• Home
  • »
  • News
  • »
  • technology
  • »
  • Kaliabor College : এবাৰ ব্যৱহাৰ্য প্লাষ্টিকেৰে ইটা নিৰ্মাণ কৰি উলিয়ালে কলিয়াবৰ মহাবিদ‍্যালয়ৰ এগৰাকী অধ‍্যাপকে, পেটেণ্ট পোৱাৰ প্ৰক্ৰিয়াত এই প্ৰযুক্তি

Kaliabor College : এবাৰ ব্যৱহাৰ্য প্লাষ্টিকেৰে ইটা নিৰ্মাণ কৰি উলিয়ালে কলিয়াবৰ মহাবিদ‍্যালয়ৰ এগৰাকী অধ‍্যাপকে, পেটেণ্ট পোৱাৰ প্ৰক্ৰিয়াত এই প্ৰযুক্তি

তেজপুৰ বিশ্ববিদ্যালয়ৰ চিভিল ইঞ্জিনীয়াৰিং বিভাগত পৰীক্ষণ কৰি মাটিৰ ইটা বা এ. চি. ব্লকৰ সমপৰ্যায়ৰ ক্ষমতাসম্পন্ন বুলি প্ৰাৰম্ভিক পৰীক্ষাত প্ৰমাণিত হৈছে।

তেজপুৰ বিশ্ববিদ্যালয়ৰ চিভিল ইঞ্জিনীয়াৰিং বিভাগত পৰীক্ষণ কৰি মাটিৰ ইটা বা এ. চি. ব্লকৰ সমপৰ্যায়ৰ ক্ষমতাসম্পন্ন বুলি প্ৰাৰম্ভিক পৰীক্ষাত প্ৰমাণিত হৈছে।

তেজপুৰ বিশ্ববিদ্যালয়ৰ চিভিল ইঞ্জিনীয়াৰিং বিভাগত পৰীক্ষণ কৰি মাটিৰ ইটা বা এ. চি. ব্লকৰ সমপৰ্যায়ৰ ক্ষমতাসম্পন্ন বুলি প্ৰাৰম্ভিক পৰীক্ষাত প্ৰমাণিত হৈছে।

  • Share this:
সমস‍্যাৰ মাজতে সম্ভাৱনাও লুকাই থাকে। মাত্ৰ সেই সম্ভাৱনাক বাস্তৱ ৰূপ দিবলৈ লাগে সাধনা আৰু সু-পৰিকল্পনা। তেনে এক সমস‍্যাক সম্ভাৱনালৈ পৰিৱৰ্তন কৰাত সফল হৈছে কলিয়াবৰ মহাবিদ্যালয়ৰ এগৰাকী অধ্যাপক।

এনে সাধনাৰে এবাৰ ব্যৱহাৰ্য প্লাষ্টিকেৰে ইটা নিৰ্মাণ কৰি উলিয়ালে কলিয়াবৰ মহাবিদ‍্যালয়ৰ (Kaliabor College) এগৰাকী অধ‍্যাপকে। অধ‍্যাপকগৰাকীৰ অভিনৱ উদ্ভাৱনে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে৷ পেলনীয়া প্লাষ্টিক সামগ্ৰীৰ পৰা ইটা প্ৰস্তুতৰ এই ব্যতিক্ৰমী চিন্তাৰ ফচলে সমাজ ব্যৱস্থাত এক ইতিবাচক আৰু যোগাত্মক প্ৰভাৱ পেলাব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে৷

উল্লেখ্য যে বিশ্বত প্ৰদূষণ সৃষ্টি কৰা কাৰকসমূহৰ ভিতৰত এবাৰ ব্যৱহাৰ্য প্লাষ্টিক অন্যতম। কি মাটি, কি পানী, কি সাগৰ-মহাসাগৰ, য'তেই বিচৰা যায় তাতেই ইয়াক দেখা পোৱা যায়। পৃথিৱীৰ চুকে-কোণে পেলনীয়া প্লাষ্টিকৰ আৱৰ্জনাবোৰ দ’ম খাই এক দৃষ্টিকটু পৰিৱেশৰো সৃষ্টি কৰিছে। এই সমস্যা সমাধানৰ একমাত্ৰ উপায় হ’ল- প্লাষ্টিক উৎপাদন বন্ধ কৰা, যিটো বৰ্তমান পৰিস্থিতিত প্ৰায় অসম্ভৱ।

কলিয়াবৰ মহাবিদ্যালয়ৰ ‘আত্মাৰাম শৰ্মা ৰিচাৰ্ছ ইন’ভেছন এণ্ড ইনকিউবেছন চেন্টাৰে’ এই সমস্যা সমাধানৰ উদ্দেশ্যে বাউণ্ডেৰী ৱাল বা শৌচালয় নিৰ্মাণত ব‍্যৱহাৰ কৰিব পৰাকৈ এবাৰ ব্যৱহাৰ্য প্লাষ্টিকক কয়লা সংমিশ্ৰণেৰে ইটালৈ ৰূপান্তৰিত কৰাৰ এক অভিনৱ প্ৰযুক্তি উদ্ভাৱন কৰিছে। এই প্ৰযুক্তিৰ উদ্ভাৱকজন হ’ল কলিয়াবৰ মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক চিৰঞ্জীৱ বেজবৰুৱা (Brick Makes by one time used plastic)।

এই ইটাবিধ নিৰ্মাণ কৰোঁতে কয়লাৰ গুৰি ব‍্যৱহাৰ কৰিছে অধ‍্যাপকগৰাকীয়ে। এই ইটাবিধ তেজপুৰ বিশ্ববিদ্যালয়ৰ চিভিল ইঞ্জিনীয়াৰিং বিভাগত পৰীক্ষণ কৰি মাটিৰ ইটা বা এ. চি. ব্লকৰ সমপৰ্যায়ৰ ক্ষমতাসম্পন্ন বুলি প্ৰাৰম্ভিক পৰীক্ষাত প্ৰমাণিত হৈছে। বৰ্তমান এই প্ৰযুক্তি পেটেন্ট পোৱাৰ প্ৰক্ৰিয়াত আছে। এইক্ষেত্ৰত যদি চৰকাৰ আগবাঢ়ি আহে, তেন্তে প্ৰযুক্তিটোত আৱশ্যকীয় সাল-সলনি ঘটাই উপযুক্ত যন্ত্ৰপাতিৰ ব্যৱহাৰৰে এনে ইটা ব্যৱসায়িক ভিত্তিত আৰু আৰ্থিকভাৱে লাভজনক হোৱাকৈ উৎপাদন কৰিব পৰা যাব বুলি উদ্ভাৱকজনে আশা প্ৰকাশ কৰে।

সহকাৰী অধ‍্যাপক চিৰঞ্জীৱ বেজবৰুৱাৰ এনেধৰণৰ উদ্ভাৱনী চিন্তা-চৰ্চাত সততে সহায়-সহযোগ কৰাৰ লগতে উৎসাহ যোগায় আহিছে কলিয়াবৰ মহাবিদ‍্যালয়ৰ অধ‍্যক্ষ ড০ হিৰণ‍্য কুমাৰ চলিহা তথা মহাবিদ‍্যালখনৰ সহকৰ্মী শিক্ষক তথা ছাত্ৰ-ছাত্ৰীসকলে।
Published by:Gautam Barman
First published: