Loan Apps: কেন্দ্ৰই লৈছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। পুনৰ চীনৰ সৈতে জড়িত থকা প্ৰায় ২০০টা এপ ভাৰতবৰ্ষত নিষিদ্ধ কৰা হৈছে। জুৱাৰ সৈতে জড়িত ১৩৮টা এপৰ লগতে ৯৪টা এপ ঋণ অথবা লোন লিডিং ছেকচনৰ অন্তৰ্গত। উল্লেখযোগ্য যে, এই সকলোবোৰ এপ চীনৰ সৈতে জড়িত। সেইবাবেই শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে এই এপসমূহৰ ওপৰত ক্লেম্প ডাউন কৰিছে আৰু নিষিদ্ধ কৰাৰ সিদ্ধান্ত লোৱা হ’ল।
সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে গৃহ মন্ত্ৰালয়ৰ পৰা এপ নিষিদ্ধকৰণ সন্দৰ্ভত নিৰ্দেশনা লাভ কৰিছে। এইখিনিলৈকে দেখা গৈছে যে এই মন্ত্ৰালয়ে ইতিমধ্যে এপ ব্লকৰ সৈতে জড়িত কামবোৰ আৰম্ভ কৰিছে। কেন্দ্ৰই জৰুৰীকালীনভাৱে এই এপসমূহ নিষিদ্ধ কৰিছে। বিগত কিছু বছৰত কেন্দ্ৰীয় চৰকাৰে প্ৰায় ২৫০ টা চীনা এপ নিষিদ্ধ কৰিছে। ভাৰতৰ সাৰ্বভৌমত্ব, অখণ্ডতা, ভাৰতৰ প্ৰতিৰক্ষা আৰু ৰাষ্ট্ৰৰ সুৰক্ষাৰ প্ৰতি ভাবুকি সৃষ্টি কৰিব পাৰে বুলি কেন্দ্ৰই চীনৰ এপসমূহ নিষিদ্ধ কৰি আহিছে।
কেন্দ্ৰই নিষিদ্ধ কৰা এপসমূহৰ ভিতৰত আছে টিক টক, জেণ্ডাৰ, পাবজি, কেমস্কেনাৰ, গাৰিনা ফ্ৰী ফায়াৰৰ দৰে জনপ্ৰিয় এপ। ব্যৱহাৰকাৰীৰ পৰা গুৰুত্বপূৰ্ণ তথ্য সংগ্ৰহ কৰা বাবে চৰকাৰে নিষেধাজ্ঞা আৰোপ কৰিছে। লগতে এই এপসমূহে ব্যৱহাৰকাৰীসকলৰ পৰা স্মাৰ্টফোনত গুৰুত্বপূৰ্ণ অনুমতি বিচাৰিছে বুলিও প্ৰকাশ পাইছে।
ক’ব পাৰি যে শেহতীয়াকৈ কেন্দ্রই ঋণ দিয়াৰ এপ সন্দর্ভত কঠোৰ সিদ্ধান্ত লৈছে৷ কাৰণ ইতিমধ্যে বহু লোকে লেণ্ডিং এপৰ জৰিয়তে প্ৰাণ হেৰুৱাইছে। সেইবোৰে তেওঁলোকৰ প্ৰাণ কাঢ়ি লৈ গ’ল। ঋণ দিয়া এপৰ প্ৰশাসকৰ হাৰাশাস্তি সহ্য কৰিব নোৱাৰাৰ বাবেই বহু লোকৰ মৃত্যু হৈছে। এনে পৰিস্থিতিত লক্ষণীয় যে কেন্দ্রই এতিয়া চীনৰ সৈতে লিংক থকা ঋণ দিয়া এপ নিষিদ্ধ কৰিছে৷ ক’ব পাৰি যে ইয়াৰ দ্বাৰা ৰাইজক সকাহ পাব।
আনহাতে, দেশৰ কেন্দ্ৰীয় বেংক ভাৰতীয় ৰিজাৰ্ভ বেংক (RBI)য়েও বিগত সময়ত লোন লেণ্ডিং এপৰ ক্ষেত্ৰত মানুহক সাৱধান হ’বলৈ কৈছে। RBI অনুমোদিত বিত্তীয় প্ৰতিষ্ঠানৰ পৰাহে ঋণ ল’ব লাগে। লগতে কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে যে আৰ বি আইৰ অনুমোদন নোপোৱা ঋণৰ এপ গুগল প্লে ষ্ট’ৰৰ পৰা আঁতৰাই দিয়া হ’ব। এতিয়া এনে এপ নিষিদ্ধ কৰা হৈছে। গতিকে লোন এপৰ জৰিয়তে ঋণ লোৱাসকলে সাৱধান হোৱা উচিত।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|