• Home
  • »
  • News
  • »
  • technology
  • »
  • প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰীক্ষণ কৰিলে ৰিলায়েঞ্চ জিঅ’ৰ 5G সেৱা, আকাশ আম্বানীয়ে সদৰি কৰিলে তথ্য

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰীক্ষণ কৰিলে ৰিলায়েঞ্চ জিঅ’ৰ 5G সেৱা, আকাশ আম্বানীয়ে সদৰি কৰিলে তথ্য

দিল্লীত আয়োজিত ইণ্ডিয়া ম’বাইল কংগ্ৰেছ ২০২২ কাৰ্যসূচীৰ মঞ্চৰ পৰা প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ কেতবোৰ চহৰত এই সেৱাৰ আৰম্ভ কৰিব। আগন্তুক কিছু বছৰৰ ভিতৰত সমগ্ৰ ভাৰতত 5G ইণ্টাৰনেট সম্প্ৰসাৰণ হ’ব।

  • Share this:
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতত 5G সেৱাৰ শুভাৰম্ভ কৰিব। ইয়াৰ লগে লগে ভাৰতত ম’বাইল ফোনত আলট্ৰা হাই স্পীড ইণ্টাৰনেটৰ এক নতুন যুগৰ সূচনা হ’ব। দিল্লীত আয়োজিত ইণ্ডিয়া ম’বাইল কংগ্ৰেছ ২০২২ কাৰ্যসূচীৰ মঞ্চৰ পৰা প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ কেতবোৰ চহৰত এই সেৱাৰ আৰম্ভ কৰিব। আগন্তুক কিছু বছৰৰ ভিতৰত সমগ্ৰ ভাৰতত 5G ইণ্টাৰনেট সম্প্ৰসাৰণ হ’ব।

ভাৰতত 5G সেৱাৰ ওপৰত খৰচ হ’বলগীয়া ধনৰাশি ২০৩৫লৈ ৪৫০ বিলিয়ন মাৰ্কিন ডলাৰলৈ উঠিব বুলি অনুমান কৰা হৈছে। আলট্ৰা হাই স্পীড ইণ্টাৰনেটৰ সমৰ্থন কৰাত সক্ষম, পঞ্চম প্ৰজন্ম বা 5G সেৱাই এক পৰিৱৰ্তনশীল শক্তি হিচাপে ভাৰতীয় সমাজলৈ নতুন অৰ্থনৈতিক সুযোগ আৰু সামাজিক সুবিধা কঢ়িয়াই আনিব বুলি আশা কৰা হৈছে।

5G সেৱাৰ শুভাৰম্ভ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে মঞ্চত উপস্থিত থাকে কেন্দ্ৰীয় তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱ, ৰাজ্য মন্ত্ৰী দেবুসিং চৌহান, ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানী, দূৰসংযোগ বিভাগৰ সচিব কে ৰাজাৰামনসহ আন গণ্যমান্য ব্যক্তি।

দিল্লীৰ প্ৰগতি মদানত 5Gৰ প্ৰদৰ্শনীৰ নিৰীক্ষণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মোদীয়ে ভাৰতীয় ম’বাইল কংগ্ৰেছৰ ষষ্ঠ সংস্কৰণ উদ্বোধন কৰাৰ লগতে 5G সেৱাৰ শুভাৰম্ভ কৰিব। ইয়াৰ পূৰ্বে ৰিলায়েঞ্চ জিঅ’ৰ অধ্যক্ষ আকাশ আম্বানীয়ে প্ৰধানমন্ত্ৰী মোদীক 5G সেৱাৰ বিষয়ে অৱগত কৰে। আকাশ আম্বানীয়ে Jio 5G সেৱাৰ বিষয়ে মোদীক তথ্য সদৰি কৰে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি