• Home
  • »
  • News
  • »
  • technology
  • »
  • এণ্ড টু এণ্ড এনক্ৰিপচন থকাৰ পিচতো এইবোৰ পদ্ধতিৰে লিক হয় হোৱাটছএপ চাট!

এণ্ড টু এণ্ড এনক্ৰিপচন থকাৰ পিচতো এইবোৰ পদ্ধতিৰে লিক হয় হোৱাটছএপ চাট!

হোৱাটছএপৰ কথা–বতৰা কেনেকৈ লিক হয়। এটা কথা স্পষ্ট যে কোনো এখন পিছফালে দুৱাৰ থাকে যাৰ পৰা চাট লিক হয়।

হোৱাটছএপৰ কথা–বতৰা কেনেকৈ লিক হয়। এটা কথা স্পষ্ট যে কোনো এখন পিছফালে দুৱাৰ থাকে যাৰ পৰা চাট লিক হয়।

হোৱাটছএপৰ কথা–বতৰা কেনেকৈ লিক হয়। এটা কথা স্পষ্ট যে কোনো এখন পিছফালে দুৱাৰ থাকে যাৰ পৰা চাট লিক হয়।

  • Share this:
নতুন দিল্লীঃ ফেচবুকে যিমানেই হোৱাটছএপৰ চাট সুৰক্ষিত আৰু এণ্ড টু এণ্ড এনক্ৰিপটেডৰ কথা নকওক কিয় ভিন্ন সময়ত হোৱাটছএপ চাট লিক হোৱাৰ খবৰে মানুহক উদ্বিগ্ন কৰি আহিছে। কোম্পানীয়ে দাবী কৰি আহিছে যে নিজৰ ২০০ কোটি ব্যৱহাৰকাৰীৰ কথা–বতৰা সুৰক্ষাৰ কাৰণে এক অভেদ্য সুৰক্ষা কৱচ হিচাপে কাম কৰি আহিছে তেওঁলোকৰ ব্যৱস্থা। তথাপিও হোৱাটছ এপৰ কথা–বতৰা কেনেকৈ লিক হয়। জানক।

হোৱাটছএপে নিজৰ শ্বেতপত্ৰত প্ৰকাশ কৰা মতে তেওঁলোকৰ চাট সুৰক্ষিত ৰখাৰ ব্যৱস্থা এণ্ড টু এণ্ড এনক্ৰিপচনৰ জৰিয়তে বাৰ্তা প্ৰেৰণ কৰাজনৰ ডিভাইচ আৰু প্ৰাপ্ত কৰাজনৰ ডিভাইচ এনক্ৰিপটেড হৈ থাকে। অৰ্থাৎ কোনো তৃতীয় ব্যক্তিয়ে লাগিলে সেয়া হোৱাটছএপেই হওক বা কোম্পানী ফেচবুকেই নহওক কিয় তাৰ মাজত হস্তক্ষেপ কৰিব নোৱাৰে।

হোৱাটছএপৰ মতে কথা–বতৰা পতাৰ যি প্ৰৱাহ তাৰ কাৰণে চিগনেল এনক্ৰিপচন প্ৰট’কলৰ ব্যৱহাৰ কৰা হয়। ইয়াক এক সুৰক্ষিত তলা হিচাপে ধৰা হয় যিটোৰ চাবি কেৱল বাৰ্তা পঠিওৱা আৰু প্ৰাপ্ত কৰাজনৰ কাষতহে থাকে। উল্লেখনীয় দিশ যে এই এনক্ৰিপচন নিজে নিজে চালু হৈ পৰে। ইয়াক সক্ৰিয় কৰিবলৈ কোনো চেটিং বা নিজৰ বাৰ্তাবোৰ সুৰক্ষিত ৰাখিবলৈ কোনো গুপুত চাটৰ দৰে ব্যৱস্থা কৰিব নালাগে। চিগনেল এনক্ৰিপচনৰ এই পদ্ধতি ক্ৰিপ্ট’গ্ৰাফিক প্ৰট’কল হিচাপে জনা যায় যিটোক ২০১৩ত অপেন হুইচপাৰ চিষ্টেমে ডেভলপ কৰিছিল।

কিন্তু যদিহে প্ৰাপ্তকৰ্তাই নিজৰ দিশত মেচেজবোৰ শৃংখল কৰিবলৈ কোনো বিক্ৰেতাৰ ব্যৱহাৰ কৰে তেতিয়া তাক এণ্ড টু এণ্ড এনক্ৰিপচনৰ শাৰীত ৰাখিব নোৱাৰি।

কথা–বতৰা কেনেকৈ লিক হয়?

সাধাৰণতে হোৱাটছএপৰ বাৰ্তা লিক হোৱাৰ অৰ্থ স্ক্ৰীণশ্বটৰ অধিক নহয়। ইয়াত হোৱাটছএপে নিজৰ ব্যক্তিগত নীতিৰ উপশীৰ্ষক অৰ্থাৎ যাক থাৰ্ড পাৰ্টী ইনফৰ্মেচন কোৱা হয় তাৰ অধীনত কৈছে যে কোনো ব্যৱহাৰকাৰীয়ে আপোনাৰ বাৰ্তা বা কথা–বতৰাৰ স্ক্ৰীণশ্বট ল’ব পাৰে বা আপোনাৰ কল ৰেকৰ্ডিং কৰি হোৱাটছএপৰ জৰিয়তে আন কাৰোবাক প্ৰেৰণ কৰিব পাৰে বা আন কোনো প্লেটফ’ৰ্মত আপলড কৰিব পাৰে।

