মুখ্যপৃষ্ঠা »খবৰ »প্ৰযুক্তি »Reliance JIOৰ বাম্পাৰ অফাৰ ! ৯৮ টকাৰ প্ৰিপেইড প্লেনত ১০ গুণ অধিক ডাটা, ৩,৮৯৯ টকাত 4G স্মাৰ্টফোন...

Reliance JIOৰ বাম্পাৰ অফাৰ ! ৯৮ টকাৰ প্ৰিপেইড প্লেনত ১০ গুণ অধিক ডাটা, ৩,৮৯৯ টকাত 4G স্মাৰ্টফোন...

গ্ৰাহকৰ বাবে সুখবৰ আনিছে Reliance JIOএ। এবছৰ পূৰ্বে বন্ধ হোৱা ৯৮ টকাৰ প্ৰিপেইড প্লেন পুনৰ মুকলি কৰি ব্যৱহাৰকাৰীক প্ৰদান কৰিছে ১০ গুণ অধিক দাতা।

গ্ৰাহকৰ বাবে সুখবৰ আনিছে Reliance JIOএ। এবছৰ পূৰ্বে বন্ধ হোৱা ৯৮ টকাৰ প্ৰিপেইড প্লেন পুনৰ মুকলি কৰি ব্যৱহাৰকাৰীক প্ৰদান কৰিছে ১০ গুণ অধিক দাতা।

গ্ৰাহকৰ বাবে সুখবৰ আনিছে Reliance JIOএ। এবছৰ পূৰ্বে বন্ধ হোৱা ৯৮ টকাৰ প্ৰিপেইড প্লেন পুনৰ মুকলি কৰি ব্যৱহাৰকাৰীক প্ৰদান কৰিছে ১০ গুণ অধিক দাতা।

  • Share this:
এবছৰ পূৰ্বে বন্ধ হোৱা ৰিলায়েন্স জিঅ'ৰ (Reliance JIO) ৯৮ টকাৰ প্ৰিপেইড প্লেন পুনৰ আৰম্ভ কৰিছে প্ৰতিষ্ঠানটোৱে। অতি সুখবৰটো হ'ল যে জিঅ'ই এই প্ৰিপেইড প্লেনত প্ৰায় ১০ গুণ ডাটা বৃদ্ধি কৰিছে। এই ৰিচাৰ্জ প্লেনত সীমাহীন ভইচ কলিং লগতে হাইস্পীড ডাটা লাভ কৰিব গ্ৰাহকে। অৱশ্যে, এই প্লেনৰ বৈধতা এতিয়া ২৮ দিনৰ পৰা ১৪ দিনলৈ হ্ৰাস কৰা হৈছে। ইয়াৰ লগতে জিঅ' এপ্ যেনে জিঅ' টিভি, জিঅ' চিনেমা আৰু জিঅ' নিউজৰ সুবিধাও আছে। ৯৮ টকাৰ প্ৰিপেইড প্লেন পুনৰ মুকলি কৰাৰ বাবে জিঅ' ৰিচাৰ্জ প্লেন পৰ্টফলিঅ'ৰ প্ৰাৰম্ভিক মূল্য ১২৯ টকাৰ পৰা ৯৮ টকালৈ হ্ৰাস পাইছে। উল্লেখ্য যে, যোৱা বছৰ মে' মাহত জিঅ'ই ইয়াৰ পৰ্টফলিঅ'ৰ পৰা ৯৮ টকাৰ প্ৰিপেইড প্লেন বন্ধ কৰাৰ পাছত ১২৯ টকাৰ প্লেন প্ৰতিষ্ঠানটোৰ নিম্নতম মূল্যৰ প্ৰিপেইড প্লেন আছিল।

