• Home
  • »
  • News
  • »
  • technology
  • »
  • ভাৰতীয় যুৱকলৈ Googleৰ ৬৫ কোটি টকাৰ পুৰস্কাৰ, কি কাম কৰিছিল অমন পাণ্ডেই?

ভাৰতীয় যুৱকলৈ Googleৰ ৬৫ কোটি টকাৰ পুৰস্কাৰ, কি কাম কৰিছিল অমন পাণ্ডেই?

গুগলে ভাৰতীয় চাইবাৰ সুৰক্ষা গৱেষক অমন পাণ্ডেৰ কামক স্বীকৃতি দিছে আৰু তেওঁৰ প্ৰশংসা কৰিছে।

গুগলে ভাৰতীয় চাইবাৰ সুৰক্ষা গৱেষক অমন পাণ্ডেৰ কামক স্বীকৃতি দিছে আৰু তেওঁৰ প্ৰশংসা কৰিছে।

গুগলে ভাৰতীয় চাইবাৰ সুৰক্ষা গৱেষক অমন পাণ্ডেৰ কামক স্বীকৃতি দিছে আৰু তেওঁৰ প্ৰশংসা কৰিছে।

  • Share this:
যিমানেই আমাৰ বিশ্ব এক বৃহৎ ডিজিটেল স্পেচ হোৱাৰ দিশত আগবাঢ়িছে, সিমানেই চাইবাৰ ছিকিউৰিটী এই ৱেব বিশ্বত অন্তৰ্ভুক্ত সকলো কোম্পানীৰ বাবে চিন্তাৰ ডাঙৰ কাৰণ হৈ পৰিছে। আমি এক এনেকুৱা যুগত আছো, য’ত আমাৰ হাতত থকা প্ৰযুক্তিৰ বাবে আমাৰ সকলো নিজৰ তথ্য এটা ক্লিকতে উপলব্ধ হয়।

ডিজিটেল গ্ৰাহকক প্ৰৱঞ্চনাৰ পৰা ৰক্ষাৰ বাবে চাইবাৰ বিশেষজ্ঞসকলে ধাৰাবাহিকভাৱে কাম কৰি আছে। এনে সময়তে ‘বাগছমিৰৰ’ৰ (Bugsmirror) প্ৰতিষ্ঠাপক ইণ্ডিয়ান টেক এক্সপাৰ্ট অমন পাণ্ডেৰ (Aman Pandey) কামক মান্যতা প্ৰদান কৰি গুগলে (Google) ৬৫ কোটি টকাৰ পুৰস্কাৰ আগবঢ়াইছে।

গুগলে বাগছমিৰৰ (Bugsmirror)ৰ অমন পাণ্ডেক এনড্ৰইড অপাৰেটিং ছিষ্টেমৰ অভাৱসমূহ বিচাৰি উলিওৱা আৰু তাৰ ৰিপ’ৰ্ট কৰাৰ বাবে আটাইতকৈ ডাঙৰ গৱেষক হিচাপে পুৰস্কৃত কৰিছে। অমন পাণ্ডেই ২০২১ত এনড্ৰইড অপাৰেটিং ছিষ্টেমৰ ২৩২টা অভাৱ পোহৰলৈ অনাৰ কাম কৰিছিল। ইয়াৰ স্পষ্ট অৰ্থ এয়াই যে এনড্ৰইডৰ গ্ৰাহকৰ ওপৰত প্ৰৱঞ্চনাৰ চিকাৰ হোৱাৰ সম্ভাৱনা অধিক।

গুগলে ভাৰতীয় চাইবাৰ সুৰক্ষা গৱেষক অমন পাণ্ডেৰ কামক স্বীকৃতি দিছে আৰু তেওঁৰ প্ৰশংসা কৰিছে। যাৰ প্ৰয়াসে এনড্ৰইডত অভাৱ আৰু দুৰ্বল দিশসমূহ দূৰ কৰাৰ কাম কৰিছে। ইয়াৰ ফলত এনড্ৰইড অপাৰেটিং ছিষ্টেম গ্ৰাহকৰ বাবে অধিক সুৰক্ষিত হৈছে।

বাগছমিৰৰৰ প্ৰতিষ্ঠা অমন পাণ্ডেই ২০২১ত ইন্দোৰত কৰিছিল। তেওঁ এনআইটি ভূপালৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰিছে। গুগলে ৮.৭ মিলিয়ন ডলাৰ পুৰস্কাৰ আগবঢ়াইছে অমন পাণ্ডেলৈ, যিটো ভাৰতীয় হিচাপত প্ৰায় ৬৫ কটি টকা। প্ৰায় ১১৫ গৰাকী গৱেষকক এনড্ৰইডৰ ৩৩৩ টা অভাৱৰ ৰিপ’ৰ্ট প্ৰেৰণৰ বাবে পুৰস্কৃত কৰা হয়, যিটো ২০২১ত প্ৰেৰণ কৰা হৈছিল।

অমন পাণ্ডেৰ ৱেবছাইটৰ মতে, বাগছমিৰৰৰ উদ্দেশ্য চাইবাৰ সুৰক্ষাৰ প্ৰতি থকা বিপদৰ বিৰুদ্ধে সকলোকে সুৰক্ষিত আৰু মজবুত কৰা আৰু এয়া সুনিশ্চিত কৰা যে আপোনাৰ স্মাৰ্টফোন, পিডিএ বা কোনো আইঅ’টি ডিভাইচ মেলৱেয়ৰ আৰু ভাইৰাছৰ পৰা মুক্ত থাকক। সেইবাবে বৰ্তমান সময়ত তেওঁৰ দৃষ্টি এনড্ৰইডৰ ওপৰত আছে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি