• Home
  • »
  • News
  • »
  • technology
  • »
  • সৰ্বাধিক মাৰ্কেট শ্বেয়াৰেৰে অসমত শীৰ্ষস্থান অক্ষুণ্ণ জিঅ’ৰ, বিগত বৰ্ষত অন্তৰ্ভুক্ত ২৩ লাখ গ্ৰাহক

সৰ্বাধিক মাৰ্কেট শ্বেয়াৰেৰে অসমত শীৰ্ষস্থান অক্ষুণ্ণ জিঅ’ৰ, বিগত বৰ্ষত অন্তৰ্ভুক্ত ২৩ লাখ গ্ৰাহক

বিগত বিত্তীয় বৰ্ষৰ তৃতীয়টো ত্ৰিমাসিকত ৪২ শতাংশ ৰেভিনিউ মাৰ্কেট শ্বেয়াৰেৰে ৰিলায়েঞ্চ জিঅ’ই শীৰ্ষস্থান দখল কৰিছে।

বিগত বিত্তীয় বৰ্ষৰ তৃতীয়টো ত্ৰিমাসিকত ৪২ শতাংশ ৰেভিনিউ মাৰ্কেট শ্বেয়াৰেৰে ৰিলায়েঞ্চ জিঅ’ই শীৰ্ষস্থান দখল কৰিছে।

বিগত বিত্তীয় বৰ্ষৰ তৃতীয়টো ত্ৰিমাসিকত ৪২ শতাংশ ৰেভিনিউ মাৰ্কেট শ্বেয়াৰেৰে ৰিলায়েঞ্চ জিঅ’ই শীৰ্ষস্থান দখল কৰিছে।

  • Share this:
অসমত ৰিলায়েঞ্চ জিঅ’ৰ আধিপত্য অব্যাহত আছে। টেলিকম ৰেগুলেটৰী অধৰিটী অৱ ইণ্ডিয়াৰ ৰিপ’ৰ্ট অনুসৰি, ২০১৯ চনৰ ডিচেম্বৰ মাহত ৰিলায়েঞ্চ জিঅ’ই লাভ কৰিছে ৪১,১৪০জন নতুন গ্ৰাহক। BSNL–এ ১২,৬৩৩জন নতুন গ্ৰাহক লাভ কৰাৰ বিপৰীতে ভোডাফোন আইডিয়াৰ গ্ৰাহকৰ সংখ্যা হ্ৰাস পাইছে ৭৯,১০৮জন। সেইদৰে এয়াৰটেলৰ গ্ৰাহকো ২৩,৭৫৭জন হ্ৰাস পাইছে এই সময়ছোৱাত।

২০১৯ বৰ্ষটোত ৰিলায়েঞ্চ জিঅ’ই লাভ কৰিছে ২৩.৩ লাখ গ্ৰাহক। ২০১৮ চনৰ ডিচেম্বৰৰ ৫৬.৪ লাখ ছাবস্ক্ৰাইবাৰৰ পৰা ২০১৯ৰ ডিচেম্বৰলৈ ৭৮.৭২ লাখলৈ বৃদ্ধি পাইছে। অসমত বৰ্তমান ৰিলায়েঞ্চ জিঅ’ৰ কাষ্ট’মাৰ মাৰ্কেট শ্বেয়াৰ ৩৩.৩ শতাংশ। আনহাতে, ভোডাফোন আইডিয়া আৰু ভাৰতী এয়াৰটেলে ২০১৯ত গ্ৰাহকৰ সংখ্যা বৃদ্ধি কৰিবলৈ সমৰ্থ নহ’৸ল।

বিগত বিত্তীয় বৰ্ষৰ তৃতীয়টো ত্ৰিমাসিকত ৪২ শতাংশ ৰেভিনিউ মাৰ্কেট শ্বেয়াৰেৰে ৰিলায়েঞ্চ জিঅ’ই শীৰ্ষস্থান দখল কৰিছে। TRAI–এ বিগত বিত্তীয় বৰ্ষৰ তৃতীয় ত্ৰিমাসিকৰ অন্তিম মাহ অৰ্থাৎ ডিচেম্বৰত মুকলি কৰিছে এই তথ্য।

এই তথ্য অনুসৰি, ভাৰতীয় এয়াৰটেলে ৩৮ শতাংশ ৰেভিনিউ মাৰ্কেট শ্বেয়াৰেৰে দ্বিতীয় স্থানত আৰু ভোডাফোন আইডিয়াই ১৬ শতাংশ মাৰ্কেট শ্বেয়াৰেৰে তৃতীয় স্থান আৰু তালিকাৰ চতুৰ্থ স্থানত থকা বি এছ এন এলে ৪ শতাংশ মাৰ্কেট শ্বেয়াৰ লাভ কৰিছে। উল্লেখযোগ্য যে অসমত ম’বাইল ক্ষেত্ৰখনত ৰিলায়েঞ্চ জিঅ’ই একেৰাহে ষষ্ঠটো ত্ৰিমাসিক অৰ্থাৎ ১৮ মাহে শীৰ্ষস্থানত দপদপনি অব্যাহত ৰাখিছে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি