চিলিৰ এক টেলিস্কোপ(দূৰবীণ)ৰ দ্বাৰা তোলা এখন ছবিত দেখুওৱা হৈছে যে নাছাৰ 'ডাবল এষ্ট্ৰইড ৰিডাইৰেকশ্বন টেষ্ট' চমুকৈ ডাৰ্ট মহাকাশযানৰ সহায়ত ইচ্ছাকৃতভাৱে উল্কাপিণ্ডত (গ্ৰহাণুত) খুণ্ডা মৰাত ইয়াৰ ধ্বংসাৱশেষ দহ হাজাৰ কিলোমিটাৰ ব্যাসাৰ্ধলৈ বিয়পি পৰিছে। ডাৰ্ট মহাকাশযানখনে বিগত ২৬ ছেপ্টেম্বৰত ইচ্ছাকৃতভাৱে ডিমৰ্ফছ নামৰ এটা উল্কাপিণ্ডত খুণ্ডা মাৰিছিল। ডিমৰ্ফছ প্ৰকৃততে ডিডমোছ নামৰ এটা ক্ষুদ্ৰ গ্ৰহাণুৰ শিল আছিল যিটো প্ৰথম গ্ৰহ প্ৰতিৰক্ষা পৰীক্ষা আছিল য'ত মহাকাশযানৰ প্ৰভাৱে এটা গ্ৰহাণুৰ কক্ষপথ সলনি কৰিবলৈ চেষ্টা কৰিছিল।
ডাৰ্ট সংঘৰ্ষৰ দুদিনৰ পিছত, জ্যোতিৰ্বিজ্ঞানীসকলে চিলিৰ ৪.১ মিটাৰ দক্ষিণ এষ্ট্ৰোফিজিকেল ৰিচাৰ্ছ (এছইউআৰ) টেলিস্কোপৰ ব্যৱহাৰ কৰি গ্ৰহাণুটোৰ পৃষ্ঠৰ পৰা ধূলি আৰু ধ্বংসাৱশেষৰ বিশাল স্তূপৰ ছবি তুলিছিল।
Nailed it! The SOAR Telescope in Chile, operated by @NOIRLabastro, captured the more than 10,000 kilometers of trail left behind after @NASA's DART spacecraft hit Dimorphos.
Credit: CTIO/NOIRLab/SOAR/NSF/AURA/T. Kareta (Lowell Observatory), M. Knight (US Naval Academy) pic.twitter.com/F9FUsELA55