ফেৰাডিনয় লিমিটেড ছডিয়াম–আয়ন বেটাৰী (sodium-ion battery) বনোৱা বিশ্বৰ শীৰ্ষৰ কোম্পানীসমূহৰ ভিতৰত এটা।
ফেৰাডিনয় লিমিটেড ছডিয়াম–আয়ন বেটাৰী (sodium-ion battery) বনোৱা বিশ্বৰ শীৰ্ষৰ কোম্পানীসমূহৰ ভিতৰত এটা।
Reliance New Energy Solar: ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ (RIL) সহযোগী কোম্পানী ৰিলায়েঞ্চ নিউ এনাৰ্জী ছ’লাৰ লিমিটেডে (Reliance New Energy Solar-RNESL) বিস্তাৰিত আঁচনিৰ জৰিয়তে ছডিয়াম–আয়ন ছেল নিৰ্মাণকাৰী কোম্পানী ফেৰাডিয়ন লিমিটেডৰ (Faradion Ltd) অধিগ্ৰহণ কৰিব। ৰিলায়েঞ্চ নিউ এনাৰ্জী ছ’লাৰ লিমিটেডে ১০০ মিলিয়ন ব্ৰিটিছ পাউণ্ডৰ এই কোম্পানীত ১০০ শতাংশ অংশীদাৰিত্বৰ অধিগ্ৰহণ কৰিব। লগতে RNESL–এ নতুন ব্যৱসায়ৰ সম্প্ৰসাৰণৰ বাবে বিকাশ পুঁজি হিচাপে ২৫ মিলিয়ন জিবিপি বিনিয়োগ কৰিব।
ফেৰাডিনয় লিমিটেড ছডিয়াম–আয়ন বেটাৰী (sodium-ion battery) বনোৱা বিশ্বৰ শীৰ্ষৰ কোম্পানীসমূহৰ ভিতৰত এটা। ব্ৰিটেইনত ছডিয়াম–আয়ন ছেল নিৰ্মাণকাৰী কোম্পানী ফেৰাডিয়নে আৰম্ভণিতে কৈছিল যে তেওঁলোকে ভাৰতত মেনুফেকচাৰিঙৰ সম্ভাৱনাৰ সন্ধানত আছে। কোম্পানীটোৱে কয় যে ছডিয়াম–আয়ন বেটাৰীৰ কৌশল লিথিয়াম আয়ন বেটাৰীৰ তুলনাত অধিক উন্নত। ই বিশ্বজুৰি অট’মোবাইল, ষ্ট’ৰেজ আৰু ম’বাইল ক্ষেত্ৰখনত বিপ্লৱ আনিব পাৰে।
ভাৰতীয় বজাৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে নতুন বেটাৰীয়ে
ভাৰতৰ অট’মোবাইল খণ্ড এতিয়া দ্ৰুতগতিত ইলেকট্ৰিক বাহনলৈ পৰিৱৰ্তিত হৈ আছে আৰু ইলেকট্ৰিক বাহন টেকন’লজীক দ্ৰুতগতিত আঁকোৱালি লোৱা দেখা গৈছে। লগতে আমি ম’বাইলৰ সৰ্ববৃহৎ বজাৰৰ ভিতৰত এটা। সেইবাবে নতুন কৌশলৰ বেটাৰীয়ে ভাৰতৰ পৰিৱৰ্তিত বজাৰত এক গুৰুত্বপূৰ্ণ ভূমি পালন কৰিব পাৰে। ফেৰাডিয়নৰ ছডিয়াম–আয়ন কৌশলে বৈকল্পিক বেটাৰীৰ বিশ্বত ডাঙৰ কৌশল। বিশেষকৈ লিথিয়াম–আয়ন আৰু লেড এচিড বেটাৰীৰ বিকল্প হিচাপে ইয়াক গুৰুত্বপূৰ্ণ বুলি বিবেচিত কৰা হয়।
‘ভাৰতৰ এনাৰ্জী ষ্ট’ৰেজ ক্ষমতা আৰু অধিক শক্তিশালী তথা সুৰক্ষিত হ’ব’
অধিগ্ৰহণৰ বিষয়ে ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক মুকেশ আম্বানীয়ে (CMD Mukesh Ambani) কয়, ‘‘আমি ৰিলায়েঞ্চ পৰিয়াললৈ ফেৰাডিয়ন আৰু তেওঁৰ টীমক স্বাগতম জনাইছো।’’ তেওঁ কয় যে ফেৰাডিয়নৰ বিকশিত ছডিয়াম–আয়ন কৌশলে বিশ্বত শীৰ্ষ এনাৰ্জী ষ্ট’ৰেজৰ কৌশল উপলব্ধ কৰায়।
মুকেশ আম্বানীয়ে কয় যে ছডিয়াম–আয়ন টেকনিকে ছডিয়ামৰ ব্যৱহাৰ কৰে। ইয়াৰ দ্বাৰা ভাৰতৰ এনাৰ্জী ষ্ট’ৰেজ ক্ষমতা আৰু অধিক মজবুত তথা সুৰক্ষিত হ’ব। তেওঁ আশা প্ৰকাশ কৰে যে ফেৰাডিয়নৰ সৈতে কাম কৰা ভাৰতৰ ইলেকট্ৰিক বাহনৰ ক্ষেত্ৰক বিকশিত কৰাত এক বৃহৎ পদক্ষেপ হ’ব।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|