মুখ্যপৃষ্ঠা »খবৰ »প্ৰযুক্তি »চলন্ত গাড়ীৰ 'চানৰুফ' ৰ পৰা মূৰ বাহিৰ কৰিলেই শাস্তি! নতুন নিয়ম জাৰী

চলন্ত গাড়ীৰ 'চানৰুফ' ৰ পৰা মূৰ বাহিৰ কৰিলেই শাস্তি! নতুন নিয়ম জাৰী

ভিডিঅ’টোত মহিলাগৰাকীয়ে গাড়ীৰ ছানৰুফৰ পৰা মূৰ উলিয়াই গৈ থকা দেখা গৈছে।

ভিডিঅ’টোত মহিলাগৰাকীয়ে গাড়ীৰ ছানৰুফৰ পৰা মূৰ উলিয়াই গৈ থকা দেখা গৈছে।

গাড়ীত ছানৰুফ লগোৱা হয় যাতে গাড়ীখনত অধিক প্ৰাকৃতিক পোহৰ সোমাব পাৰে। ইয়াৰ দ্বাৰা গাড়ীৰ ভিতৰৰ অংশ সোনকালে ঠাণ্ডা কৰিব পৰা যায়।

  • Share this:
ভাৰতৰ অধিকাংশ অটোমোবাইল নিৰ্মাতাই এতিয়া বাহনত ছানৰুফ প্ৰদান কৰিবলৈ আৰম্ভ কৰিছে। কাৰণ, গ্ৰাহক ছানৰুফৰ প্ৰতি অতি আকৰ্ষিত। ই গাড়ীৰ ৰূপ সলনি কৰি আকৰ্ষণীয় কৰাৰ লগতে মুকলি বতাহ উপভোগ কৰিবলৈ দিয়ে।

কিন্তু সুৰক্ষাৰ নিয়ম মানি চলিলে চলন্ত বাহনত আৰোহীয়ে ছানৰুফ ব্যৱহাৰ কৰিব নোৱাৰিব। কিন্তু এতিয়া বহু লোকে চলন্ত যান-বাহনত ব্যৱহাৰ কৰি থকা দেখা যায়। বহুতে প্ৰায়ে চলন্ত বাহনৰ ছানৰুফৰ পৰা মূৰ উলিয়াই দিয়া দেখা যায়। বহুতে নিজৰ সন্তানক ছানৰুফত থৈ দিয়ে। এইটো একেবাৰে ভুল। আৰু এইবাৰ হয়তো এই ভুলৰ বাবে জৰিমনা ভৰিব লাগিব।

শেহতীয়াকৈ মুম্বাইৰ এটা ভিডিঅ’ ভাইৰেল হৈছে। ইয়াত জীপ কম্পাছ এছ ইউ ভিৰ ছানৰুফৰ পৰা উকি মাৰি ওলাই অহা এগৰাকী মহিলাক দেখা গৈছে। ভিডিঅ’টোৰ আধাৰত মুম্বাই আৰক্ষীয়ে মহিলাগৰাকীৰ বিৰুদ্ধে চালান জাৰি কৰে। সেই বাহনখনৰ চালকৰ বিৰুদ্ধে কোনটো ধাৰাত চালান জাৰি কৰা হৈছে সেয়া স্পষ্ট নহয়। এই ভিডিঅ’টো মুম্বাই ছি লিংকত শ্বুট কৰা বুলি জানিব পৰা গৈছে।


ভিডিঅ’টোত মহিলাগৰাকীয়ে গাড়ীৰ ছানৰুফৰ পৰা মূৰ উলিয়াই গৈ থকা দেখা গৈছে। গাড়ীখন পথত তীব্ৰ বেগেৰে গৈ থকা বুলিও অনুমান কৰা হৈছে। বহুতে প্ৰায়ে চলন্ত গাড়ীত ছানৰুফৰ পৰা মূৰ উলিয়াই দিয়ে। পথত চলাচল কৰা বাহনত এই কাম কৰাটো বিপদজনক! কাৰণ যদি কিবা কাৰণত চালকজনে জৰুৰীকালীন ব্ৰেক লগাই দিবলগীয়া হয় তেন্তে ছানৰুফত থকা ব্যক্তিজনৰ ক্ষতি হ’ব পাৰে।

গাড়ীত ছানৰুফ লগোৱা হয় যাতে গাড়ীখনত অধিক প্ৰাকৃতিক পোহৰ সোমাব পাৰে। ইয়াৰ দ্বাৰা গাড়ীৰ ভিতৰৰ অংশ সোনকালে ঠাণ্ডা কৰিব পৰা যায়। গাড়ীখন যদি বেছি সময় ৰ’দত ৰখা হয়, তেন্তে ছানৰুফখন কিছু সময় খোলা ৰাখিলে গৰম মুক্ত হ’ব। লগতে ছানৰুফে আপোনাক মুকলি অনুভৱ দিব পাৰে।

শেহতীয়া বাতৰি