
ভাৰতৰ প্ৰথম ক্লাউড–বেছড ভিডিঅ’ কনফাৰেন্সিং এপ হৈছে JioMeet, যিটো বৰ্তমানলৈ ৫ মিলিয়নৰো অধিক গ্ৰাহকে ডাউনলোড কৰিছে। আম্বানীয়ে কয় – সংগঠিত খুচুৰা আৰু ডিজিটেল সেৱাৰ ব্যৱসায়ৰ উন্নতিৰ বাবে আমাৰ ডিজিটেল পৰিসেৱাৰ ব্যৱসায় বিগত বছৰৰ তুলনাত ১০ শতাংশ বৃদ্ধি পাইছে।
ৰিলায়ে়ঞ্চ জিঅ’ই 4G স্পীডত অক্ষুণ্ণ ৰাখিছে শীৰ্ষ স্থান
ৰিলায়ে়ঞ্চ জিঅ’ই 4G স্পীডত অক্ষুন্ন ৰাখিছে শীৰ্ষ স্থান। ভাৰতীয় টেলীকম ৰেগুলেটৰী অথৰিটী অৱ ইণ্ডিয়াই প্ৰকাশ কৰা তালিকাত উল্লেখ কৰা হৈছে এই তথ্য। ফেব্ৰুৱাৰী মাহত জিঅ’ৰ গড়ে 4G স্পীড ২১.৫ Mbps আছিল। য’ত জানুৱাৰী মাহত এই স্পীড আছিল ২০.৯ Mbps। একেৰাহে দুবছৰ ধৰি ৰিলায়েঞ্চ জিঅ’ 4G স্পীড সকলোতকৈ উত্তম হৈ আছে।
তুলনামুলক ভাবে ভাৰতী এয়াৰটেলৰো 4G স্পীড জানুৱাৰী মাহৰ তুলনাত ফেব্ৰুৱাৰী মাহত কিছু ভাল। জানুৱাৰী মাহত ভাৰতী এয়াৰটেলৰ 4G স্পীড আছিল ৭.৯ Mbps। আনহাতে ফেব্ৰুৱাৰী মাহত ৮.০ Mbps।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|