ৰিলায়েঞ্চ জিঅ’ আৰু ছিলভাৰ লেকৰ চুক্তিক লৈ বৃহৎ ৰেটিং এজেন্সী ফিটচে কয় যে আমাৰ সম্পূৰ্ণ বিশ্বাস যে এই চুক্তিৰ পিছত ৰিলায়েঞ্চ ইণ্ডাষ্ট্রীজ কনজিউমাৰ টেকন’লজীত অধিক বিনিয়োগ কৰিব। লগতে ইয়াৰ দ্বাৰা ৰিলায়েঞ্চ ইণ্ডাষ্ট্রীজৰ বেলেঞ্চশ্বীট অধিক ভাল হ’ব। আনহাতে, ব্ৰোকৰেজ ফৰ্ম এডেলৱাইজে এই চুক্তিক লৈ মন্তব্য কৰে যে এই চুক্তি অত্যন্ত গুৰুত্বপূৰ্ণ। উল্লেখযোগ্য যে ৰিলায়েঞ্চ ইণ্ডাষ্ট্রীজে সোমবাৰে এক বৃহৎ ঘোষণা কৰি কয় যে ব্যক্তিগত ইকিউইটী ফাৰ্ম ছিলভাৰ লেকে জিঅ’ প্লেটফৰ্মত ১.১৫ শতাংশ অংশীদাৰিত্ব ৫,৬৫৫.৭৫ কোটি টকাত ক্ৰয় কৰিব।
বিশেষজ্ঞৰ মতে, আহিবলগীয়া সময়ত গ্ৰাহকৰ বাবে জিঅ’ই কিছু আৰু নতুন সেৱাৰ আৰম্ভ কৰিব পাৰে। আপোনাক জনাওঁ যে শেহতীয়াকৈ জিঅ’ মাৰ্টে হোৱাট্ছএপ নম্বৰ মুকলি কৰিছে আৰু এই নম্বৰটো হৈছে 88500 08000, এই নম্বৰৰ জৰিয়তে ঘৰত বহিয়ে গ্ৰোচাৰী সামগ্ৰী অৰ্ডাৰ কৰিব পাৰে। বৰ্তমান জিঅ’ মাৰ্টে মুম্বাইৰ একাংশ অঞ্চল যেনে নবী মুম্বাই, কল্যাণ আৰু থানেত এই সেৱা আৰম্ভ কৰিছে।
বিনিয়োগকাৰীৰ কি লাভ হ’ব?
এছ বি আই কেপিটেলে কয় যে দুসপ্তাহতকৈও কম সময়ত এয়া ৰিলায়েঞ্চ ইণ্ডাষ্ট্রীজৰ এই চুক্তি অত্যন্ত আশাপ্ৰদ। ইয়াৰ দ্বাৰা কোম্পানীৰ ৰাইট্ছ ইছ্যুৰ লাভ হ’ব।
উল্লেখযোগ্য যে বিগত সপ্তাহত ৰিলায়েঞ্চ ইণ্ডাষ্ট্রীজৰ ব’ৰ্ড বৈঠকত ৫৩,১২৫ কোটি টকাৰ ৰাইট্ছ ইছ্যুৰ মঞ্জুৰি লাভ কৰিছিল। ইয়াৰ বাবে ১:১৫ৰ ৰেছিঅ’ নিৰ্ধাৰণ কৰা হৈছে। এই ৰাইট্ছ ইছ্যু ১৪ শতাংশ ৰেহাই অৰ্থাৎ ১২৫৭ টকাৰ ভাৱত আহি আছে।
CLSA–এ ৰিলায়েঞ্চ ইণ্ডাষ্ট্রীজৰ শ্বেয়াৰত ক্ৰয়ক লৈ ৰায় দি শ্বেয়াৰৰ লক্ষ্য ১৫০০ টকাৰ পৰা বৃদ্ধি কৰি ১৭৭০ টকা কৰিছে। ব্ৰোকৰেজ হাউছৰ মতে, এই পদক্ষেপে ৰিলায়েঞ্চক ঋণমুক্ত কোম্পানী হিচাপে প্ৰতিষ্ঠা কৰাত সহায় কৰিব। বিগত বৰ্ষৰ আগষ্ট মাহত ৰিলায়েঞ্চ ইণ্ডাষ্ট্রীজৰ অধ্যক্ষ মুকেশ আম্বানীয়ে ২০২১ৰ মাৰ্চলৈ কোম্পানীটোক ঋণমুক্ত কোম্পানী হিচাপে প্ৰতিষ্ঠান কৰাৰ কথা ঘোষণা কৰিছিল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|