পেট্ৰ’ল–ডিজেলৰ চ’ৰা দামে বিপাঙত পেলাইছে সাধাৰণ জনতাক। ফলত এতিয়া বৈদ্যুতিক গাড়ীক লৈ মানুহৰ আকৰ্ষণ বাঢ়িছে। বহু নামী কোম্পানীয়ে এতিয়া বৈদ্যুতিক বাহনক লৈ কাম কৰিছে আৰু একাধিক মডেল লঞ্চ কৰা আৰম্ভ কৰিছে। ইলেকট্ৰিক বাহনৰ পিছত এতিয়া ইলেকট্ৰিক দুচকীয়া বাহনৰ জনপ্ৰিয়তা ক্ৰমান্বয়ে বৃদ্ধি পাইছে।
Pure EV–এ সম্প্ৰতি এখন শক্তিশালী ই–স্কুটাৰ ePluto 7G মুকলি কৰিছে। এই স্কুটাৰৰ আঠাইতকৈ ডাঙৰ বৈশিষ্ট্য হ’ল, ই আপোনাৰ ধন বচাব। মাত্ৰ ডেৰ লিটাৰ পেট্ৰ’লৰ দামতকৈও কম খৰচত চলিব পাৰিব সম্পূৰ্ণ মাহটো।
মাহটোত কিমান খৰচ হ’ব
Pure EV E Pluto 7G এবাৰ চাৰ্জত ১২০ কিলোমিটাৰ ৰেঞ্জ দিয়ে। অৰ্থাৎ প্ৰতি কিলোমিটাৰত মাত্ৰ ২৮ পইচা খৰচ কৰিব লাগিব আপুনি। আপুনি যদি দৈনিক ২০ কিলোমিটাৰ ভ্ৰমণ কৰে, তেন্তে আপোনাৰ এদিনত খৰচ হ’ব মাত্ৰ ৫.৬০ টকা। এইদৰে এই ই–স্কুটাৰৰ সম্পূৰ্ণ মাহটোত খৰচ হ’ব মাত্ৰ ১৫৬ টকা।
দিল্লীত এই স্কুটাৰখনৰ এক্স–শ্ব’ৰুম দাম ৮৩,৭০১ টকা। ইয়াৰ লগতে যদি আমি বিভিন্ন বেংকৰ অফাৰৰ কথা কওঁ তেন্তে আপুনি এই ই–স্কুটাৰখন প্ৰায় তিনি হাজাৰ টকাৰ মাহিলী ইএমআইত কিনিব পাৰিব। দিল্লী, মহাৰাষ্ট্ৰ আৰু গুজৰাটৰ ৰাজ্য চৰকাৰে ৰাজসাহায্য দিছে। ইয়াৰ উপৰি ই–স্কুটাৰ কিনিলে কিছুমান মডেলত কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰাও ৰাজসাহায্য পাব পাৰে।
এই স্কুটাৰৰ বৈশিষ্ট্য কি?
এই স্কুটাৰৰ একাধিক ফিচাৰ আছে। কোম্পানীয়ে এবাৰ চাৰ্জত ৯০ কিলোমিটাৰৰ পৰা ১২০ কিলোমিটাৰ পৰ্যন্ত ৰেঞ্জ দিয়াৰ দাবী কৰিছে। এই স্কুটাৰৰ সৰ্বোচ্চ গতিবেগ প্ৰতি ঘণ্টাত ৬০কিলোমিটাৰ। ইয়াৰ ওজন মাত্ৰ ৭৬ কিলোগ্ৰাম। ইয়াক চাৰি ঘণ্টাৰ ভিতৰত সম্পূৰ্ণ চাৰ্জ কৰিব পৰা যাব। ৰঙা, হালধীয়া, নীলা আৰু বগাকে ধৰি মুঠ সাতটা ৰঙত উপলব্ধ এই ই–স্কুটাৰখন।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|