দেশৰ দ্বিতীয় সৰ্ববৃহৎ চৰকাৰী বেংক পঞ্জাব নেচনেল বেংকে নিজৰ গ্ৰাহকসকলৰ বাবে লৈ আহিছে এক বিশেষ সেৱা। যদি আপুনি এই বেংকৰ গ্ৰাহক তেন্তে এই সুবিধা আপুনিও গ্ৰহণ কৰিব পাৰে। এই নতুন সেৱাৰ দ্বাৰা গ্ৰাহকে এতিয়া ঘৰতে বহি এ টি এমৰ পৰা নগদ ধন উলিয়াব পাৰিব। টকা উলিয়াবলৈ ঘৰৰ পৰা দূৰলৈ যোৱাৰ প্ৰয়োজন নাই। পঞ্জাব নেচনেল বেংকৰ ফালৰ পৰা জাৰি কৰা তথ্য অনুসৰি, বেংকটোৱে মাইক্ৰ’ এটিএম সুবিধা আৰম্ভ কৰিছে। মাইক্ৰ’ এটিএমে শ্বোৱাইপ মেচিনৰ দৰে কাম কৰিব। এয়া একধৰণৰ ভ্ৰাম্যমাণ এটিএম হ’ব যিটো বেংক মিত্ৰসকলক প্ৰদান কৰা হ’ব। বেংক মিত্ৰই ঘৰলৈ আহি আপোনাক দি যাব নগদ ধন। কেৱল আপুনি আপোনাৰ ডেবিট কাৰ্ড শ্বোৱাইপ কৰিব লাগিব।
PNBৰ ৱেবছাইটত দিয়া বিৱৰণীত কোৱা হৈছে যে মাইক্ৰ’ এটিএম এক বিশেষ হেণ্ড ডিভাইচ। ইয়াৰ বাবে পৃথককৈ কোনো ইণ্টাৰনেট সংযোগৰ প্ৰয়োজন নহ’ব। ই ম’বাইলৰ সৈতে সংযোগ হৈ কাম কৰে। দেখাত দোকানত ৰখা শ্বোৱাইপ মেচিনৰ দৰেই।
![]()
পঞ্জাব নেচনেল বেংকৰ মাইক্ৰ’ এটিএম ডিভাইচ
এই মেচিনত ATM কাৰ্ড শ্বোৱাইপ কৰা হয়। ইয়াৰ পিছত পাছৱৰ্ড দিয়া হয়। এই মেচিনৰ দ্বাৰা টকা উলিওৱা আৰু জমা কৰিবলৈ PNBৰ গ্ৰাহকে কেৱল কাৰ্ড শ্বোৱাইপ কৰি পিন নম্বৰ দিব লাগিব। পইচা দিয়া আৰু লোৱাৰ কাম বেংকৰ কৰ্মচাৰীয়ে কৰিব।
পঞ্জাব নেচনেল বেংকে নিজৰ গ্ৰামীণ শাখাত এই সুবিধা প্ৰদান কৰিছে। বেংকে নিয়োগ কৰা বেংক মিত্ৰই এতিয়া গাঁৱলৈ গৈ এই মেচিনৰ জৰিয়তে ঘৰতে টকা উলিওৱা আৰু জমা কৰাৰ সুবিধা প্ৰদান কৰিছে। ইয়াৰ বাবে বেংকটোৱে প্ৰতিখন ৰাজ্যত প্ৰায় ৫০০ বেংক মিত্ৰক নিয়োগ কৰিছে।
![]()
এই মেচিন লৈ বেংক মিত্ৰসকল দৈনিক পৃথক পৃথক স্থানলৈ যাব। যিকোনো স্থানতে এতিয়া গ্ৰাহকসকলে পইচা উলিয়াব পাৰিব। লগতে বেংকত পইচা জমা আৰু আনৰ একাউণ্টলৈ ট্ৰান্সফাৰো কৰিব পাৰিব। এই মেচিনৰ জৰিয়তে বিজুলী বিল, মোবাইল বিল, লেণ্ডলাইন বিল পৰিশোধ, টিকট বুকিং আৰু অন্যান্য অনলাইন সেৱাৰ সুবিধাও লাভ কৰিব।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|