ফেচবুকৰ সৈতে ৪৩,৫৭৪ কোটি টকাৰ চুক্তিৰ ঘোষণাৰ কিছুদিন পিছতে ৰিলায়েঞ্চ ইণ্ডাষ্ট্রীজে সোমবাৰে আন এক ডাঙৰ ঘোষণা কৰি কয় যে ব্যক্তিগত ইকুইটী ফাৰ্ম ছিলভাৰ লেকে জিঅ’ প্লেটফৰ্মত ১.১৫ শতাংশ অংশীদাৰিত্ব ৫,৬৫৫.৭৫ কোটি টকাত ক্ৰয় কৰিব। এই বিনিয়োগ জিঅ’ প্লেটফৰ্মৰ ৪.৯০ লাখ কোটিৰ মূল্যৰ ওপৰত হ’ব আৰু এণ্টাৰপ্ৰাইজেজ ভেল্যু এতিয়া ৫.১৫ লাখ কোটি টকা হ’ব।
বিশ্বৰ বৃহৎ ছচিয়েল মিডিয়া প্লেটফৰ্ম কোম্পানী ফেচবুকে শেহতীয়াকৈ ভাৰতৰ সৰ্ববৃহৎ টেলিকম কোম্পানী ৰিলায়েঞ্চ জিঅ’ত ৯.৯৯ শতাংশ অংশীদাৰিত্ব ৪৩,৫৭৪ কোটি টকাত ক্ৰয় কৰাৰ কথা ঘোষণা কৰিছে।
ৰিলায়েঞ্চ ইণ্ডাষ্ট্রীজৰ ফালৰ পৰা বিজ্ঞপ্তি জাৰি কৰি কোৱা হৈছে যে, এই বিনিয়োগ জিঅ’ প্লেটফৰ্মত ৪.৯০ লাখ কোটি টকাৰ ইকুইটী মূল্য আৰু ৫.১৫ লাখ কোটি টকাৰ এণ্টাৰপ্ৰাইজেজ ভেল্যু। এই চুক্তি ফেচবুক চুক্তিৰ তুলনাত ১২.৫ প্ৰিমিয়ামত হৈছে।
ছিলভাৰ লেকৰ সহকাৰী মুখ্য কাৰ্যবাহী বিষয়া আৰু মেনেজিং পাৰ্টনাৰ এগন ডাৰবানে এই চুক্তিক লৈ সন্তুষ্টি প্ৰকাশ কৰি কয় যে ৰিলায়েঞ্চ জিঅ’ বিশ্বৰ লেখত ল’বলগীয়া কোম্পানীসমূহৰ ভিতৰত এটা। শক্তিশালী মেনেজমেণ্ট আৰু দলৰ জৰিয়তে চলাই থকা হৈছে ইয়াক। এই কোম্পানীয়ে বৃহৎসংখ্যক গ্ৰাহক আৰু ক্ষুদ্ৰ ব্যবসায়ীৰ বাবে কম খৰচত ডিজিটেল সেৱা আগবঢ়াইছে। যাৰ ফলত এই বজাৰত সম্ভাৱনা বহুত বেছি।
২০১৬ চনত জিঅ’ৰ মুকলিৰ পিছত ৰিলায়েঞ্চ দেশৰ একমাত্ৰ এনেকুৱা কোম্পানী হিচাপে পৰিগণিত হ’ল, যিয়ে দ্ৰুতগতিত উন্নতি লাভ কৰি ভাৰতীয় বজাৰত আমেৰিকান প্ৰযুক্তি গোটৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সক্ষম হয়। ৰিলায়েঞ্চে ম’বাইল টেলিকমৰ পৰা আৰম্ভ কৰি ব্ৰডবেণ্ডলৈ সকলো ক্ষেত্ৰতে ই–কমাৰ্চৰ বিস্তাৰ কৰিছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|