৯৮ টকাৰ প্ৰিপেইড প্লেনত উপলব্ধ লাভালাভ

গ্ৰাহকসকলে এতিয়া ৯৮ টকাৰ প্লেনত ১৪ দিনৰ বৈধতা লাভ কৰিব। ব্যৱহাৰকাৰীসকলে প্ৰতিদিনে ১.৫ জিবি ডাটা লাভ কৰিব। অৱশ্যে, ইয়াত এছএমএছ সুবিধা উপলব্ধ নাই। এই প্লেনত সকলো নেটৱৰ্কত সীমাহীন ভইচ কলিঙৰ সুবিধাও উপলব্ধ আছে। লগতে, জিঅ'টিভি, জিঅ' চিনেমা, জিঅ' চিকিউৰিটি, জিঅ' নিউজ, আৰু জিঅ' ক্লাউডৰ দৰে এপৰ ছাবছ্ক্ৰিপছ্ন প্ৰদান কৰা হয়।

JIO দ্বিতীয়টো সুলভ প্ৰিপেইড প্লেন

এই মাহৰ আৰম্ভণিতে জিঅ'ই ৩৯ আৰু ৬৯ টকাৰ প্ৰিপেইড প্লেন আগবঢ়াই জিঅ' ফোন ব্যৱহাৰকাৰীসকলৰ বাবে উপলব্ধ ৰিচাৰ্জ প্লেনৰ তালিকা পুনৰ সম্প্ৰসাৰিত কৰে। দুয়োটা প্লেনৰে বৈধতা ১৪ দিন আছিল আৰু ইয়াত সীমাহীন ভইচ কলিং অন্তৰ্ভুক্ত আছিল। অৱশ্যে, ৩৯ টকাৰ প্লেনে দৈনিক ১০০ এমবি ডাটা প্ৰদান কৰে, আনহাতে ৬৯ টকাৰ প্লেনে দৈনিক ০.৫ জিবি ডাটা প্ৰদান কৰে। জিঅ'ই শেহতীয়াকৈ জিঅ' ফোন ব্যৱহাৰকাৰীসকলৰ বাবে কেইবাটাও অফাৰ আগবঢ়াইছে যেনে - ৩০০ মিনিটৰ বিনামূলীয়া কলিং আৰু বাই-ৱান-গেট ৱান (Buy One Get One) ৰিচাৰ্জ অফাৰ।

Jioৰ বাম্পাৰ অফাৰ! মাত্ৰ ৩,৮৯৯ টকাতে ক্ৰয় কৰিব পাৰিব 4G স্মাৰ্টফোন

বাজেট স্মাৰ্টফোন নিৰ্মাতা আইটেলে যোৱা সপ্তাহত ভাৰতত ইয়াৰ নতুন কমমূল্যৰ স্মাৰ্টফোন Itel A23 Pro মুকলি কৰিছিল। মূল কথাটো হ'ল ই হৈছে এক এণ্ট্ৰী লেভেল ৪জি স্মাৰ্টফোন যাৰ মূল্য অতি কম। ১ জুনৰ পৰা এই ফোনটোৰ বিক্ৰী আৰম্ভ হৈছে। Itel A23 Proৰ খুচুৰা মূল্য হৈছে ৪,৯৯৯ টকা, এই ফোনতো ১জিবি ৰেম আৰু ৪জিবি ষ্ট'ৰেজ আছে। কিন্তু ৰিলায়েন্স জিঅ'ৰ অফাৰৰ অধীনত, ৰিলায়েন্সে অনলাইন আৰু অফলাইন দোকানসমূহত কম মূল্যত এই ফোনটো ক্ৰয় কৰাৰ সুযোগ প্ৰদান কৰিছে। আজিৰ পৰা ৰিলায়েন্স ডিজিটেল ৱেবছাইট, মাই জিঅ' ষ্ট'ৰ (MyJio Stores) আৰু ৰিলায়েন্স ডিজিটেল ষ্ট'ৰৰ (Reliance Digital Stores)পৰা জিঅ' নেটৱৰ্কৰ সৈতে ৩,৮৯৯ টকাত ক্ৰয় কৰিব পাৰি। অৰ্থাৎ, প্ৰকৃত মূল্যতকৈ ইয়াক ১,১০০ টকাৰ ৰেহাইৰ সৈতে ক্ৰয় কৰিব পাৰিব।

শেহতীয়া বাতৰি