মুখ্যপৃষ্ঠা »খবৰ »প্ৰযুক্তি »PF আৰু Adhaar লিংক কৰাত অসুবিধা হৈছে নেকি? Step by Step এই প্ৰক্ৰিয়াৰ জৰিয়তে আজিয়েই সম্পূৰ্ণ কৰক এই কাম...

PF আৰু Adhaar লিংক কৰাত অসুবিধা হৈছে নেকি? Step by Step এই প্ৰক্ৰিয়াৰ জৰিয়তে আজিয়েই সম্পূৰ্ণ কৰক এই কাম...

আধাৰ নম্বৰ আৰু পিএফ একাউণ্টত দিয়া তথ্যৰ বিসংগতিৰ প্ৰতি লক্ষ্য ৰাখি কৰ্মচাৰী ভৱিষ্য নিধি সংস্থাই (EPFO) লিংক কৰাৰ ম্যাদ ১ ছেপ্টেম্বৰলৈ ?

আধাৰ নম্বৰ আৰু পিএফ একাউণ্টত দিয়া তথ্যৰ বিসংগতিৰ প্ৰতি লক্ষ্য ৰাখি কৰ্মচাৰী ভৱিষ্য নিধি সংস্থাই (EPFO) লিংক কৰাৰ ম্যাদ ১ ছেপ্টেম্বৰলৈ ?

আধাৰ নম্বৰ আৰু পিএফ একাউণ্টত দিয়া তথ্যৰ বিসংগতিৰ প্ৰতি লক্ষ্য ৰাখি কৰ্মচাৰী ভৱিষ্য নিধি সংস্থাই (EPFO) লিংক কৰাৰ ম্যাদ ১ ছেপ্টেম্বৰলৈ ?

  • Share this:
প্ৰতিজন কৰ্মচাৰীয়ে তেওঁৰ ভৱিষ্য নিধি (PF)একাউণ্টটো আধাৰ নম্বৰৰ (Aadhar) সৈতে লিংক কৰাটো বাধ্যতামূলক কৰা হৈছে । কিন্তু আধাৰ নম্বৰ আৰু পিএফ একাউণ্টত (PF Account) প্ৰদান কৰা তথ্যত ভিন্ন বিসংগতিৰ বাবেই আপুনি লিংক কৰাত বিফল হৈছে নেকি ।

এনে পৰিস্থিতিত কৰ্মচাৰী ভৱিষ্য নিধি সংস্থাই (EPFO) এই সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি লিংক কৰাৰ ম্যাদ ১ ছেপ্টেম্বৰলৈ বৃদ্ধি কৰিছে। লগতে, ইপিএফঅ'য়ে অনলাইনত পিএফ একাউণ্টত তথ্য আপডেট কৰাৰ সুবিধা প্ৰদান কৰিছে। ইয়াৰ অধীনত, আপোনাৰ আধাৰ নম্বৰত প্ৰদান কৰা তথ্যৰ সৈতে পিএফ একাউণ্টৰ নাম, জন্ম তাৰিখ, লিংগ, ম'বাইল নম্বৰ আদি আপডেট কৰিব পাৰি। আজি এই প্ৰতিবেদনৰ জৰিয়তে আপোনাক সমগ্ৰ প্ৰক্ৰিয়াটোৰ বিষয়ে অৱগত কৰিম।

