মুখ্যপৃষ্ঠা »খবৰ »প্ৰযুক্তি »চুইছড অফ আছিল OnePlus স্মাৰ্টফোন, তথাপিও মাজনিশা হঠাৎ লাগিল জুই

চুইছড অফ আছিল OnePlus স্মাৰ্টফোন, তথাপিও মাজনিশা হঠাৎ লাগিল জুই

ইউজাৰে ৱান প্লাচ কেয়াৰক ইমেইল কৰি জনাইছে যে ৩জুলাইৰ পুৱা তিনি বাজি ১৫মিনিটত ফোনৰ পৰা জুই দেখা পোৱা যায়। লগতে তেওঁ কয় যে যিটো কক্ষত আছিল সেই কক্ষত এচি চলি আছিল। 

  • News18
  • Last Updated :
  • Share this:
    চাৰ্জিং কৰোতে ফোনৰ বিস্ফোৰণৰ বহু খবৰ দেখা পোৱা যায় কিন্তু শেহতীয়াকৈ পোহৰলৈ আহিছে এনে এক ঘটনা য’ত চুইছড অফ থকাৰ পিছতো ফোনত জুই লাগিছে। ৱানপ্লাছৰ প্ৰথমটো ফোন OnePlus Oneক লৈ ৰাহুল হিমালয়ান  এজন ইউজাৰে এই অভিযোগ কৰিছে। ইউজাৰগৰাকীয়ে প্ৰকাশ কৰা মতে মাজনিশা হঠাৎ ফোনত জুই লাগে তেওঁৰ ফোনত। ৱান প্লাচ কেয়াৰলৈ কৰা মেইলত তেওঁ দাবী কৰে যে ফোনটো পাৱাৰ এডাপ্টৰৰ সৈতে সংযোজিত নাছিল, লগতে ফোনটো চুইছড অফো আছিল। ইয়াৰ পিছতো ফোনত অগ্নিসংযোগ হয়। অৱশ্যে বিস্ফোৰণ হোৱাৰ পূৰ্বে ব্যক্তিজনে ম’বাইলৰ বেটেৰীৰ পৰা ওলোৱা জুই নিৰ্বাপন কৰে। ৩জুলাইৰ পুৱা তিনি বাজি ১৫মিনিটত এই ঘটনা সংঘটিত হয়। ব্যক্তিগৰাকীৰ অভিযোগ এচি চলি থকা ৰূমটোত তাপমাত্ৰা ১৯ডিগ্ৰী চেলছিয়াছ আছিল তাৰ মাজতে জ্বলি উঠা ফোনৰ ধোঁৱাই চকুত আমনি কৰাৰ বাবে তেওঁৰ টোপনি ভাঙে। সাৰ পাই ব্যক্তিজনে দেখে যে গোটেই কক্ষটো ধোঁৱাৰে ভৰি পৰিছে। লগে লগে ব্যক্তিজনে পানীৰে জুই নুমুৱায়। তেওঁ কয় যে সেই সময়ত ফোনটো মাত্ৰ এক ফুট দূৰৈত আছিল। যদিহে তেওঁৰ চকু সময়ত মেল নাখালহেতেন তেনেহ’লে হয়তো ডাঙৰ দূৰ্ঘটনাই সংঘটিত হ’লহেতেন।

    ব্যক্তিজনে প্ৰকাশ কৰা মতে তেওঁৰ ফোনটো পাঁচ বছৰ পুৰণি, কিন্তু তাৰ অৰ্থ এইটো নহয় যে ইয়াৰ দ্বাৰা কাৰোবাৰ জীৱন বিপদত পৰিব। তেওঁ আমাজন আৰু ম’বাইল কোম্পানী দুয়োটাকে এইবিষয়ত অভিযোগ কৰিছে।

    এই প্ৰসংগত ইণ্ডিয়া টুডেৰ এগৰাকী এংকৰে জ্বলি থকা ফোনটোৰ ফটো সহ কোম্পানীক টুইট কৰাত কোম্পানীটোৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। ৱান প্লাচে কয় যে এই বিষয়ত তেওঁলোকে ইউজাৰৰ সৈতে কথা পাতিছে আৰু টীমে এই বিষয়টো অনুসন্ধান কৰি আছে।

    শেহতীয়া বাতৰি