ফোনৰ ক্লনিং কৰিও সম্ভৱ

শেহতীয়াকৈ ৰিয়া চক্ৰৱৰ্তী আৰু আৰ্য়ান খানৰ গোচৰৰ ক্ষেত্ৰত আইনী বিষয়াসকলে তেওঁলোকৰ ফোনৰ জৰিয়তে আনৰ সৈতে হোৱা কথা–বতৰা উলিয়াইছিল। ফোনটো বিষয়াক দিয়াৰ পিছত ডিলিট কৰা কথা–বতৰাও পুনৰ উদ্ধাৰ কৰি চাব পাৰিছিল। ফোনৰ ক্লনিং অৰ্থাৎ কোনো এটা ফোনৰ হুবহু নকল তৈয়াৰ কৰি অৰ্থাৎ তাৰ ক্লনিং কৰি ফোনটোত থকা সকলো সামগ্ৰী কপি কৰিব পৰা যায়।

ইয়াৰ পিছত ফোনত গোপনে এক স্পাইৱেৰ দিব পৰা যায় (ইনষ্টল), ইয়াৰ জৰিয়তে ফোনৰ সৈতে জৰিত সকলো গতি–বিধি একেৰাহে চকু ৰাখিব পৰা যায়। পেগাচাচ স্পাইৱেৰ যিটো ইজৰাইলী কোম্পানীয়ে ডেভলপ কৰিছে তাৰ জৰিয়তে হোৱাটছএপৰ কথা–বতৰালৈকে পাব পৰা যায়।

কিন্তু হোৱাটছএপৰ কথা–বতৰা পোৱাৰ সকলোতকৈ সহজ পদ্ধতি ক্লাউডত হোৱাটছএপ ষ্ট’ৰত কথা–বতৰাৰ বেকআপ। এতিয়া হোৱাটছএপে নিজে ক্লাউড ষ্টৰেজ আৰু বাৰ্তাবোৰৰ বেকআপ যিটো থাৰ্ড পাৰ্টী যেনে গুগল ড্ৰাইভ বা আই ক্লাউডত থাকে সেয়া উপলব্ধ নকৰে। ক্লাউডত থকা ষ্টৰেজ এনক্ৰিপ্টেড নহয়। যদি ব্যৱহাৰকাৰীৰ ক্লাউড ষ্টৰেজ হেক হয় তেতিয়া তেওঁৰ কথা–বতৰাৰ বেকআপলৈকে পাব পৰা যায়। অৱশ্যে ছেপ্তেম্বৰত ফেচবুকৰ প্ৰতিষ্ঠাতা মাৰ্ক জাকাৰবাৰ্গে কয় যে হোৱাটছএপত সুৰক্ষাৰ আৰু এক স্তৰ সংলগ্ন কৰা হৈছে যিটোৱে গুগল ড্ৰাইভ বা আই ক্লাউডক বেকআপ হিচাপে বাচনি কৰা লোকক এণ্ড টু এণ্ড এনক্ৰিপচনৰ বিকল্প প্ৰদান কৰিব।

হোৱাটছএপৰ ব্যক্তিগত সুৰক্ষা নীতি বিভিন্ন সময়ত বিতৰ্কৰ আৱৰ্তত আহিছে আৰু হোৱাটছএপে কেতবোৰ বিশেষ পৰিস্থিতিত ব্যৱহাৰকাৰীৰ বাৰ্তাসমূহ পাব পাৰে।

ছেপ্তেম্বৰ মাহত প্ৰ’ পাব্লিকাৰ এক প্ৰতিবেদনত হোৱাটছএপৰ গোপনীয়তা নীতিক প্ৰশ্ন কৰা হৈছে। প্ৰতিবেদনত কোৱা হৈছে যে কোম্পানীয়ে প্ৰায় ১০০০ লোক টেক্সাছ, ছিংগাপুৰ আৰু ডাবলিন কাৰ্যালয়ত নিয়োগ কৰিছে যিসকলৰ কাম হৈছে ব্যৱহাৰকাৰীয়ে ফ্লেগ কৰা (প্ৰশ্ন সোধা) বাৰ্তাবোৰ নিৰীক্ষণ কৰা। কেৱল ইমানেই নহয় কোম্পানীয়ে নিজৰ গোপনীয় নীতিত এই কথা কৈছে যে যেতিয়া কোনো ৰিপ’ৰ্ট দাখিল কৰা হয় তেতিয়া তেওঁলোকে ৰিপ’ৰ্ট দাখিল কৰা আৰু যাৰ বিৰুদ্ধে ৰিপ’ৰ্ট দিয়া হৈছে দুই পক্ষৰে তথ্য সংগ্ৰহ কৰে।

এই প্ৰতিবেদনত মেটাডাটাৰ বিষয়েও উল্লেখ কৰা হৈছে যিবোৰ হোৱাটছএপে একত্ৰিত কৰে। এয়া এনক্ৰিপচনৰ অধীনস্থ নহয়। কিন্তু ইয়াত ব্যৱহাৰকাৰীৰ সৈতে সম্পৰ্কিত বহু তথ্য যেনে ঠাই, ফোন নম্বৰ আদি থাকে। এই ধৰণৰ মেটাডাটা আইন প্ৰৱৰ্তনকাৰী এজেন্সীৰ অনুৰোধত তেওঁলোকে প্ৰদানো কৰে।
First published:

শেহতীয়া বাতৰি