ছীম কাৰ্ডক লৈ এক নিৰ্দেশনা জাৰি কৰিছে কেন্দ্ৰীয় টেলিকমিউনিকেচন মন্ত্ৰণালয়ে। এই নিৰ্দেশনা অনুসৰি, যিসকল লোকৰ ৯খনতকৈ অধিক ছীম কাৰ্ড আছে তেওঁলোকে ভেৰিফিকেচন কৰোৱাটো বাধ্যতামূলক হ’ব যদিহে ভেৰিফিকেচন নকৰে তেন্তে আপোনাৰ ছীম কাৰ্ড ডিএক্টিভ অৰ্থাৎ বন্ধ কৰি দিয়া হ’ব। ৭ ডিচেম্বৰ ২০২১ৰ পৰা এই নিয়ম দেশজুৰি কাৰ্যকৰী হৈছে।
নিৰ্দেশনাত কোৱা হৈছে যে টেলিকমিউনিকেচন মন্ত্ৰণালয়ৰ তৰফৰ পৰা তথ্য সংগ্ৰহৰ সময়ত যদি দেখা যায় যে কোনো গ্ৰাহকৰ ৯খনতকৈ অধিক ছীম কাৰ্ড আছে, তেন্তে পুনৰ তথ্য বিচৰা হ’ব। জম্মু-কাশ্মীৰ আৰু অসম তথা উত্তৰ-পূব ভাৰতৰ ক্ষেত্ৰত এই সীমা হৈছে ৬খন।
কেৱল নিৰ্দিষ্ট এটা কোম্পানীৰ ৯খন ছীম নহয়, সকলো কোম্পানীৰ মিলাই ৯খনৰ অধিক ছীম থাকিলে কাটি দিয়া হ’ব সংযোগ। জানিব পৰা মতে, ভুৱা ফোন, জালিয়াতি, বিত্তীয় কেলেংকাৰীৰ দৰে ঘটনা নিয়ন্ত্ৰণৰ লক্ষ্যৰেই এই সিদ্ধান্ত লোৱা হৈছে।
মন্ত্ৰণালয়ে সকলো টেলিকম অপাৰেটৰক নিৰ্দেশ দিছে যে যিসকল ব্যৱহাৰকাৰীৰ ৯খনতকৈ অধিক ছীম কাৰ্ড আছে, তেওঁলোকলৈ নটিফিকেচন প্ৰেৰণ কৰক। এনে সকলো ছিম কাৰ্ডৰ আউটগয়িং কল ৩০ দিনৰ ভিতৰত বন্ধ কৰা হওক। আনহাতে, ইনকামিং কল ৪৫ দিনৰ ভিতৰত বন্ধ কৰাৰ নিৰ্দেশ দিয়া হৈছে। অৱশ্যে ম’বাইল ছীম ব্যৱহাৰকাৰীৰ ওচৰত এক্সট্ৰা ছীম ছাৰেণ্ডাৰ কৰাৰো অপচন থাকিব।
যদি ছাবস্ক্ৰাইবাৰৰ ফালৰ পৰা ছীম ভেৰিফাই নকৰে, তেন্তে সেই চীম ৬০ দিনৰ ভিতৰত বন্ধ কৰাৰ নিৰ্দেশ দিয়া হৈছে। বিদেশত থকা লোকসকলৰ ক্ষেত্ৰত বা হাস্পতালত ভৰ্তি হৈ থকাসকলৰ বাবে আৰু বিশেষভাৱে সক্ষমসকলৰ বাবে অতিৰিক্ত ৩০ দিন দিয়া হ’ব।
যদি কোনো এজেন্সী নাইবা বেংক বা কোনো বিত্তীয় প্ৰতিষ্ঠানৰ ফালৰ পৰা ম’বাইল নম্বৰৰ বিৰুদ্ধে অভিযোগ পোৱা যায়, তেন্তে তেনে ছীমৰ আউটগয়িং কল ৫ দিনৰ ভিতৰত বন্ধ কৰা হ’ব। লগতে ইনকামিং ১০ দিনৰ ভিতৰত বন্ধ হৈ পৰিব।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in Assameseঅসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|