২২ জুলাইত উৎক্ষেপণ কৰা হ’ব Chandrayaan-2। ইতিমধ্যে Chandrayaan-2ৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। এই কথা টুইটাৰযোগে প্ৰকাশ কৰিছে ISRO–এ। ১৫ জুলাইত কাৰিকৰী সমস্যাৰ বাবে স্থগিত ৰখা হৈছিল GSLV মাৰ্ক III-M1 চন্দ্ৰযান ২ৰ উৎক্ষেপণ। উত্ক্ষেপণৰ ৫৬.২৪ মিনিট পূৰ্বে স্থগিত ৰখাৰ ঘোষণা কৰিছিল ISRO-এ।
চন্দ্ৰৰ দক্ষিণ মেৰুত ৰভাৰ অৱতৰণ কৰোৱাৰ লক্ষ্যৰে প্ৰক্ষেপণ কৰা হ’ব চন্দ্ৰযান ২। ৰকেটৰ কাৰিকৰী সমস্যাৰ বাবে ১৫ জুলাইত স্থগিত ৰখা হৈছিল চন্দ্ৰযান ২ৰ উৎক্ষেপণ।
অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা উত্ক্ষেপণ কৰিবলগীয়া চন্দ্ৰযান ২ৰ এই অভিযানত ব্যয় কৰা হৈছে ৯৭৮ কোটি টকা। ২.৪ টন ওজনৰ GSLV Mk III ৰকেটে কঢ়িয়াই নিব চন্দ্ৰযান ২ মহাকাশ যানখন। সম্পূৰ্ণ দেশীয় প্ৰযুক্তিৰে নিৰ্মাণ কৰা চন্দ্ৰযান ২–এ চন্দ্ৰত পানীৰ অৱস্থিতি সন্দৰ্ভত পৰীক্ষা–নিৰীক্ষা চলাব। এই অভিযান সফল হ’লে চন্দ্ৰত ৰভাৰ অৱতৰণ কৰোৱা চতুৰ্থখন দেশ হ’ব ভাৰত।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : July 21, 2019, 09:22 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।