ভাৰতীয় ৰিজাৰ্ভ বেংকে মোবাইল ৱালেটৰ KYCৰ ডেডলাইন ৬ মাহৰ বাবে বৃদ্ধি কৰিছে। পূৰ্বে ৩১ আগষ্টৰ ভিতৰত এই মোবাইল ৱালেটসমূহৰ KYC দাখিলৰ নিৰ্দেশ দিয়া হৈছিল। অন্যথা ১ ছেপ্টেম্বৰৰ পৰা ইয়াৰ ব্যৱহাৰ বন্ধ কৰি দিয়া হ’ব বুলি কোৱা হৈছিল নিৰ্দেশনাত। কিন্তু এতিয়া চিন্তা কৰাৰ কোনো কাৰণ নাই। ৰিজাৰ্ভ বেংকে এই সময়সীমা ৬ মাহ বৃদ্ধি কৰিছে।
এতিয়া গ্ৰাহকসকলে ২০২০ চনৰ ২৯ ফেব্ৰুৱাৰীলৈ KYC দাখিলৰ বাবে সময় পাব। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ এই সিদ্ধান্তৰ ফলত লক্ষাধিক লোকৰ মোবাইল ৱালেট বন্ধ হোৱাৰ পৰা ৰক্ষা পৰে। লগতে Paytm, Mbiquick, Airtel Money, Amazon Pay, Ola Money, Phone Pay, ICICI Pocket, HDFC PayZapp আদিৰ গ্ৰাহকে ডেডলাইন বৃদ্ধিৰ ফলত লাভান্বিত হ’ব।
মোবাইল ৱালেট ব্যৱহাৰ কৰা গ্ৰাহকসকলৰ বাবে RBI–এ KYCৰ নিয়মত সালসলনি ঘটাইছে। এতিয়া উপভোক্তাসকলে নিজৰ আধাৰ কাৰ্ড আৰু পেন কাৰ্ডৰ দৰে নথি আপলোড কৰিব লাগিব। ইয়াৰ পিছত উক্ত কোম্পানীয়ে আপলোড কৰা নথিৰ ফিজিকেল ভেৰিফিকেচন কৰিব। একাংশ কোম্পানীয়ে RBIক ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ভেৰিফিকেচনৰ অনুমতি বিচাৰিছিল যদিও ইয়াৰ ওপৰত কোনো সিদ্ধান্ত লোৱা নাই ৰিজাৰ্ভ বেংকে।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ
YouTube ,
Facebook আৰু
Twitter ত আমাক ফল’ কৰক।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|