নাম এনেদৰে সলনি কৰিব পাৰি

পিএফ একাউণ্ট এটাৰ বাবে এটা ইউএএন (UAN) নম্বৰৰ প্ৰয়োজন। আপুনি আপোনাৰ ইউএএন নম্বৰৰ জৰিয়তে প্ৰথমে EPFOৰ ৱেবছাইট https://unifiedportal-mem.epfindia.gov.in/memberinterface/ লগ ইন কৰক। লগইন কৰাৰ পিছত আপোনাৰ প্ৰ'ফাইলৰ সৈতে উইণ্ডো খন খোল খাব। ইয়াত থকা মেনেজ বিকল্পত ক্লিক কৰিলে মৌলিক বিৱৰণ আৰু যোগাযোগৰ বিৱৰণৰ বিকল্প প্ৰদৰ্শন হ'ব। মৌলিক বিৱৰণ বিকল্পত ক্লিক কৰিলে আপোনাৰ নাম, জন্ম তাৰিখ আৰু অন্যান্য তথ্য প্ৰদৰ্শন হ'ব। আধাৰ নম্বৰত থকা তথ্য অনুসৰি আপোনাৰ নাম সম্পাদনা কৰক যেনে বানান, জন্ম তাৰিখ ইত্যাদি। একেদৰে যোগাযোগৰ বিৱৰণত ম'বাইল নম্বৰ আৰু ই-মেইল আইডি আপডেট কৰক।

যদি নামটোত বানানৰ উপৰিও অন্য সংশোধন থাকে তেন্তে তথ্য দিব লাগিব

আপুনি তথ্য আপডেট কৰাৰ পিছত আপোনাৰ কোম্পানীৰ এইচআৰ বা মানৱ সম্পদ বিভাগে ইয়াত অনুমোদন জনাব। ইয়াৰ পিছত এই তথ্যবোৰ ইপিএফঅ'ৰ ফিল্ড অফিচলৈ যাব। ইয়াত সৰু সংশোধন অৰ্থাৎ বানান ইত্যাদি অনলাইন আপডেট হৈ যাব। কিন্তু যদি আধাৰত দিয়া জন্ম তাৰিখ আৰু পিএফ একাউণ্টৰ জন্ম তাৰিখ বা সম্পূৰ্ণ নাম বা উপাধি সলনি কৰাৰ মাজত তিনি বছৰৰ পাৰ্থক্য থাকে, আপুনি প্ৰাসঙ্গিক নথিপত্ৰবোৰ ইপিএফঅ'ৰ কাৰ্যালয়ত দাখিল কৰিব লাগিব। যদি বিবাহৰ পিছত উপাধি পৰিৱৰ্তন হয়, আপুনি বিবাহৰ প্ৰমাণপত্ৰ আৰু গেজেটত প্ৰকাশিত নাম পৰিৱৰ্তনৰ প্ৰতিবেদন দিব লাগিব। একেদৰে, আপুনি বেংক একাউণ্ট নম্বৰ, নমিনি আদিৰ ক্ষেত্ৰতো আপডেট কৰিব পাৰে।

পিএফ একাউণ্ট আধাৰৰ সৈতে লিংক কৰাটো এইবাবেই প্ৰয়োজনীয়

কেন্দ্ৰীয় চৰকাৰে ৩ মে'ত সামাজিক সুৰক্ষাৰ অধীনত পিএফ চিনাক্ত কৰিছে। এই নিয়মৰ অধীনত, পিএফ এতিয়া চৰকাৰৰ সামাজিক আঁচনি। যিহেতু প্ৰতিটো সামাজিক আঁচনি আধাৰৰ সৈতে সংযুক্ত কৰা প্ৰয়োজন, পিএফ একাউণ্ট লিংক নকৰিলে পিএফত নিয়োগকৰ্তাৰ অৱদান বন্ধ হৈ পৰিব। লগতে, আপুনি পিএফৰ ধন উলিয়াব নোৱাৰিব। ই ভৱিষ্যতে আপোনাৰ পেঞ্চনৰ ক্ষেত্ৰতো প্ৰভাৱ পেলাব।

আধাৰৰ তথ্যই বৈধ

কেন্দ্ৰীয় চৰকাৰৰ বাবে আধাৰৰ তথ্যই হ'ব বৈধ। আৰু আধাৰ নম্বৰ জাৰি কৰা সংস্থা ইউআইডিএআইয়ে (UIDAI) আপোনাৰ ভেৰিফিকেশ্বন কৰে। গতিকে পিএফ একাউণ্টৰ সৈতে আধাৰৰ তথ্য নিমিলিলে আপুনি পিএফৰ সুবিধা লাভ নকৰিব।

শেহতীয়া বাতৰি