• Home
  • »
  • News
  • »
  • technology
  • »
  • Jio True 5G : কাইলৈৰ পৰা শুভাৰম্ভ ৰিলায়েন্স জিঅ'ৰ ট্ৰু ৫–জি বিটা ট্ৰায়েল, চাৰি চহৰে পাব এই সেৱা

Jio True 5G : কাইলৈৰ পৰা শুভাৰম্ভ ৰিলায়েন্স জিঅ'ৰ ট্ৰু ৫–জি বিটা ট্ৰায়েল, চাৰি চহৰে পাব এই সেৱা

গ্ৰাহকসকলে 1 Gbps+ পৰ্যন্ত গতিৰে আনলিমিটেড 5G ডাটা লাভ কৰিব।

গ্ৰাহকসকলে 1 Gbps+ পৰ্যন্ত গতিৰে আনলিমিটেড 5G ডাটা লাভ কৰিব।

গ্ৰাহকসকলে 1 Gbps+ পৰ্যন্ত গতিৰে আনলিমিটেড 5G ডাটা লাভ কৰিব।

  • Share this:
জিঅ' (Jio) ব্যৱহাৰকাৰীসকলৰ বাবে এটা ভাল খবৰ। দশেৰাৰ দিনাৰ পৰা অৰ্থাৎ কাইলৈৰ পৰা আৰম্ভ কৰা হ'ব ৰিলায়েন্স জিঅ’ৰ ট্ৰু-৫জি সেৱাৰ বিটা ট্ৰায়েল। এই সেৱা দেশৰ চাৰিখন চহৰ দিল্লী, মুম্বাই, কলকাতা আৰু বাৰাণসীত আৰম্ভ কৰা হ’ব। বৰ্তমান Jio ব্যৱহাৰকাৰীৰ মাজৰ পৰা নিৰ্বাচিত কেইজনমানক এই সেৱা ব্যৱহাৰ কৰিবলৈ আমন্ত্ৰণ জনোৱা হ’ব।

ইয়াৰ লগতে ব্যৱহাৰকাৰীয়ে ৱেলকাম-অফাৰো লাভ কৰিব, যাৰ অধীনত ব্যৱহাৰকাৰীয়ে ১জিবিপিএছ পৰ্যন্ত গতি আৰু সীমাহীন ৫জি ডাটা লাভ কৰিব। আমন্ত্ৰিত ব্যৱহাৰকাৰীসকলে Jio True 5G সেৱাৰ অভিজ্ঞতা লাভ কৰিব আৰু তেওঁলোকৰ অভিজ্ঞতাৰ ভিত্তিত কোম্পানীয়ে মুকলি কৰিব এক বিস্তৃত ৫জি সেৱা।

জিঅ' ট্ৰু ৫জি ৱেলকাম অফাৰ
(১) দিল্লী, মুম্বাই, কলকাতা আৰু বাৰাণসীত Jio ব্যৱহাৰকাৰীসকলৰ বাবে আমন্ত্ৰণ সূত্ৰে মুকলি কৰা হৈছে Jio True 5G Welcome Offer।

(২) এই গ্ৰাহকসকলে 1 Gbps+ পৰ্যন্ত গতিৰে আনলিমিটেড 5G ডাটা লাভ কৰিব।

(৩) চহৰসমূহ সাজু হোৱাৰ লগে লগে আন চহৰসমূহৰ বাবেও ঘোষণা কৰা হ’ব বিটা পৰীক্ষণ সেৱা।

(৪) চহৰখনৰ নেটৱৰ্ক কভাৰেজ যথেষ্ট শক্তিশালী নোহোৱালৈকে ব্যৱহাৰকাৰীসকলে এই বিটা পৰীক্ষাৰ সুবিধা ল’ব পাৰিব।

(৫) আমন্ত্ৰিত ‘জিঅ’ ৱেলকাম অফাৰ’ ব্যৱহাৰকাৰীসকলে তেওঁলোকৰ বৰ্তমানৰ জিঅ’ ছিম সলনি কৰিব নালাগিব। মাত্ৰ তেওঁৰ মোবাইল 5G হ'ব লাগে। স্বয়ংক্ৰিয়ভাৱে উন্নীত হ’ব Jio True 5G সেৱা।

