• Home
  • »
  • News
  • »
  • technology
  • »
  • Tech Tips: ডিজিটেল দুনীয়াত আপোনাৰ একাউণ্ট হেক হ'লে গুগলৰ সহায়ত পুনৰুদ্ধাৰ সম্ভৱ; শিকি লওক কেনেকৈ কৰিব এই কাম

Tech Tips: ডিজিটেল দুনীয়াত আপোনাৰ একাউণ্ট হেক হ'লে গুগলৰ সহায়ত পুনৰুদ্ধাৰ সম্ভৱ; শিকি লওক কেনেকৈ কৰিব এই কাম

শক্তিশালী পাছৱৰ্ডেই শক্তিশালী সুৰক্ষা

শক্তিশালী পাছৱৰ্ডেই শক্তিশালী সুৰক্ষা

Tech Tips: হেকাৰৰ পৰা বাছিবলৈ একমাত্ৰ উপায় হ'ল শক্তিশালী পাছৱৰ্ড। আপোনাৰ একাউণ্টৰ পাছৱৰ্ড সুৰক্ষিত হয় নে নহয় কেনেদৰে চাব লাগে জানি লওঁ আহক!

  • Share this:
বৰ্তমান প্ৰায় গোটেই দুনীয়াখনেই ডিজিটেল (Digital World)হৈ পৰিছে। কোৰোণা মহামাৰী (Corona Pandemic)ৰ বাবে ডিজিটেলৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে। এতিয়া প্ৰায় সকলোৱে ডিজিটেল মাধ্যমৰ সহায়ত ঘৰত বিভিন্ন সেৱা লাভ কৰিছে। এই সেৱাসমূহ লাভ কৰিবলৈ আপুনি ডিজিটেল উপায়েৰে বিভিন্ন একাউণ্ট (Account) খুলিব লগা হয়। কাৰ্যালয়ৰ কামৰ বাবে, বিদ্যালয়ৰ অনলাইন শ্ৰেণীৰ বাবে, অনলাইন বজাৰ, খাদ্য, ঔষধ আদিৰ বাবে আমি কেতিয়াবা একাধিক  ইমেইল একাউণ্ট (Email Account) খুলিব লগীয়া হয়। আৰু এই একাউণ্টবোৰ ডিজিটেল পৰিশোধৰ বাবে বেংক একাউণ্টৰ সৈতেও সংযুক্ত হৈ থাকে। ডিজিটেল কাম-কাজ বঢ়াৰ লগে লগে একাউণ্ট হেক (Account Hack) কৰাৰ অপৰাধো বাঢ়িছে। একাউণ্ট হেক হ'লে কাম-কাজত অসুবিধাতো হয়েই নানা বিপদতো পৰিব পাৰে আপুনি। পিছে হেক কৰা একাউণ্ট আৰু সকলো গুৰুত্বপূৰ্ণ তথ্য পুনৰুদ্ধাৰ (Account Recover) কৰাও সম্ভৱ। যদি আপোনাৰ এটা একাউণ্ট হেক কৰা হয় গুগল (Google)ৰ সহায়ত ইয়াক বিচাৰি উলিওৱাটো সম্ভৱ।

ডিজিটেল একাউণ্টৰ বাবে পাছৱৰ্ড (Password) হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তু। হেকাৰৰ পৰা বাছিবলৈ একমাত্ৰ উপায় হ'ল শক্তিশালী পাছৱৰ্ড (Strong Password)। আপোনাৰ পাছৱৰ্ডটো কেইদিনমানৰ মূৰে মূৰে সলনি কৰি থাকিব লাগে। পাছৱৰ্ডটো পাহৰিলে (Forgot Password) সেই একাউণ্টটো পুনৰ উদ্ধাৰ কৰিব পাৰি। এই ক্ষেত্ৰত কিছুমান পদক্ষেপ অনুসৰণ কৰিব লাগিব। ব্যৱহাৰকাৰীসকলে গুগলৰ সেৱাৰ বাবে তেওঁলোকৰ পাছৱৰ্ডৰ শক্তি পৰীক্ষা কৰিব পাৰে। ই দেখুৱায় যে আপোনাৰ পাছৱৰ্ড কিমান সুৰক্ষিত (High Security Password)। ব্যৱহাৰকাৰীসকলৰ পাছৱৰ্ড সুৰক্ষিত থাকিলেহে তেওঁলোকৰ একাউণ্ট হেক হোৱাৰ সম্ভাৱনা নাথাকে। কিন্তু যদি তেওঁলোকৰ পাছৱৰ্ড সুৰক্ষিত নহয় তেন্তে সেই একাউণ্টটো হেক হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।

আপোনাৰ একাউণ্টৰ পাছৱৰ্ড সুৰক্ষিত হয় নে নহয় কেনেদৰে চাব লাগে জানি লওঁ আহক!

ষ্টেপ ১ - প্রথমেই গুগল পাছৱর্ড চেকআপ টুল (Google Password Checkup Tool) খুলি ল'ব লাগিব। ইয়াৰ উপৰি এইটো লিংকটো ক্লিক কৰিব পারৰে-https://passwords:google.com/checkup/start

ষ্টেপ ২ - এইবাৰ চেক পাছৱর্ড বুটনত (Check Password Button) ক্লিক কৰক।

ষ্টেপ৩ - এতিয়া আপুনি গুগল একাউণ্টত লগ ইন কৰিব লাগিব।

ষ্টেপ ৪ - এইবাৰ গুগলে আপোনাক আপোনাৰ একাউণ্ট আৰু পাছৱৰ্ডৰ বিৱৰণ দেখুৱাব। পাছৱৰ্ডটো সুৰক্ষিত হয় নে নহয় গুগলে তাকো দেখুৱাব। গুগলে এইটোও ক'ব যে আপোনাৰ পাছৱৰ্ডটো শক্তিশালী হয় নে নহয় আৰু ইয়াক সলনি কৰাৰ প্ৰয়োজন আছে নে নাই।

ষ্টেপ ৫ - যদি আপোনাৰ কোনো পাছৱৰ্ড শক্তিশালী নহয় তেতিয়া গুগলে পাছৱৰ্ড পৰিৱৰ্তন কৰক বিকল্পটো দেখুৱাব । তেতিয়া সেই দুৰ্বল পাছৱৰ্ডৰ সলনি এটা শক্তিশালী নতুন পাছৱৰ্ড দি তাত ক্লিক কৰিব।
Published by:Manjumoni Borah
First published: