ৰিলায়েঞ্চ জিঅ’ই সোমবাৰে ঘোষণা কৰিছে All-in-One Plan। এই প্লেন অনুসৰি গ্ৰাহকে পূৰ্বৰ তুলনাত অধিক ডাটা আৰু কলিঙৰ সুবিধা লাভ কৰিব। ইয়াৰ বাবে জিঅ’ই তিনিটা নতুন প্লেন আৰম্ভ কৰিছে। প্ৰথম প্লেন ২২২ টকাৰ, দ্বিতীয় প্লেন ৩৩৩ টকাৰ আৰু তৃতীয় প্লেন ৪৪৪ টকাৰ।
২২২ টকাত গ্ৰাহকে দৈনিক ২ জিবি ডাটাৰ লগতে জিঅ’–টু–জিঅ’ নেটৱৰ্কত আনলিমিটেড কলিঙৰ সুবিধা লাভ কৰিব। ২২২ টকাত এমাহৰ বাবে গ্ৰাহকে পাব এই সুবিধা কিন্তু জিঅ’ৰ পৰা আন নেটৱৰ্কৰ নম্বৰত ফোন কৰাৰ বাবে অতিৰিক্ত ১০০০ মিনিট লাভ কৰিব। ৩৩৩ টকাৰ প্লেন অনুসৰি গ্ৰাহকে একেই সুবিধা পাব যদিও ইয়াৰ ভেলিডিটি হ’ব ২ মাহ। আনহাতে, ৪৪৪ টকাৰ প্লেনত গ্ৰাহকে তিনি মাহৰ ভেলিডিটি লাভ কৰিব। উল্লেখযোগ্য যে ইয়াৰ উপৰি ১১১ টকা ৰিচাৰ্জ কৰিলে এমাহৰ বাবে অতিৰিক্ত সেৱা লাভ কৰিব।
জিঅ’ৰ এই নতুন প্লেন পুৰণি ১.৫ জিবি প্লেনৰে আপগ্ৰেডেড প্লেন। জিঅ’ৰ মতে, এই প্লেনত অতিৰিক্ত ডাটাৰ সৈতে ফ্ৰী ১০০০ IUC মিনিট লাভ কৰিব। যদি গ্ৰাহকে বেলেগকৈ IUC কাৰ্ড কিনে তেন্তে ইয়াৰ মূল্য হ’ব ৮০ টকা।
![]()
ৰিলায়েঞ্চ জিঅ’ৰ নতুন প্লেন পুৰণি ২ জিবি ডেইলী প্লেনৰ তুলনাত সুলভ। উদাহৰণস্বৰূপে বৰ্তমান তিনি মাহৰ ২ জিবি ডাটাৰ প্লেন ৪৪৮ৰ সলনি ৪৪৪ টকাত দিয়া হৈছে। লগতে দিয়া হৈছে ১০০০ মিনিট অতিৰিক্ত। আনহাতে, ২ মাহৰ প্লেন এতিয়া ২২২ টকাৰ হ’ল, যিটো পূৰ্বে আছিল ৩৯৬ টকাৰ।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক।Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|