(৬) জিঅ’ই সকলো হেণ্ডছেট ব্ৰেণ্ডৰ সৈতেও কাম কৰি আছে, যাতে গ্ৰাহকসকলে নিৰ্বাচন কৰিব পৰাকৈ বহল পৰিসৰৰ ৫জি ডিভাইচ লাভ কৰে।

এই প্ৰসংগত ৰিলায়েন্স জিঅ’ ইনফ’কমৰ অধ্যক্ষ আকাশ আম্বানিয়ে কয়– ''আমাৰ প্ৰধানমন্ত্ৰীৰ আহ্বানত জিঅ’ই ভাৰতৰ দৰে এখন বৃহৎ দেশৰ বাবে আটাইতকৈ দ্ৰুততম ৫জি ৰোল-আউটৰ পৰিকল্পনা প্ৰস্তুত কৰিছে। Jio 5G প্ৰকৃত 5G হ’ব। ভাৰতীয় লোকে ভাৰতীয়ৰ বাবে নিৰ্মাণ কৰা হ’ব জিঅ’ ৫জি বিশ্বৰ আটাইতকৈ উন্নত ৫জি নেটৱৰ্ক।''

তেওঁ কয়, ''৫জি এনে সেৱা হ’ব নোৱাৰে যিটো কেইজনমান বিশেষ সুবিধাপ্ৰাপ্ত লোকৰ বাবে বা কেৱল ডাঙৰ চহৰৰ বাবেহে উপলব্ধ। ই সমগ্ৰ ভাৰতৰ প্ৰতিজন নাগৰিক, প্ৰতিঘৰ আৰু প্ৰতিটো ব্যৱসায়িক প্ৰতিষ্ঠানৰ বাবে উপলব্ধ হ’ব লাগে। তেতিয়াহে আমি আমাৰ অৰ্থনীতিত উৎপাদনশীলতা, উপাৰ্জন আৰু জীৱন ধাৰণৰ মানৰ মৌলিক পৰিৱৰ্তন আনিব পাৰিম।''

Jio TRUE 5G ৰ ৩টা বৈশিষ্ট্য
ষ্টেণ্ড-এল’ন ৫জি: এইটো এটা ষ্টেণ্ড-এল’ন নেটৱৰ্ক। অৰ্থাৎ এই উন্নত 5G নেটৱৰ্কৰ লগত 4G নেটৱৰ্কৰ কোনো সম্পৰ্ক নাই। আনহাতে আন অপাৰেটৰসকলে ৪জি ভিত্তিক নেটৱৰ্ক আৰম্ভ কৰাৰ চেষ্টা কৰিছে। ইয়াৰ প্ৰত্যক্ষ সুবিধা লাভ কৰিব Jioৰ True 5Gয়ে। ইয়াত কম বিলম্ব, বৃহৎ মেচিন-টু-মেচিন যোগাযোগ, 5G ভইচ, এজ কম্পিউটিং আৰু নেটৱৰ্ক স্লাইচিঙৰ দৰে বৈশিষ্ট্য আছে।

স্পেকট্ৰামৰ আটাইতকৈ ডাঙৰ আৰু শ্ৰেষ্ঠ মিশ্ৰণ
৫জি স্পেকট্ৰাম বেণ্ডৰ আটাইতকৈ ডাঙৰ আৰু উপযুক্ত মিশ্ৰণ, ৭০০ মেগাহাৰ্টজ, ৩৫০০ মেগাহাৰ্টজ আৰু ২৬ গিগাহাৰ্টজে জিঅ’ ট্ৰু ৫জিক অন্য অপাৰেটৰৰ তুলনাত এক মাত্ৰা প্ৰদান কৰে। দ্বিতীয় আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, জিঅ’ হৈছে একমাত্ৰ অপাৰেটৰ যাৰ ৭০০ মেগাহাৰ্টজ লো-বেণ্ড স্পেকট্ৰাম আছে। ইয়াৰ ফলত ভাল ইনড’ৰ কভাৰেজ পোৱা যায়। ইউৰোপ, আমেৰিকা আৰু ব্ৰিটেইনত এই বেণ্ডটোক ৫জিৰ বাবে প্ৰিমিয়াম বেণ্ড বুলি গণ্য কৰা হয়।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি