• Home
  • »
  • News
  • »
  • technology
  • »
  • আজি মুকলি হ’ব Reliance JioFiber, কেনেকৈ কৰিব ৰেজিষ্ট্ৰেচন?

আজি মুকলি হ’ব Reliance JioFiber, কেনেকৈ কৰিব ৰেজিষ্ট্ৰেচন?

১২ আগষ্টত ৰিলায়েঞ্চৰ বাৰ্ষিক সাধাৰণ সভাত জিঅ’ ফাইবাৰ সেৱা মুকলিৰ দিন ঘোষণা কৰা হৈছিল।

১২ আগষ্টত ৰিলায়েঞ্চৰ বাৰ্ষিক সাধাৰণ সভাত জিঅ’ ফাইবাৰ সেৱা মুকলিৰ দিন ঘোষণা কৰা হৈছিল।

১২ আগষ্টত ৰিলায়েঞ্চৰ বাৰ্ষিক সাধাৰণ সভাত জিঅ’ ফাইবাৰ সেৱা মুকলিৰ দিন ঘোষণা কৰা হৈছিল।

  • Share this:
    আজি মুকলি হ’ব ৰিলায়েঞ্চ জিঅ’ ফাইবাৰ সেৱা। এই সেৱা মুকলি কৰাৰ ফলত ব্ৰডবেণ্ড সেৱাত এক বৃহৎ পৰিৱৰ্তনৰ আশা কৰা হৈছে। ১২ আগষ্টত ৰিলায়েঞ্চৰ বাৰ্ষিক সাধাৰণ সভাত জিঅ’ ফাইবাৰ সেৱা মুকলিৰ দিন ঘোষণা কৰা হৈছিল। প্ৰথমে ইয়াৰ নাম জিঅ’ গিগা ফাইবাৰ আছিল, পিছত সলনি কৰি জিঅ’ ফাইবাৰ কৰা হয়।

    কেনেকৈ কৰিব ৰেজিষ্ট্ৰেচন
    ৰিলায়েঞ্চ জিঅ’ ফাইবাৰৰ কানেকশ্যন ল’বৰ বাবে আপুনি প্ৰথমে ৰেজিষ্ট্ৰেচন কৰিব লাগিব। তলত দিয়া প্ৰক্ৰিয়াৰে আপুনি ৰেজিষ্ট্ৰেচন কৰিব পাৰিব এই সেৱাৰ বাবে।

    ১. ৰিলায়েঞ্চ জিঅ’ৰ অফিচিয়েল ৱেবছাইটলৈ যাওক।
    ২. জিঅ’ ফাইবাৰ কানেকশ্যনৰ বাবে নিজৰ ঠিকনা টাইপ কৰক।
    ৩. ৱেবছাইটত বিচৰা ধৰণে আপোনাৰ সবিশেষ তথ্য পূৰণ কৰক।
    ৪. Generate OTPত ক্লিক কৰক।
    ৫. ফোনত অহা OTP এণ্টাৰ কৰক।
    ৬. আপোনাৰ দ্বাৰা উপলব্ধ কৰোৱা তথ্যৰ বৈধতাৰ পৰীক্ষণৰ বাবে ৰিলায়েঞ্চ জিঅ’ৰ একজিকিউটিভে আপোনাক যোগাযোগ কৰিব।

    অফাৰ/প্লেনৰ বিষয়ে জানক
    ৰিলায়েঞ্চ জিঅ’ৰ ৱেবছাইটত উপলব্ধ তথ্য অনুসৰি এতিয়ালৈ কোনো ধৰণৰ প্লেন আৰু অফাৰৰ বিষয়ে উল্লেখ নাই। কেৱল উল্লেখ কৰা হৈছে যে কাৰেণ্ট অফাৰ হিচাপে গ্ৰাহকে লাভ কৰিব ১০০ Mbpsৰ আলট্ৰা হাই স্পীড ইণ্টাৰনেট ডাটা। এই প্ৰিভিউ অফাৰৰ বাবে কোনো ইনষ্টলেশ্যন চাৰ্জ নাই আৰু ইয়াৰ বাবে ২৫০০ টকাৰ ৰিফাণ্ডেবল ছিকিউৰিটী লোৱা হ’ব। বৰ্তমান জিঅ’ ফাইবাৰৰ প্ৰিপেইড সেৱাহে উপলব্ধ হ’ব। পোষ্টপেইড সেৱা পিছত মুকলি কৰা হ’ব।

    First Day First Show
    JioFiberৰ ঘোষণা অনুসৰি ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব’ৰ কথা কোৱা হৈছিল, যিটো সেৱা ২০২০লৈ মুকলি কৰাৰ পৰিকল্পনা কৰিছে। ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজৰ বাৰ্ষিক সভাত অধ্যক্ষ মুকেশ আম্বানীয়ে কৈছিল যে – প্ৰথমবাৰলৈ আমি নতুন চিনেমা চোৱাৰ বাবে পৰিকল্পনা কৰিছো। প্ৰিমিয়াম জিঅ’ ফাইবাৰ গ্ৰাহকে এতিয়া ঘৰতে বহি মুক্তিলাভ কৰাৰ দিনাই চাব পাৰিব চিনেমা।

    NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTubeFacebook আৰু Twitter ত আমাক ফল’ কৰক।

    Published by:Sanjay Kumar Das
    First published:

    শেহতীয়া বাতৰি