• Home
  • »
  • News
  • »
  • technology
  • »
  • 5G Spectrum: ভাৰতত বিশ্বৰ আটাইতকৈ উন্নত 5G নেটৱৰ্ক আৰম্ভ কৰিবলৈ সাজু হৈছে Jio, সম্পূৰ্ণ হ’ল দেশৰ প্ৰথমটো ৫জি স্পেকট্ৰামৰ নিলাম

5G Spectrum: ভাৰতত বিশ্বৰ আটাইতকৈ উন্নত 5G নেটৱৰ্ক আৰম্ভ কৰিবলৈ সাজু হৈছে Jio, সম্পূৰ্ণ হ’ল দেশৰ প্ৰথমটো ৫জি স্পেকট্ৰামৰ নিলাম

বিডত প্ৰথমৰে পৰাই আগত থকা ৰিলায়েন্সে লাভ কৰিছে ৫জি স্পেকট্ৰাম।

বিডত প্ৰথমৰে পৰাই আগত থকা ৰিলায়েন্সে লাভ কৰিছে ৫জি স্পেকট্ৰাম।

বিডত প্ৰথমৰে পৰাই আগত থকা ৰিলায়েন্সে লাভ কৰিছে ৫জি স্পেকট্ৰাম।

  • Share this:
টেলিকম খণ্ডলৈ পুনৰ এক নতুনত্বৰে আলোড়ন তুলিবলৈ সাজু হৈছে ৰিলায়েন্স। ৫জি স্পেকট্ৰাম নিলামত আৰম্ভণিৰে পৰাই ৰিলায়েন্স আগবাঢ়ি আছিল আৰু আজি সোমবাৰে সম্পূৰ্ণ হ’ল দেশৰ প্ৰথমটো ৫জি স্পেকট্ৰামৰ নিলাম।

অনুমান কৰা হৈছে যে এই নিলামৰ পৰা কেন্দ্ৰই প্ৰায় ডেৰ লাখ কোটি টকা উপাৰ্জন কৰিছে বিডত প্ৰথমৰে পৰাই আগত থকা ৰিলায়েন্সে লাভ কৰিছে ৫জি স্পেকট্ৰাম।

এই স্পেকট্ৰমৰ জৰিয়তে এতিয়া জিঅ’ই বিশ্বৰ আটাইতকৈ উন্নত ৫জি নেটৱৰ্ক গঢ়ি তুলিবলৈ ওলাইছে (5G services across India), যিয়ে দেশৰ ব্ৰডবেণ্ড সংযোগ শক্তিশালী কৰিবলৈ সক্ষম হ’ব। Jioৰ 5G নেটৱৰ্কে ডিজিটেল সমস্যাৰ পৰৱৰ্তী প্ৰজন্মৰ সমাধান আনিব, যিয়ে দেশখনক US$ 5+ ট্ৰিলিয়ন মাৰ্কিন ডলাৰৰ অৰ্থনীতি কৰি তোলাত বহুখিনি সহায় কৰিব।

উল্লেখ্য, প্ৰায় ৬ বছৰ পূৰ্বে মুকেশ আম্বানিৰ কোম্পানী ৰিলায়েন্সে দেশলৈ জিঅ’ ৪জি নেটৱৰ্ক আনি ইটোৰ পিছত সিটো অভিলেখ সৃষ্টি কৰিছিল। জিঅ’ৰ ৪জি নেটৱৰ্কে প্ৰতি মুহূৰ্ততে ৪০ কোটিতকৈ অধিক গ্ৰাহকক উচ্চমানৰ ডিজিটেল সেৱা প্ৰদান কৰি আহিছে। এতিয়া ৫জিৰ জৰিয়তে জিঅ’ই গ্ৰাহকক উন্নত মানদণ্ডৰ সেৱা আগবঢ়াবলৈ গৈ আছে।

Jioৰ 5G সমাধানসমূহ ভাৰতত নিৰ্মিত আৰু প্ৰতিজন নাগৰিকৰ প্ৰয়োজন অনুসৰি তৈয়াৰ কৰা হৈছে। বৰ্তমান Jio 5G ৰোলআউটৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছে।

ৰিলায়েন্স জিঅ’ ইনফ’কমৰ অধ্যক্ষ আকাশ এম আম্বানিয়ে (Akash M Ambani) কয়- ‘আমি সদায় বিশ্বাস কৰি আহিছোঁ যে ভাৰত বিশ্বৰ এখন আগশাৰীৰ অৰ্থনৈতিক শক্তি হ’ব।  এইটোৱেই আছিল দৃষ্টিভংগী আৰু প্ৰত্যয়, যিয়ে জিঅ’ৰ জন্ম দিলে। জিঅ’ৰ ৪জি ৰোলআউটৰ গতি, স্কেল আৰু সমাজত প্ৰভাৱ  অতুলনীয় আছিল। এতিয়া বৃহত্তৰ উচ্চাকাংক্ষা আৰু শক্তিশালী সংকল্পৰে জিঅ’ ভাৰতৰ ৫জি যুগলৈ যাত্ৰাৰ নেতৃত্ব দিবলৈ সাজু হৈছে।''
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি