ISROই সফলতাৰে উত্ক্ষেপণ কৰিলে RISAT-2B উপগ্ৰহ। অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ পৰা উত্ক্ষেপণ কৰে উপগ্ৰহটো। এই উপগ্ৰহৰ জৰিয়তে শত্ৰুৰ ওপৰত নজৰ ৰখাৰ লগতে দুৰ্যোগৰ সময়ত সঠিক তথ্য সমগ্ৰহ কৰাত সহায়ক হ’ব। ঘন ডাৱৰ আৰু মূষলধাৰ বৰষুণতো শত্ৰুপক্ষৰ ওপৰত ৰাখিব চোকা দৃষ্টি।
ISROৰ মতে, ডাৱৰ থকাৰ সময়ত ৰেগুলাৰ ৰিম’ট চেঞ্জিং বা অপ্টিকেল ইমেজিং উপগ্ৰহই পৃথিৱীৰ ক্ষুদ্ৰ গতিবিধিসমূহ সঠিকভাৱে দেখুৱাব নোৱাৰে। কিন্তু RISAT-2Bত থকা চিন্থেটিক আপাৰ্চাৰ ৰাডাৰে এই অভাৱ দূৰ কৰিব। যিকোনো বতৰত অৰ্থাত মূষলধাৰ বৰষুণ, ঘন ডাৱৰ তথা নিশাৰ আন্ধাৰতো সঠিক ছবি প্ৰেৰণ কৰিব। দুৰ্যোগৰ সময়ত উদ্ধাৰ কাৰ্য আৰু নিৰাপত্তাৰক্ষীক শত্ৰুৰ ঠিকনাৰ সঠিক তথ্য পোৱাত সহায়ক হ’ব।
প্ৰায় ৭ বছৰৰ পিছত ভাৰতীয় ৰাডাৰ ইমেজিং উপগ্ৰহৰ ছিৰিজত উৎক্ষেপন কৰা হৈছে RISAT-2B। অনাগত সময়ত প্ৰায় ৬টা আন উপগ্ৰহ মহাকাশলৈ প্ৰক্ষেপণ কৰিব ইছৰ’ৱে। ইয়াৰ ভিতৰত RISAT-2BR1, RISAT-2BR2, RISAT-1A, RISAT-1B, RISAT-2A উল্লেখযোগ্য। ইয়াৰ ভিতৰত অধিক সংখ্যক উপগ্ৰহ শত্ৰু দেশৰ গতিবিধিৰ ওপৰত নজৰ ৰাখিব পাৰিব আৰু ছবিৰ জৰিয়তে সেনাক সঠিক তথ্য যোগান ধৰাত সহায়ক হ’ব।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : May 22, 2019, 08:38 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।