আধাৰ কাৰ্ড এতিয়া অতি গুৰুত্বপূৰ্ণ নথি ৰূপে পৰিচিত হৈছে। আধাৰ কাৰ্ডৰ দ্বাৰা ছিম কাৰ্ডো উলিয়াব পাৰি। এনে অৱস্থাত আপোনাৰ আধাৰ কাৰ্ড ব্যৱহাৰ কৰি আনেও ছিম উলিয়াই ব্যৱহাৰ কৰি আছে নেকি, সেয়া জানিবলৈ আপুনি আপোনাৰ আধাৰ নম্বৰৰ সৈতে কিমানটা মোবাইল ছিম লিংক কৰা হৈছে সহজে জানিব পাৰে।
যদি দেখিবলৈ পাই যে আপুনি ব্যৱহাৰ নকৰা ছিম কাৰ্ডো (Mobile Sim) আপোনাৰ আধাৰ কাৰ্ডৰে (Aadhaar) সংলগ্ন হৈ আছে, তেন্তে আপুনি ইয়াক অফ কৰিব পাৰে।
চৰকাৰে আপোনাৰ আধাৰ নম্বৰত কিমানটা ছিম সক্ৰিয় কৰা হৈছে জানিবলৈ এটা প'ৰ্টেলও উলিয়াইছে। দূৰসংযোগ বিভাগে (DoT) শেহতীয়াকৈ টেলিকম এনালিটিক্স ফৰ ফ্ৰড মেনেজমেণ্ট এণ্ড কনজুমাৰ প্ৰটেকচন (TAFCOP) প'ৰ্টেল মুকলি কৰিছে। এই প'ৰ্টেলৰ জৰিয়তে ব্যৱহাৰকাৰীসকলে তেওঁলোকৰ আধাৰ নম্বৰৰ সৈতে সম্পৰ্কিত সকলো ফোন নম্বৰ পৰীক্ষা কৰিব পাৰে।
TAFCOP ৱেবছাইটৰ জৰিয়তে আপোনাৰ অজ্ঞাতে আধাৰ নম্বৰৰ সৈতে মোবাইল নম্বৰ লিংক কৰিছে, আপুনি ইয়াৰ বিষয়ে অভিযোগো কৰিব পাৰে। ইয়াৰ উপৰিও আপুনি আপোনাৰ পুৰণি আৰু অব্যৱহৃত নম্বৰটো আপোনাৰ আধাৰৰ পৰা সহজে পৃথক কৰিব পাৰে।
লিংক কৰা ছিম কেনেদৰে পৰীক্ষা কৰিব?
১. আপোনাৰ আধাৰৰ সৈতে সংযোজিত মোবাইল ছিমৰ বিষয়ে জানিবলৈ আপুনি প্ৰথমে https://tafcop.dgtelecom.gov.in/ যাব লাগিব।
২. আপুনি ইয়াত আপোনাৰ ফোন নম্বৰ প্ৰবিষ্ট কৰিব লাগিব।
৩. ইয়াৰ পিছত আপুনি 'Request OTP' বুটামত ক্লিক কৰিব লাগিব।
৪. ইয়াৰ পিছত আপুনি আপোনাৰ ম'বাইল নম্বৰত OTP প্ৰবিষ্ট কৰিব লাগিব।
৫. তাৰ পিছত আপোনাৰ আধাৰ নম্বৰৰ সৈতে সম্পৰ্কিত সকলো নম্বৰ ৱেবছাইটত প্ৰদৰ্শিত হ'ব।
৬. ইয়াতে আপুনি ব্যৱহাৰ নকৰা বা আৰু প্ৰয়োজন নোহোৱা নম্বৰবোৰ ব্লক কৰিব পাৰে।
Published by: Gautam Barman
FIRST PUBLISHED : July 12, 2022, 19:28 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।