দেৱালীৰ পূৰ্বে ৰিলায়েন্স জিঅ'ই মেকিং অফ জিঅ' ফোন নেক্সটৰ মুকলি কৰা ভিডিঅ'ত এই সুলফ মূল্যৰ স্মাৰ্টফোনটোৰ বিষয়ে বিতংকৈ উল্লেখ কৰিছে। Making of JioPhone Next নামৰ চমু ভিডিঅ'টোৱে প্ৰকাশ কৰিছে যে ভাৰতীয়ই ভাৰতত ভাৰতবাসীৰ বাবে নির্মাণ কৰা এই স্মাৰ্টফোনটো এণ্ড্ৰইড ভিত্তিক প্ৰগতি অ'এছ(OS)ৰ দ্বাৰা পৰিচালিত হ'ব। প্ৰতিজন ভাৰতীয়লৈ সমান সুযোগ আৰু সুবিধা কম মূল্যতে দিবলৈ ৰিলায়েন্সে কৰা অংগীকাৰ বাস্তৱায়ন কৰিছে জিঅ ফোন নেক্সটৰ মাজেৰে।
ৰিলায়েন্স জিঅ'ই (Reliance Jio) উল্লেখ কৰাৰ দৰে পৰৱৰ্তী সময়ত জিঅ' ফোনটো কোৱালকম প্ৰচেছৰ (Qualcomm Processor)ৰ সৈতে বজাৰলৈ আহি আছে৷ কোম্পানীটোৱে লগতে জনায় যে সংযোগ, অৱস্থান প্ৰযুক্তি, অডিঅ' আৰু বেটাৰিৰ দৰে ডিভাইচৰ ক্ষেত্ৰত নিখুঁত হ'বলৈ এই কোৱালকম প্ৰচেছৰটো জিঅ' ফোন নেক্সটত ব্যৱহাৰ কৰা হৈছে৷
ভাৰতৰ বহু লোকে জিঅ' ফোন নেক্সট মুকলিৰ বাবে অপেক্ষা কৰি আছে। বহুতে সুলভ মূল্যৰ এই ফোনটো ব্যৱহাৰ কৰিব বিচাৰে। এতিয়া এই অপেক্ষাৰ অন্ত পেলাই জিঅ' ফোন নেক্সটৰ মুকলিৰ তাৰিখ নিশ্চিত কৰা হৈছে।
JioPhone Next-ত ৫.৫ ইঞ্চিৰ এইচডি ডিচপ্লে থাকিব পাৰে। কোম্পানীটোৱে নতুন মডেলটোত ২ জিবি বা ৩ জিবি ৰেম আগবঢ়াব পাৰে। তেনে ক্ষেত্ৰত, জিঅ'ই ১৬ জিবি বা ৩২জিবিৰ দুটা ভেৰিয়েণ্ট আনিব পাৰে। ইয়াৰ লগত ৪জি VoLTE সংযোগ থাকিব পাৰে। ফোনটো আৰম্ভণিৰ পৰাই এণ্ড্ৰইড ১১ গো সংস্কৰণত চলিব।
ৰিলায়েন্স জিঅ'ই এই বছৰ কোম্পানীৰ বাৰ্ষিক সাধাৰণ সভাত স্মাৰ্টফোনটো মুকলি কৰাৰ কথা ঘোষণা কৰিছিল৷ ছেপ্টেম্বৰত জিঅ' আৰু গুগলে কৈছিল যে সীমিত সংখ্যক গ্ৰাহকৰ মাজত জিঅ' ফোন নেক্সটৰ পৰীক্ষা-নিৰীক্ষা আৰম্ভ হৈছে৷ এতিয়া কোম্পানীটোৱে দেৱালীৰ সময়ত দেশৰ বজাৰত এই ফোনটো মুকলি কৰাৰ লক্ষ্য ৰাখিছে৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|