জিঅ’ফোন নেক্সট (JioPhone Next) এই দিপাৱলীৰ পূৰ্বে বজাৰলৈ আহিব পাৰে। ইয়াৰ পূৰ্বে ১০ ছেপ্টেম্বৰত এই ফোনটো বজাৰত মুকলি হোৱাৰ পৰিকল্পনা আছিল। এই সন্দৰ্ভত ৰিলায়েঞ্চ জিঅ’ই কৈছিল যে কিছু লিমিটেড ব্যৱহাৰকাৰীৰ সৈতে এই ফোনৰ টেষ্টিং কৰা হৈ আছে যাতে দিপাৱলীৰ পূৰ্বে বৃহৎ পৰিসৰত মুকলি কৰিব পৰা যায়।
JioPhone Next মুকলি কৰাৰ উদ্দেশ্য সেইসকল লোকক সহায় কৰা, যিসকলে এতিয়াও ফিচাৰ ফোন ব্যৱহাৰ কৰি আছে। জিঅ’ই প্ৰকাশ কৰিছিল যে JioPhone Next বিশ্বৰ সবাতোকৈ কম দামৰ 4G স্মাৰ্টফোন হ’ব। অৱশ্যে কোম্পানীয়ে এতিয়াও ইয়াৰ দাম প্ৰকাশ কৰা নাই। কিন্তু কেইবাটাও ৰিপ’ৰ্টৰ অনুমান যে ভাৰতত নতুন জিঅ’ ফোনৰ দাম ৩,৪৯৯ টকা হ’ব পাৰে।
জিঅ’ ফোনৰ ফিচাৰ
এই সন্দৰ্ভত কোম্পানীয়ে কোনো তথ্য প্ৰকাশ কৰা নাই। কিন্তু কোম্পানীয়ে এয়া নিশ্চিত কৰিছিল যে এই ফোন লেটেষ্ট এনড্ৰইড ৰিলিজ আৰু ছিকিউৰিটী আপডেছৰ সৈতে আহিব। জিঅ’ ফোনত ‘Read Aloud’ আৰু ‘Translate Now’ থাকিব আৰু ইয়াত গুগল প্লে প্ৰিলোডেড হ’ব।