• Home
  • »
  • News
  • »
  • technology
  • »
  • BSNLক অতিক্ৰম কৰি দেশৰ সৰ্ববৃহৎ ফিক্সড লাইন সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠান হিচাপে পৰিগণিত হ’ল ৰিলায়েন্স জিঅ’

BSNLক অতিক্ৰম কৰি দেশৰ সৰ্ববৃহৎ ফিক্সড লাইন সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠান হিচাপে পৰিগণিত হ’ল ৰিলায়েন্স জিঅ’

ভাৰতীয় টেলিকম নিয়ন্ত্ৰক প্ৰাধিকৰণৰ তথ্য অনুসৰি ৱায়াৰলাইন সেৱা ব্যৱহাৰ কৰা লোকৰ সংখ্যা বৃদ্ধিত ব্যক্তিগত খণ্ডই অৰিহণা যোগাইছিল।

ভাৰতীয় টেলিকম নিয়ন্ত্ৰক প্ৰাধিকৰণৰ তথ্য অনুসৰি ৱায়াৰলাইন সেৱা ব্যৱহাৰ কৰা লোকৰ সংখ্যা বৃদ্ধিত ব্যক্তিগত খণ্ডই অৰিহণা যোগাইছিল।

ভাৰতীয় টেলিকম নিয়ন্ত্ৰক প্ৰাধিকৰণৰ তথ্য অনুসৰি ৱায়াৰলাইন সেৱা ব্যৱহাৰ কৰা লোকৰ সংখ্যা বৃদ্ধিত ব্যক্তিগত খণ্ডই অৰিহণা যোগাইছিল।

  • Share this:

চৰকাৰী ভাৰত সঞ্চাৰ সংস্থা লিমিটেড (BSNL)ক অতিক্ৰম কৰি আগষ্ট মাহত ব্যক্তিগত টেলিকম কোম্পানী ৰিলায়েন্স জিঅ’ই দেশৰ সৰ্ববৃহৎ ফিক্সড লাইন সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠান হিচাপে পৰিগণিত হয়। দেশত টেলিকম সেৱা প্ৰৱৰ্তনৰ পিছত প্ৰথমবাৰৰ বাবে এটা ব্যক্তিগত কোম্পানীয়ে ৱায়াৰলাইন শিতানত শীৰ্ষস্থান দখল কৰিছে। ভাৰতীয় টেলিকম নিয়ন্ত্ৰক প্ৰাধিকৰণে (TRAI) মঙলবাৰে প্ৰকাশ কৰা গ্ৰাহক প্ৰতিবেদন অনুসৰি আগষ্ট মাহত জিঅ’ৰ ৱায়াৰলাইন গ্ৰাহকৰ সংখ্যা ৭৩.৫২ লাখ হোৱাৰ বিপৰীতে বিএছএনএলৰ গ্ৰাহকৰ সংখ্যা ৭১.৩২ লাখ।


বিগত ২২ বছৰ ধৰি দেশত বিএছএনএলে ৱায়াৰলাইন সেৱা আগবঢ়াই আহিছে, আনহাতে জিঅ’ই মাত্ৰ তিনি বছৰ পূৰ্বে ৱায়াৰলাইন সেৱা আৰম্ভ কৰিছিল। ইয়াৰ লগে লগে জুলাই মাহত ২.৫৬ কোটিৰ পৰা আগষ্ট মাহত দেশত ৱায়াৰলাইন গ্ৰাহকৰ সংখ্যা বৃদ্ধি পাই ২.৫৯ কোটি হৈছে। ভাৰতীয় টেলিকম নিয়ন্ত্ৰক প্ৰাধিকৰণৰ তথ্য অনুসৰি ৱায়াৰলাইন সেৱা ব্যৱহাৰ কৰা লোকৰ সংখ্যা বৃদ্ধিত ব্যক্তিগত খণ্ডই অৰিহণা যোগাইছিল। এই সময়ছোৱাত জিঅ’ই ২.৬২ লাখ, ভাৰতী এয়াৰটেলে ১.১৯ লাখ গ্ৰাহক সংযোজন কৰাৰ বিপৰীতে ভোডাফোন আইডিয়া (Vi) আৰু টাটা টেলিচাৰ্ভিচেছে ক্ৰমে ৪২০২ আৰু ৩৭৬৯জন নতুন গ্ৰাহক সংযোজন কৰে।


ইয়াৰ বিপৰীতে আগষ্ট মাহত বিএছএনএল আৰু এমটিএনএলে ক্ৰমে ১৫,৭৩৪ আৰু ১৩,৩৯৫জন ৱায়াৰলাইন গ্ৰাহক হেৰুৱাইছিল। প্ৰতিবেদন অনুসৰি, আগষ্ট মাহত দেশত মুঠ টেলিকম গ্ৰাহকৰ সংখ্যা কিছু পৰিমাণে বৃদ্ধি পাই ১১৭৫ মিলিয়ন হৈছে আৰু জিঅ’ই অধিক নতুন গ্ৰাহক সংযোজন কৰিছে। লগতে নগৰ কেন্দ্ৰতকৈ গ্ৰাম্য অঞ্চলৰ বৃদ্ধি অধিক হাৰত হৈছিল।


২০২২ চনৰ আগষ্ট মাহৰ বাবে ভাৰতীয় টেলিকম নিয়ন্ত্ৰক প্ৰাধিকৰণৰ গ্ৰাহক প্ৰতিবেদনত কোৱা হৈছে যে, "ভাৰতত টেলিফোন গ্ৰাহকৰ সংখ্যা ২০২২ চনৰ জুলাই মাহৰ শেষৰ ফালে ১১৭.৩৬ কোটিৰ পৰা ২০২২ চনৰ আগষ্টৰ শেষত ১১৭.৫০ কোটিলৈ বৃদ্ধি পাইছে। পূৰ্বৰ মাহৰ তুলনাত ০.১২ শতাংশ বৃদ্ধি পাইছে।" ইয়াৰ উপৰি চলিত বৰ্ষৰ আগষ্ট মাহত কেৱল ৰিলায়েন্স জিঅ’ (৩২.৮১ লাখ) আৰু ভাৰতী এয়াৰটেলে (৩.২৬ লাখ) নতুন মোবাইল গ্ৰাহক সংযোজন কৰাৰ বিপৰীতে ঋণগ্ৰস্ত ব্যক্তিগত কোম্পানী ভিআই (VI)য়ে ১৯.৫৮ লাখ মোবাইল গ্ৰাহক হেৰুৱাইছে এই মাহত। এই সময়ছোৱাত বিএছএনএলৰ ৫.৬৭ লাখ, এমটিএনএলৰ ৪৭০ আৰু ৰিলায়েন্স কমিউনিকেচনৰ ৩২জন গ্ৰাহকৰ ক্ষতি হয়।

Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি