মুখ্যপৃষ্ঠা »খবৰ »প্ৰযুক্তি »Twitter down: টুইটাৰ সেৱা ব্যাহত! ফেচবুক আৰু ইনষ্টাগ্ৰামৰো অনুৰূপ অৱস্থা; সমস্যাত লাখ লাখ ব্যৱহাৰকাৰী

Twitter down: টুইটাৰ সেৱা ব্যাহত! ফেচবুক আৰু ইনষ্টাগ্ৰামৰো অনুৰূপ অৱস্থা; সমস্যাত লাখ লাখ ব্যৱহাৰকাৰী

বিশ্বব্যাপী, হাজাৰ হাজাৰ লোকে এই প্লেটফৰ্মসমূহ ব্যৱহাৰ কৰিব পৰা নাই

বিশ্বব্যাপী, হাজাৰ হাজাৰ লোকে এই প্লেটফৰ্মসমূহ ব্যৱহাৰ কৰিব পৰা নাই

বিশ্বব্যাপী, হাজাৰ হাজাৰ লোকে এই প্লেটফৰ্মসমূহ ব্যৱহাৰ কৰিব পৰা নাই

  • Share this:
ছ’চিয়েল মিডিয়া প্লেটফৰ্ম টুইটাৰ, ফেচবুক আৰু ইনষ্টাগ্ৰাম আজি ডাউন হোৱা দেখা গৈছে। বিশ্বব্যাপী, হাজাৰ হাজাৰ লোকে এই প্লেটফৰ্মসমূহ ব্যৱহাৰ কৰিব পৰা নাই। এই বিষয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যৱহাৰকাৰীসকলে সৰ্বাধিক সংখ্যক বিভ্ৰান্তিৰ প্ৰতিবেদন দিছে। বহুতো টুইটাৰ ব্যৱহাৰকাৰীয়ে কয় যে তেওঁলোকে নতুন টুইট পোষ্ট কৰিবলৈ পৰা নাই। তেওঁলোকে টুইটাৰত পোষ্ট কৰাৰ পিছত এটা ত্ৰুটি বাৰ্তা– ‘‘আপুনি টুইট প্ৰেৰণ কৰাৰ দৈনিক সীমা অতিক্ৰম কৰিছে’’– প্ৰাপ্ত কৰে।

টুইটাৰৰ সমৰ্থন দলে এই ত্ৰুটিৰ বিষয়ে অৱগত হোৱাৰ কথা উল্লেখ কৰে আৰু ইয়াক ঠিক কৰিবলৈ চেষ্টা কৰাৰ কথা জানিবলৈ দিয়ে। দলটোৱে কয় যে, ‘‘টুইটাৰে আপোনালোক কিছু সংখ্যকৰ বাবে আশা কৰা অনুসৰি কাম কৰা নাই। সমস্যাটোৰ বাবে দুঃখিত। আমি এই বিষয়ে অৱগত আৰু ইয়াক ঠিক কৰিবলৈ কাম কৰি আছো।’’

উল্লেখ্য যে, ইলন মাস্কে বিগত অক্টোবৰ মাহত কোম্পানীটো অধিগ্ৰহণ কৰাৰ পিছত টুইটাৰৰ কৰ্মশক্তি হ্ৰাস কৰিছিল, যাৰ ফলত কোম্পানীটোত বৰ্তমান অভিযন্তাৰ অভাৱ হৈছে। এইটোৱে টুইটাৰৰ সেৱাৰ সাৰ্থকতাক প্ৰভাৱিত কৰিছে আৰু ইয়াৰ বাবে টুইটাৰত বহুতো কাৰিকৰী ত্ৰুটিৰ সৃষ্টি হৈছে।

আউটেজ ট্ৰেকাৰ ডাউনডিটেক্টৰৰ মতে, বৃহস্পতিবাৰে পুৱা প্ৰায় ৩ বজাত টুইটাৰ ব্যৱহাৰকাৰীসকলে সমস্যাৰ সন্মুখীন হ’ব লগা হৈছিল। পুৱা ৪ বাজি ২৩ মিনিটতলৈ সৰ্বাধিক ৮১০ জন লোকে টুইটাৰত সমস্যাটোৰ বিষয়ে ৰিপৰ্ট কৰে। টুইটাৰ এপটোত ৪৩ শতাংশ ব্যৱহাৰকাৰী, ৱেবছাইটত ২৫ শতাংশ আৰু চাৰ্ভাৰ সংযোগ সম্পৰ্কীয় প্ৰতিবেদনৰ ১২ শতাংশ প্ৰতিবেদন পোৱা গৈছে।

ইফালে, আউটেজ ট্ৰেকিং ৱেবছাইট ডাউনডিটেক্টৰেও দুটা মেটা প্লেটফৰ্ম – টুইটাৰ আৰু ফেচবুকৰ বাবে ব্যৱহাৰকাৰীৰ বিজুতিৰ প্ৰতিবেদন বৃদ্ধি পোৱা বুলি উল্লেখ কৰিছে। ১২,০০০ ৰো অধিক ফেচবুক ব্যৱহাৰকাৰীয়ে ত্ৰুটিটোৰ প্ৰতিবেদন দিয়ে আৰু প্ৰায় ৭,০০০ লোকে ইনষ্টাগ্ৰামৰ বাবে অফটেজৰ জাননী দিছিল। কিছুমান ব্যৱহাৰকাৰীয়ে ফেচবুকৰ অনলাইন মেচেজিং সেৱা মেচেঞ্জাৰৰ সমস্যাৰ বিষয়েও প্ৰতিবেদন দিছিল।

শেহতীয়া বাতৰি