নেটফ্লিক্স ইণ্ডিয়া (Netflix India)ই নিজৰ ছাবস্ক্ৰিপচন প্লানৰ (Netflix india plans) দাম হ্ৰাস কৰিছে। কোম্পানীয়ে এই পদক্ষেপ ভাৰতত থকা এমেজন প্ৰাইম আৰু ডিজনী+ hotstarক প্ৰত্যাহ্বান জনাবলৈ হাতত লৈছে। কোম্পানীয়ে সকলো প্লানৰ দাম হ্ৰাস কৰিছে য’ত ম’বাইল–অনলী প্লানো অন্তৰ্ভুক্ত আছে। নেটফ্লিক্সৰ মোবাইল প্লান এতিয়া ১৪৯ টকাৰ পৰা আৰম্ভ হ’ব যিটো পূৰ্বে ১৯৯ টকা আছিল। আহক চাওঁ Netflixৰ বেছিক (netflix basic plan), ষ্টেণ্ডাৰ্ড আৰু প্ৰিমিয়াম প্লানৰ নতুন দাম (netflix new plans)।
পূৰ্বে উল্লেখ কৰা হৈছে যে কোম্পানীৰ মোবাইল প্লান ১৯৯ টকাৰ পৰা হ্ৰাস কৰি ১৪৯ টকা কৰা হৈছে (netflix plan prices India)। আনহাতে, প্ৰিমিয়াম প্লান এতিয়া ৭৯৯ টকাৰ পৰা হ্ৰাস কৰি ৬৪৯ টকা কৰা হৈছে।
কিমান হৈছে সকলো প্লানৰ নতুন দাম
প্ৰথমে কওঁ মোবাইল প্লানৰ বিষয়ে যিটো এতিয়া ১৯৯ টকাৰ পৰা হ্ৰাস কৰি ১৪৯ টকা কৰা হৈছে, আনহাতে বেছিক প্লান ৪৯৯ টকাৰ সলনি ১৯৯ কৰা হৈছে (netflix new plans india)। গ্ৰাহকৰ বাবে ইয়াৰ ষ্টেণ্ডাৰ্ড প্লান ৬৪৯ টকাৰ পৰা হ্ৰাস কৰি ৪৯৯ টকা কৰি কৰা হৈছে। শেষত ইয়াৰ প্ৰিমিয়াম প্লান ৭৯৯ টকাৰ সলনি ৬৪৯ টকা কৰা হৈছে।
আনহাতে, এমেজনৰ প্ৰাইম প্লান ১২৯ টকা প্ৰতিমাহত আৰু প্ৰিমিয়াম ছাৰ্ভিচৰ বাবে ডিজনী প্লাছ হটষ্টাৰৰ বাৰ্ষিক প্লান ১৪৯৯ টকা।
ম’বাইলৰ বাবে ইয়াৰ প্লান ৪৯৯ টকা। নেটফ্লিক্সৰ নতুন প্লানৰ নাম ‘Happy New Prices’ দিয়া হৈছে। আৰু নতুন প্লান আজি অৰ্থাৎ ১৪ ডিচেম্বৰৰ পৰা কাৰ্যকৰী হ’ব।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|