ডিজ ফলোৱাৰ (Remove This Follower) অপচনত ক্লিক কৰিব লাগিব।

– ইয়াৰ পিছত সেই ফলোৱাৰজন নিজৰ ফলোৱাৰ্ছ লিষ্টৰ পৰা ডিলিট হৈ যাব। কিন্তু এইক্ষেত্ৰত সেই ফলোৱাৰজনে আমাৰ টুইট, প্ৰফাইল সকলো দেখা পাব নিজৰ টাইমলাইনত।

ব্যৱহাৰকাৰীয়ে যদি ভাৱে তেওঁৰ টুইট আৰু প্ৰফাইল নিৰ্দিষ্ট কোনোৱে নাচাওক, তেন্তে তেওঁক ব্লক কৰি দিয়াই আটাইতকৈ ভাল উপায়। ইয়াৰ উপৰি নিজৰ একাউণ্ট প্ৰাইভেট কৰি দিব পাৰে।

Published by:Sanjay Kumar Das
First published: