ISROৰ এগৰাকী বিজ্ঞানীৰ মতে, ভৰি নাই Vyommitraৰ। কাষলৈ আৰু সন্মুখ ভাগলৈ ঘূৰিব পাৰিব ৰবটটোৱে। বহু পৰীক্ষা–নিৰীক্ষাৰ অন্তত বিজ্ঞানীসকলে সাজু কৰি তুলিছে এই উন্নত প্ৰযুক্তিৰ মানৱ ৰবট। সেইদৰে ISROৰ Command Centreৰ সৈতেও সদায় সংযুক্ত হৈ থাকিব ‘Vyommitra’। এই কথা প্ৰকাশ কৰিছে ISROৰ বিজ্ঞানী ছাম দয়ালে। চলিত বছৰৰ শেষৰ ফালে এই মানৱ ৰবটতো মহাকাশলৈ প্ৰেৰণ কৰিব ISROএ। ISRO ৰ চেয়াৰমেন ড০ কে শিৱানে ঘোষণা কৰে যে, মহাকাশলৈ পঠিয়াবলৈ দুটা ‘unmanned missions’ সাজু কৰা হৈছে। উল্লেখযোগ্য যে, ২০২১ চনত ISROই মহাকাশলৈ প্ৰথমবাৰলৈ পঠিয়াব মানুহ। কিন্তু তাৰ আগতে পৰীক্ষামূলক ভাবে ‘Vyommitra’ক এতিয়া মহাকাশলৈ পঠিয়াবলৈ সাজু হৈছে ISRO।
'VyomMitra,' the 'space robot' is the prototype of a half-humanoid being made for #Gaganyaan mission. A humanoid can monitor biological parameters & perform life support operations. It can also converse with the astronauts, recognise them & can also respond to their queries. pic.twitter.com/Vvvzd6LBEq