মুখ্যপৃষ্ঠা »খবৰ »প্ৰযুক্তি »১৫ নৱেম্বৰত ভাৰতৰ ব্যক্তিগত খণ্ডৰ দ্বাৰা বিকশিত প্ৰথম ৰকেট ‘বিক্ৰম–এছ’ উৎক্ষেপণ

১৫ নৱেম্বৰত ভাৰতৰ ব্যক্তিগত খণ্ডৰ দ্বাৰা বিকশিত প্ৰথম ৰকেট ‘বিক্ৰম–এছ’ উৎক্ষেপণ

Image source-Skyroot Aerospace (Twitter)

Image source-Skyroot Aerospace (Twitter)

হাইদৰাবাদৰ স্কাইৰুট এৰোস্পেচৰ এই প্ৰথম অভিযানক দিয়া হৈছে ‘প্ৰাৰম্ভ’ নাম

  • Share this:
আগন্তুক ১৫ নৱেম্বৰত ভাৰতৰ ব্যক্তিগত খণ্ডৰ দ্বাৰা বিকশিত প্ৰথম ৰকেট ‘বিক্ৰম–এছ’ উৎক্ষেপণ কৰা হ’ব। হায়দৰাবাদৰ মহাকাশ ষ্টাৰ্টআপ ‘স্কাইৰুট এৰোস্পেচ’এ শুকুৰবাৰে এই ঘোষণা কৰে। স্কাইৰুট এৰোস্পেচৰ এই প্ৰথম অভিযানক ‘প্ৰাৰম্ভ’ নাম দিয়া হৈছে য’ত তিনিটা উপভোক্তা পেলোড থাকিব আৰু ইয়াক হায়দৰাবাদস্থিত শ্ৰীহৰিকোটাত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৰ উৎক্ষেপণ পেডৰ পৰা ইয়াক উৎক্ষেপণ কৰা হ’ব।

কোম্পানীটোৱে শুক্ৰবাৰে কয়, ‘‘হৃদস্পন্দন দ্ৰুত হৈ পৰিছে। সকলোৰে চকু আকাশৰ ওপৰত আছে। পৃথিৱীয়ে শুনি আছে। এয়া হৈছে ১৫ নৱেম্বৰ, ২০২২ তাৰিখে উৎক্ষেপণৰ এক ইংগিত।’’

স্কাইৰুট এৰোস্পেচৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু সহ-প্ৰতিষ্ঠাপক পৱন কুমাৰ চান্দনাই পিটিআইক জনোৱা মতে, পুৱা ১১ বাজি ৩০ মিনিটত এই উৎক্ষেপণ অনুষ্ঠিত কৰা হ’ব।

শেহতীয়া বাতৰি